অসমৰ বান পৰিদৰ্শনৰ বাবে কিয় ২০ দিন লাগিল কেন্দ্ৰীয় মন্ত্ৰীক? লুৰীণজ্যোতিৰ প্ৰশ্ন
ডিব্ৰুগড়ত এক সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
Published : August 5, 2026 at 7:51 PM IST
ডিব্ৰুগড়: উজনিৰ বানত আপোন ঘৰখন, কষ্টৰে গোটোৱা সম্পত্তি হেৰুৱাই শ শ বানাক্ৰান্ত দিশহাৰা হৈ পৰিছে । পানী কমিলেও বহু বানাক্ৰান্তই আশ্ৰয় শিবিৰতেই দিন পাৰ কৰিব লগা হৈছে । অসমৰ এই ভয়ংকৰ বান পৰিস্থিতিক লৈ উদাসীন ভূমিকা গ্ৰহণ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ উঠিছে। বানে ধুই যোৱাৰ প্ৰায় ২০ দিন পাছত বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই উজনিৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷
তাৰ পাছতেই ডিব্ৰুগড়ত এক সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ লগতে কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰীসকলে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত পলমকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰে ৷
সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত বানে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে । চৰকাৰী তথ্য অনুসৰি ৮৯ গৰাকী লোকৰ মৃত্যু হৈছে যদিও ইয়াত মৃত্যু হোৱাৰ সংখ্যা আৰু অধিক হ'ব । আমি অসমৰ ৰাইজে বিচাৰিছিলোঁ প্ৰধানমন্ত্ৰী আহিব, সাহায্য প্ৰদান কৰি বিশেষ পেকেজ ঘোষণা কৰিব । কিন্তু অসমৰ ৰাইজৰ প্ৰতিবাদৰ পাছত ২০ দিনৰ পাছত জে পি নাড্ডা আহিল ।’’
‘‘কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতিক সমূলি গুৰুত্ব দিয়া নাই । উজনি অসম নিঃশেষ হৈ যোৱাৰ পাছতো এই ভয়াৱহ পৰিস্থিতিৰ বুজ ল’বলৈ কেন্দ্ৰীয় মন্ত্ৰীক কিয় ২০ দিন সময় লাগিল ? পাকিস্তানত বান আহিলে লগে লগে টুইট কৰা দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ বান পৰিস্থিতিক লৈ এটা টুইট কৰিবলৈ এসপ্তাহ সময় ল’লে ।’’ গগৈয়ে আপত্তি দৰ্শায় ৷
তেওঁ লগতে কয়, ‘‘বিহু বা ঝুমুৰ নৃত্য চাবলৈ অসমলৈ অহা প্ৰধানমন্ত্ৰীয়ে সংকটৰ সময়ত অসমবাসীৰ কাষত থিয় নিদিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক । কিমান মানুহৰ মৃত্যু হ’লে প্ৰধানমন্ত্ৰী অসমলৈ আহিব ?’’
গগৈয়ে পুনৰ কয়, ‘‘বিজেপিয়ে সংকল্প পত্ৰত প্ৰকাশ কৰিছিল অসমক বান মুক্ত কৰাৰ কথা । পুখুৰী খান্দি অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু অসম চৰকাৰে প্ৰস্তাৱ দিয়া SDRFৰ ধন সঠিকভাৱে মুকলাই দিয়া নাই । ওড়িশা আৰু গুজৰাটত পানী নোহোৱাকৈ কেন্দ্ৰই ৫০০ কোটি টকা দিয়াৰ বিপৰীতে বানত ছাৰখাৰ হোৱা উজনি অসমৰ বাবে কেৱল ৩০০ কোটি টকা আৱণ্টন দিয়ে ।’’
অজাপৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে যে এই বান কেৱল অতিবৃষ্টিৰ ফল নহয়; অবৈধ কয়লা খনন, শিল-বালি আৰু মাটি খনন, ব্যাপক বনাঞ্চল ধ্বংস আৰু পাহাৰৰ পৰিৱেশগত ভাৰসাম্য নষ্ট হোৱাৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে । দিখৌ নদীৰ উৎপত্তি স্থলৰ পূৰ্বৰ আৰু বৰ্তমানৰ ছবি দেখুৱাই তেওঁ কয় যে অনিয়ন্ত্ৰিত প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ ফলত নদীখনৰ স্বাভাৱিক ৰূপ সম্পূৰ্ণৰূপে সলনি হৈছে ।
মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যৰো তীব্ৰ সমালোচনা কৰি লুৰিণজ্যোতি গগৈয়ে কয়, ‘‘নেপালী খুঁটি অঞ্চলৰ লোকসকলক কয়লা ব্যৱসায়ৰ সৈতে জড়িত বুলি কৰা মন্তব্যই দুৰ্যোগত সৰ্বস্ব হেৰুওৱা পৰিয়ালসমূহক অপমান কৰিছে । অঞ্চলটোৰ অধিকাংশ লোক দুগ্ধ উৎপাদন আৰু কৃষিকৰ্মৰ সৈতে জড়িত ৷ প্ৰকৃত দোষীক আঁতৰাই ৰাখি আনৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা কৰা হৈছে ।’’
ক্ষতিপূৰণৰ বিষয়তো তেওঁ গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে । বৰ্তমান ব্যৱহৃত দুৰ্যোগ সাহায্যৰ মেনুৱেল ২০১৫ চন বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘বিগত এক দশকত ইটা, বালি, শিল, লোহাৰ, গেছ চিলিণ্ডাৰ, চাউল আদি সামগ্ৰীৰ মূল্য বহুগুণ বৃদ্ধি পাইছে যদিও সাহায্যৰ নিৰিখ আজিও পুৰণি হিচাপতেই আছে । বৰ্তমান মৃত্যুৰ ক্ষেত্ৰত ৪ লাখ টকা, কাপোৰ-কানি আৰু ঘৰুৱা সামগ্ৰীৰ ক্ষতিৰ বাবে ২,৫০০ টকা, গৃহ মেৰামতি বা অস্থায়ী আশ্ৰয়ৰ বাবে সৰ্বাধিক ১.২০ লাখ টকাসহ বিভিন্ন সাহায্যৰ পৰিমাণ বৰ্তমানৰ বজাৰৰ দৰৰ সৈতে সামঞ্জস্যহীন ।’’
লুৰীণজ্যোতি গগৈয়ে অতি সোনকালে কেবিনেট বৈঠক আহ্বান কৰি দুৰ্যোগ সাহায্যৰ মেনুৱেল সংশোধন কৰি বৰ্তমানৰ বজাৰৰ দৰ অনুসৰি নতুন ক্ষতিপূৰণ নীতি প্ৰণয়ন কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায় । লগতে শেহতীয়া বানৰ প্ৰকৃত কাৰণ সম্পৰ্কে স্বচ্ছ আৰু বৈজ্ঞানিক তদন্ত চলাই জনসাধাৰণৰ আগত সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিবলৈও তেওঁ চৰকাৰক আহ্বান জনায় ।
লগতে পঢ়ক:অসমৰ ঐতিহ্য বহনকাৰী চাহ উদ্যোগলৈ এই বানে আনিছে ভয়ংকৰ বিপদ: আটছাৰ সভাপতি