অসম

assam

ETV Bharat / state

নেপালত সন্ধানহীন অসমৰ ১২জন: তালিকা দিলে মুখ্যমন্ত্ৰীয়ে

নেপালৰ বানত এইপৰ্যন্ত ৫৭৯জনৰ মৃত্যু হোৱাৰ লগতে ১৯২৪জন নিৰুদ্দেশ হৈ আছে । এই বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে ৷

NEPAL FLASH FLOOD
নেপালত সন্ধানহীন অসমৰ ১২জন লোকৰ তথ্য সামাজিক মাধ্যমত প্ৰকাশ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 29, 2026 at 9:32 AM IST

হায়দৰাবাদ :নেপালৰ বানত অসমৰ কাৰ্বি আংলং জিলাৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰীসহ ১২জন লোক সন্ধানহীন হৈ আছে ৷ তেওঁলোকৰ সৈতে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰৰ মাজনিশা সামাজিক মাধ্যম এক্সত এই তথ্য সদৰী কৰে ৷

সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এতিয়ালৈকে আমি অসমৰ পৰা নেপালত নিৰুদ্দেশ হোৱা ১২ জন লোকৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো ৷ তেওঁলোকৰ সৈতে যোগাযোগ কৰি নিৰাপদে উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে ৷"

মুখ্যমন্ত্ৰী শৰ্মাই নেপালত সন্ধানহীন অসমৰ লোককেইজনৰ সবিশেষ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ৷ তেওঁলোক হৈছে ক্ৰমে:

ক্ৰমিক নম্বৰ নাম ঠিকনা
ঋতুপৰ্ণ ব্ৰহ্ম গাঁও: দৈদাক, ডাকঘৰ: লাংহিন; আৰক্ষী থানা-ডকমকা, জিলা: কাৰ্বি আংলং, মোবাইল নম্বৰ: ৯৭১৬১৬২৭১৭, ৭০০২১৮৪৫৮৬
মন্ত্ৰী বসুমতাৰী গাঁও: দৈদাক, ডাকঘৰ: লাংহিন, আৰক্ষী থানা: ডকমকা, জিলা: কাৰ্বি আংলং, মোবাইল নম্বৰ ৯৭১৬১৬২৭১৭
সোণেশ্বৰ নাৰ্জাৰী গাঁও: দৈদাক, ডাকঘৰ: লাংহিন, আৰক্ষী থানা-ডকমকা, জিলা: কাৰ্বি আংলং, মোবাইল নম্বৰ: ৮৪৭১৮১৪৩৭৪
ৰাহুল দৈমাৰী গাঁও: জয়পুখুৰী, আৰক্ষী থানা: মেৰাপানী, জিলা: গোলাঘাট
শতদল নাথ আৰক্ষী থানা: ডবকা, জিলা: হোজাই
পংকজ নৌগ ৰুক্মিণী গাওঁ, গুৱাহাটী, জিলা: কামৰূপ মেট্ৰ' (অসম), ফোন: ০৭৯৭০৫০০২৭০ ই-মেইল: pankaj:naug@gmail:com
পংকজ বৰ্মন গাঁও: আৰাৰা, আৰক্ষী থানা: আৰাৰা, নলবাৰী
অৰুণ মহন্ত গাঁও: আৰাৰা, আৰক্ষী থানা: আৰাৰা, নলবাৰী
সমৰ বেজবৰুৱা গাঁও: আৰাৰা, আৰক্ষী থানা: আৰাৰা, নলবাৰী
১০ ডাঃ দীপালী সৰকাৰ লংকেশ্বৰ, গুৱাহাটী, জিলা: কামৰূপ মহানগৰ, ফোন ​​নম্বৰ: ৯৪৩৫০৪৯৪৩৪
১১ মানস কুমাৰ ঘোষ লংকেশ্বৰ, গুৱাহাটী, জিলা: কামৰূপ মহানগৰ, ফোন ​​নম্বৰ: ৯৪৩৫০৪৯৪৩৪
১২ ডাঃ তীৰ্থ চলিহা নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, দক্ষিণ গাঁও, ঘগ্ৰাপাৰ, জিলা: নলবাৰী

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত নেপালত আবদ্ধ হৈ থকা ৰাজ্যৰ প্ৰতিজন লোককে নিজ ভূমিলৈ ঘূৰাই অনা হ’ব বুলি ঘোষণা কৰিছিল ৷ আবদ্ধ লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে বুলি পোষ্টটোত তেওঁ উল্লেখ কৰিছিল ৷

লগতে পঢ়ক :নেপালৰ বান : আজিও সন্ধান নাই লাংহিঙৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰীৰ