অসম

assam

ETV Bharat / sports

পঞ্চম ঝাগৰু গৌৰ স্মাৰক ফুটবল প্ৰতিযোগিতা সমাপ্ত, বেহালি টি-ই চেম্পিয়নৰ খিতাপ দখল

২০২৬ বৰ্ষৰ পঞ্চম ঝাগৰু গৌৰ স্মাৰক ফুটবল প্ৰতিযোগিতা চেম্পিয়নৰ খিতাপ অৰ্জন বেহালি টি-ই ।

TEZPUR NEWS
পঞ্চম ঝাগৰু গৌৰ স্মাৰক ফুটবল প্ৰতিযোগিতা সমাপ্ত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 16, 2026 at 7:32 PM IST

তেজপুৰ/ বিশ্বনাথ : ফুটবলৰ উন্মাদনা, আদিবাসী সংস্কৃতি আৰু ঐক্যৰ বৰ্ণাঢ্য পৰিৱেশৰ মাজেৰে অসমৰ ঐতিহাসিক মোনাবাৰী চাহ বাগিচাত দেওবাৰে পঞ্চম ঝাগৰু গৌৰ স্মাৰক ফুটবল প্ৰতিযোগিতা সফলভাৱে সমাপ্ত হয় । তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ ফাইনেল মেচখনত 'মহালক্ষ্মী টি-ই'ক পৰাস্ত কৰি বেহালি টি-ইয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ।

এই প্ৰতিযোগিতাখন ভাৰতীয় সেনাৰ তেজপুৰ গজৰাজ ক’ৰ্পছৰ অধীনস্থ ব্লেজিং ছৱৰ্ড ডিভিজনৰ উদ্যোগত আৰু আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্ব'নৰ সহযোগত অনুষ্ঠিত হৈছিল ৷

পঞ্চম ঝাগৰু গৌৰ স্মাৰক ফুটবল প্ৰতিযোগিতা সমাপ্ত (ETV Bharat Assam)

উল্লেখ্য যে, অৰংগাজুলি চাহ বাগিচা, ওদালগুৰিৰ কিংবদন্তি আদিবাসী স্বাধীনতা সংগ্ৰামী ঝাগৰু গৌৰৰ স্মৃতিত অনুষ্ঠিত প্ৰতিযোগিতাখনে ক্ৰমাৎ আদিবাসী যুৱ সমাজৰ বাবে গৌৰৱ, প্ৰেৰণা আৰু ঐক্যৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে । এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১৬টা দলে অংশগ্ৰহণ কৰিছিল ৷

পঞ্চম ঝাগৰু গৌৰ স্মাৰক ফুটবল প্ৰতিযোগিতা সমাপ্ত (ETV Bharat Assam)

চাহ বাগিচাৰ বিভিন্ন খেলপথাৰত অনুষ্ঠিত ১৫খন ৰোমাঞ্চকৰ মেচৰ পাছত ফাইনেলত বেহালি টি-ই আৰু মহালক্ষ্মী টি-ইৰ মাজত চূড়ান্ত মেচখন অনুষ্ঠিত হৈছিল । দেওবাৰে মোনাবাৰী চাহ বাগিচাত অনুষ্ঠিত উত্তেজনাপূৰ্ণ ফাইনেলখনত ৬ হাজাৰৰো অধিক দৰ্শকে উপস্থিত থাকি খেল উপভোগ কৰে ।

পঞ্চম ঝাগৰু গৌৰ স্মাৰক ফুটবল প্ৰতিযোগিতা সমাপ্ত (ETV Bharat Assam)

ফাইনেল অনুষ্ঠানত ৭১ ইনফেণ্ট্ৰী ডিভিজনৰ মেজৰ জেনেৰেল নৱতেজ সিং ছোহল, এছএম মুখ্য অতিথি হিচাপে উপস্থিত আছিল । প্ৰতিযোগিতাৰ বিজয়ী আৰু অংশগ্ৰহণকাৰীসকলক ট্ৰফী, পদক, প্ৰমাণপত্ৰ আৰু পুৰস্কাৰৰ ধনেৰে সন্মানিত কৰা হয় । চাহ বাগিচাৰ পটভূমিৰ বহু খেলুৱৈৰ বাবে এই স্বীকৃতি আছিল এক বিশেষ প্ৰেৰণা ।

উল্লেখযোগ্য যে, ২০২২ চনত ঢেকীয়াজুলিৰ গোৰপাৰা খেলপথাৰত সৰু পৰিসৰত আৰম্ভ হোৱা ঝাগৰু গৌৰ স্মাৰক ফুটবল প্ৰতিযোগিতাখনে বিগত কেইবছৰত এক ব্যাপক সামাজিক আন্দোলনৰ ৰূপ লৈছে । খেল আৰু সংস্কৃতিৰ জৰিয়তে সমাজক একত্ৰিত কৰাৰ লগতে স্বাধীনতা সংগ্ৰামী ঝাগৰু গৌৰৰ স্মৃতিক জীয়াই ৰখাত এই প্ৰতিযোগিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

আয়োজকসকলৰ মতে, এই প্ৰতিযোগিতা কেৱল ফুটবল প্ৰতিযোগিতা নহয়, ই আদিবাসী সমাজৰ পৰিচয়, ঐতিহ্য, সংস্কৃতি আৰু যুৱ প্ৰজন্মৰ সৱলীকৰণৰ এক উৎসৱ ।

লগতে পঢ়ক:বানবিধস্ত উজনিৰ চাৰি জিলাত কৃষিবিভাগে বিতৰণ কৰিব নাৰিকল, তামোলৰ পুলি : কৃষিমন্ত্ৰী পীযুষ