নেপালৰ বান : মন্ত্ৰী-ঋতুপৰ্ণৰ সন্ধান এতিয়াও ওলোৱা নাই
নেপালৰ বানে এফালৰ পৰা সকলো শেষ কৰি লৈ গ’ল ৷ কৰ্মসংস্থাপন বিচাৰি নেপাললৈ যোৱা অসমৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰীৰ আজিও সন্ধান নাই, সুকলমে আছে সোমেশ্বৰ নাৰ্জাৰী ৷

By PTI
Published : August 28, 2026 at 8:34 PM IST
|Updated : August 29, 2026 at 10:24 AM IST
ডিফু : ২৬ অক্টোবৰ; নেপালৰ বাবে এটা ক’লা দিন ৷ মুহূৰ্ততে সকলো শেষ হৈ গ’ল ৷ এই বানৰ ফলত এতিয়াও বহু দেশী-বিদেশী পৰ্যটক সন্ধানহীন হৈ আছে ৷ সংবাদ সংস্থা PTI-এ উল্লেখ কৰা মতে, নেপালত সংঘটিত হোৱা বিধ্বংসী বানৰ ফলত অসমৰ কাৰ্বি আংলং জিলাৰ দুজন লোক নিৰুদ্দেশ হৈ আছে ৷ শুকুৰবাৰে বিভাগীয় বিষয়াসকলে সংবাদ সংস্থা PTI-ৰ আগত এই কথা প্ৰকাশ কৰে ।
অসমৰ তিনিজন যুৱকে কৰ্মসংস্থাপনৰ সন্ধানত চুবুৰীয়া দেশখনলৈ গৈছিল । কিন্তু হঠাতে হোৱা এই দুৰ্যোগৰ পাছৰে পৰা দুজন যুৱক নিৰুদ্দেশ হৈ আছে ৷ অৱশ্যে তৃতীয়জন যুৱক নিৰাপদে আছে বুলি জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে ।

ত্ৰিশুলি নদীৰ সমীপৰ এটা স্থানত অসমৰ এই তিনিজন যুৱক কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, নিৰুদ্দেশ হৈ থকা লোক দুজনৰ নাম ক্ৰমে ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী ৷ আনহাতে নিৰাপদে থকা লোকজনৰ নাম সোমেশ্বৰ নাৰ্জাৰী । এই তিনিওজন লোকেই কাৰ্বি আংলং জিলাৰ লাংহিন অঞ্চলৰ বাসিন্দা ।
ইফালে নেপালৰ সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ পাছতেই মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে যে নেপালত আবদ্ধ হৈ থকা ৰাজ্যৰ প্ৰতিজন লোককে নিজ ভূমিলৈ ঘূৰাই অনা হ’ব ৷ সকলোকে সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে ৷
We are aware of people from Assam stranded in Nepal amid the ongoing floods.
— Himanta Biswa Sarma (@himantabiswa) August 27, 2026
We are in touch with their families and coordinating with relevant agencies to ensure their safety and earliest possible return home. pic.twitter.com/oc0pZSnWn3
ইতিমধ্যে ৰাজ্য চৰকাৰে নতুন দিল্লীৰ অসম হাউচত বান সম্পৰ্কীয় জৰুৰীকালীন এখন হেল্প ডেস্ক স্থাপন কৰিছে । জৰুৰীকালীন সাহায্যৰ বাবে হেল্পলাইন নম্বৰ ০১১-২৩০১০২৯৯/৯৮ আৰু সহায়ৰ বাবে ২৮৮৭৭১১১, ৯১০১০৮৯১৫১ (অনুৰণ মেধি) আৰু ৮৯২০৫৭০৫৭ (বিনোদ কলিতা)ও উপলব্ধ হৈ আছে ৷
শুকুৰবাৰে বিয়লি ভাগলৈ (বাতৰি লিখা পৰলৈকে) লাভ কৰা তথ্য মতে, এই বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৪৭ লৈ বৃদ্ধি পাইছে ৷ বিভাগীয় বিষয়াসকলে উল্লেখ কৰা মতে, যিমানে সময় বাগৰিছে, সিমানেই আৰু অধিক মৃতদেহ উদ্ধাৰ হোৱা সম্ভাৱনা আছে ।
বিভাগীয় তথ্য মতে, বৰ্তমানলৈকে বিভিন্ন ক্ষতিগ্ৰস্ত অঞ্চলত আহত হোৱা লোকৰ সংখ্যা ১৫৪৫ জন, ইয়াৰে ৮৪ জন কাঠমাণ্ডুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

নেপাল আৰক্ষীৰ এক বিবৃতিত উল্লেখ কৰা মতে, এই শোকাৱহ ঘটনাৰ তৃতীয় দিনটোলৈকে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে ৷ ২,৩৯১ গৰাকী নেপাল সেনা জোৱানকে ধৰি ৭,৪৫১ জন নিৰাপত্তাৰক্ষীক সংগঠিত কৰি এই উদ্ধাৰ অভিযান চলাই থকা হৈছে ।

