অসম

assam

ETV Bharat / sports

সূৰ্যৰ পৰাক্ৰমত ছেদেলি-ভেদেলি কিৱি বাহিনী, দহ অভাৰতেই সকলো শেষ

তৃতীয়খন টি-২০ মেচত নিউজীলেণ্ডক ৮ উইকেটত পৰাস্ত ভাৰতৰ ৷ সমান্তৰালকৈ ৩-০ ত দখল শৃংখলা ৷

ind vs nz 3rd t20i
ভাৰত বনাম নিউজীলেণ্ডৰ তৃতীয় টি-২০ মেচ (IANS)

By ETV Bharat Assamese Team

Published : January 25, 2026 at 7:28 PM IST

Updated : January 25, 2026 at 11:40 PM IST

হায়দৰাবাদ:গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-নিউজীলেণ্ডৰ মাজৰ তৃতীয়খন টি-২০ ত ভাৰতৰ জয়লাভ ৷ এইখন মেচৰ বাবে ভাৰতে মূল একাদশত দুগৰাকী খেলুৱৈৰ সালসলনি কৰিছিল ৷ বিপৰীতে নিউজীলেণ্ডে এগৰাকী খেলুৱৈৰ সালসলনি কৰা দেখা গৈছিল ৷

মেচখনত নিউজীলেণ্ডৰ বিৰুদ্ধে আধিপত্য অব্যাহত ৰাখি জয়লাভ কৰে ভাৰতে । বিশেষকৈ অভিষেক শৰ্মা আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক ইনিংছৰ বাবেই ভাৰতে তৃতীয়খন টি-২০ ত মাত্ৰ ১০ অভাৰতে নিউজীলেণ্ডে বান্ধি দিয়া ১৫৪ ৰাণৰ লক্ষ্যত উপনীত হয় ।

অভিষেক ২০ টা বলত অপৰাজিত ৬৮ ৰাণ সংগ্ৰহ কৰে, য’ত আছিল ৭ টা চাৰি আৰু ৫ টা ছয় ৷ আনহাতে অধিনায়ক সূৰ্যই ২৬ টা বলত ৬ টা চাৰি আৰু ৩ টা ছয়ৰে অপৰাজিত ৫৭ ৰাণ সংগ্ৰহ কৰে ৷

ইয়াৰ বাহিৰেও ঈশানে ১৩ টা বলত সংগ্ৰহ কৰে ২৮ ৰাণ । দৰ্শনীয়ভাৱে ভাৰতে ইনিংছৰ প্ৰথমটো বলতে হেৰুৱাই সঞ্জু চেমছনৰ উইকেট ।

চমৎকাৰ বলিং প্ৰদৰ্শনৰ বাবেই ভাৰতে প্ৰতিপক্ষক ৯ উইকেটৰ বিনিময়ত ১৫৫ ৰাণত সীমাবদ্ধ কৰি ৰাখিবলৈ সক্ষম হয় । এই খেলখনত যশপ্ৰীত বুমৰাহ আৰু ৰবি বিষ্ণৈয়ে ভাৰতীয় দলৰ উৎকৃষ্ট বলাৰ হিচাপে নিজকে পুনৰবাৰ প্ৰমাণিত কৰে ৷

ভাৰতে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ গ্লেন ফিলিপছ আৰু মাৰ্ক চেপমেনৰ বাহিৰে বাকীসকল বেটছমেনৰ বাবে ভাৰতীয় বলাৰসকল অত্যন্ত প্ৰত্যাহ্বানমূলক বুলি প্ৰমাণিত হয় ৷ ফিলিপছ-চেপমেনে চতুৰ্থ উইকেটৰ যুটিত ৪১ টা বলত ৫২ ৰাণ সংগ্ৰহ কৰে ।

বিষ্ণৈই আৰু বুমৰাহক ভাৰতীয় দলত স্থান দিয়াৰ লগে লগে দলটোৰ বলিং আক্ৰমণ অধিক শক্তিশালী হৈ উঠে আৰু দুয়োগৰাকী তাৰকা বলাৰে সুন্দৰ বলিং প্ৰদৰ্শন দাঙি ধৰে ৷ ফিলিপছৰ নিৰ্ণায়ক ইনিংছে অৱশেষত দলটোক ১৫০ ৰাণৰ সীমা পাৰ কৰোৱাত সহায় কৰে ৷ ফলত নিউজীলেণ্ডে ৯ উইকেটৰ বিনিময়ত ১৫৩ ৰাণত ইনিংছ সামৰে ৷

অধিনায়কে কি কয় ?

সূৰ্যকুমাৰ যাদৱ: আমি প্ৰথমে বলিং কৰিবলৈ বিচাৰিছো । উইকেট ভাল দেখা গৈছে । নিৰ্ভীক হওক, নিজৰ সিদ্ধান্ত নিজে লওক, মজা কৰক আৰু নম্ৰ হৈ থাকক । দলত দুটাকৈ পৰিৱৰ্তন ঘটোৱা হৈছে । অৰ্শদীপ আৰু বৰুণক জিৰণি দিয়া হৈছে ৷ তাৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে বুমৰাহ আৰু বিষ্ণৈইক ৷

মিচেল ছাণ্টনাৰ: মই ভাবো আমি সঁচাকৈয়ে ভাল বেটিং কৰিছিলো । শেহতীয়া খেলখনৰ পৰা শিকাখিনি এইখন খেলত প্ৰয়োগ কৰিম ৷

প্লেয়িং একাদশ

ভাৰত

সঞ্জু ছেমছন(উইকেটকীপাৰ), অভিষেক শৰ্মা, ঈশান কিষাণ, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শিৱম দুবে, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, হৰ্ষিত ৰাণা, ৰবি বিষ্ণৈয়, কুলদীপ যাদৱ আৰু যশপ্ৰীত বুমৰাহ ৷

নিউজীলেণ্ড

ডেভন কনৱে, টিম ছেইফাৰ্ট(উইকেটকীপাৰ), ৰাচিন ৰবীন্দ্ৰ, গ্লেন ফিলিপছ, মাৰ্ক চেপমেন, ডেৰিল মিচেল, মিচেল ছাণ্টনাৰ(অধিনায়ক), কাইল জেমিছন, মেট হেনৰী, ইছ ছ’ধি আৰু জেকব ডাফী ৷

ইতিমধ্যে অগ্ৰগতি লাভ কৰা ভাৰতে ৩-০ ব্যৱধানত শৃংখলা জয় কৰিবলৈ বিচাৰিব ৷ বিপৰীতে নিউজীলেণ্ডে জয়েৰে শৃংখলা দখলৰ আশা সজীৱ কৰি তোলাৰ চেষ্টা কৰিব ৷ গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই মেচ ৷

খেলুৱৈৰ সালসলনিয়ে দলত কেনে প্ৰভাৱ পেলাব ?

ভাৰতে নিজৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহক দললৈ ঘূৰাই আনিছে ৷ যাৰ ফলত দলটোৰ ফাষ্ট বলিং বিভাগ বিশেষকৈ ডেথ অভাৰত শক্তিশালী বিবেচিত হোৱাৰ সম্ভাৱনা আছে ৷ লগতে ৰবি বিষ্ণৈইকো সুযোগ দিয়া হৈছে আৰু দলটোৱে আশা কৰিব যে তেওঁ নিজৰ ফলপ্ৰসূ স্পিন বলিঙৰ জৰিয়তে বিপক্ষৰ বেটছমেনক দিশহাৰা কৰি তুলিব ৷

লগতে পঢ়ক:বাংলাদেশৰ স্থানত টি-২০ বিশ্বকাপত স্থান লাভ এই দলটোৰ

Last Updated : January 25, 2026 at 11:40 PM IST