বানবিধ্বস্ত উজনিৰ চাৰি জিলাত কৃষি বিভাগে বিতৰণ কৰিব নাৰিকল, তামোলৰ পুলি : কৃষিমন্ত্ৰী পীযুষ
আগন্তুক বৰ্ষৰ বাবে বৃহৎ পৰিকল্পনা কৃষি বিভাগৰ ৷ মাখানা খেতি ওপৰতো গুৰুত্ব দিব চৰকাৰে ৷ এই কথা ঘোষণা মন্ত্ৰী পীযুষ হাজৰীকাৰ

Published : August 16, 2026 at 6:37 PM IST
|Updated : August 17, 2026 at 9:41 AM IST
যোৰহাট : শেহতীয়া বিধ্বংসী বানত ক্ষতি হোৱা চাৰি জিলাৰ কৃষকক লৈ কৃষি বিভাগে ডাঙৰ পৰিকল্পনা কৰিছে ৷ ধানৰ সমান্তৰালকৈ ৰাজ্যৰ চাৰি জিলাত ফল-মূলৰ উৎপানত বিশেষ গুৰুত্ব প্ৰদানৰ কথা কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই ঘোষণা কৰিছে ৷ দেওবাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই এই কথা উল্লেখ কৰে ৷
অসমৰ কৃষিখণ্ডত পৰিৱৰ্তৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "অসমৰ ৭০শতাংশ লোক কৃষি ওপৰত নিৰ্ভৰশীল । কৃষিখণ্ডক যদি আগুৱাই লৈ যাৱ নোৱাৰো, কৃষক যদি সহায় কৰিব নোৱাৰো তেতিয়া দেশ-ৰাজ্যৰ উন্নয়ন কৰিব নোৱাৰিম ৷ ভাৰত তথা অসম কৃষিপ্ৰধান দেশ বা ৰাজ্য ৷ অসমৰ কৃষিখণ্ডক আগুৱাই লৈ যাবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ দায়িত্ব অপৰিসীম ।"
তেওঁ লগতে কয়, "অসম কৃষি বিশ্ববিদ্যালয়ে আমক বিশেষ কেইটামান খেতি বাচি দিব লাগিব, বিশেষকৈ ফল-মূল খেতি । যিকেইটা খেতি কৰিলে উৎপাদন বেছি হয় আৰু কৃষকৰ লাভ হয় । এই বছৰত ৫০খন কলেজত কৃষি ওপৰত কৰ্মশালা অনুষ্ঠিত কৰিম ৷ ইয়াৰ দায়িত্বত থাকিব অসম কৃষি বিশ্ববিদ্যালয় । আমি লৰা-ছোৱালীক খেতি বিষয়বোৰ শিকাব লাগিব ৷ আমি যদি খেতি নকৰো আমি দেশখন আগুৱাই লৈ যাৱ নোৱাৰো ।"
মন্ত্ৰীগৰাকীয়ে কয়, "অসমে বেছিকৈ বেছি বস্তু বহিঃৰাজ্য পৰা আনিব লাগে । আমি নিজেই খোৱা খেতিয়ো নিজেই কৰি লোৱা নাই । আমি ছাত্র-ছাত্ৰীক শিকাব লাগিব খেতিও এটা ভাল কেৰিয়াৰ । খেতি কৰি আমি যে লাখ টকা উপাজন কৰিব পাৰো, সেয়া অসমীয়াই পাহৰিছে ।"
বানবিধস্ত অঞ্চলৰ কৃষি আৰু কৃষক লৈ এক ডাঙৰ পৰিকল্পনা লৈছো বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "অহা ডেৰ মাহৰ ভিতৰ বান বিধস্ত উজনিৰ চাৰিখন জিলাত নাৰিকল আৰু তামোলৰ পুলি বিতৰণ কৰিম । অন্যান্য ফল-মূলৰ পুলিও বিতৰণ কৰিম । লগতে উন্নত জাতৰ ৰবি শস্য বিতৰণ কৰা হ'ব । মাখানা খেতি ওপৰতো আমি অধিক গুৰুত্ব দিম,কাৰণ অসমৰ জলবায়ু মাখানা খেতিৰ বাবে উপযোগী ।"
লগতে পঢ়ক: ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে শিক্ষাৰ্থীৰ লাগিব বেংক একাউণ্ট

