ETV Bharat / sports

বাংলাদেশৰ স্থানত টি-২০ বিশ্বকাপত স্থান লাভ এই দলটোৰ

আই চি চিয়ে আনুষ্ঠানিকভাৱে বাংলাদেশক টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা বহিষ্কাৰ কৰে ।

T20 World Cup 2026
আইচিচিয়ে আনুষ্ঠানিকভাৱে বাংলাদেশক টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা বাদ দিছে। (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : January 25, 2026 at 7:51 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বাংলাদেশ ক্ৰিকেট দলটোক টি-২০ বিশ্বকাপৰ পৰা আনুষ্ঠানিকভাৱে বহিষ্কাৰ কৰি আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে দুসপ্তাহজোৰা স্থবিৰতাৰ অন্ত পেলায় ৷

সংবাদ সংস্থা পি টি আইৰ এক প্ৰতিবেদন অনুসৰি আই চি চিয়ে বাংলাদেশৰ ঠাইত ইতিমধ্যে স্কটলেণ্ডে ঠাই লোৱা বুলি ইমেইলযোগে আই চি চিৰ গৰ্ভনিং বৰ্ডিৰ সিদ্ধান্তৰ বিষয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ আমিনুল ইছলাম বুলবুলক অৱগত কৰে৷

ইমেইলটোত লগতে উল্লেখ কৰা হৈছে যে ভাৰত ভ্ৰমণৰ সিদ্ধান্ত ল’বলৈ দিয়া ২৪ ঘণ্টীয়া সময়সীমাৰ ভিতৰত বি চি বিয়ে আই চি চিক আনুষ্ঠানিকভাৱে কোনো সঁহাৰি নিদিয়াৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে ৷

মন কৰিবলগীয়া যে আই চি চিক আনুষ্ঠানিকভাৱে অৱগত কৰাৰ এদিন পূৰ্বে বি চি বিয়ে ঢাকাত এখন সংবাদমেল অনুষ্ঠিত কৰি নিজৰ দল ভাৰতলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ লগতে টি-২০ বিশ্বকাপ বৰ্জনৰ কথাও ঘোষণা কৰে ৷

বিতৰ্কৰ কাৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ক্ৰমবৰ্ধমান ৰাজনৈতিক উত্তেজনাৰ মাজতে মুস্তাফিজুৰ ৰহমানক অধিগ্ৰহণ কৰাৰ পিছত আই পি এলৰ পৰা মুকলি কৰি দিয়াত বিতৰ্কৰ সৃষ্টি হয় ৷ ইয়াৰ পিছতে বাংলাদেশে নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি ভাৰতত টি-২০ বিশ্বকাপৰ মেচ খেলিবলৈ অস্বীকাৰ কৰে আৰু মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ দাবী জনায় ৷

স্কটলেণ্ডৰ বিশ্বকাপত প্ৰৱেশ

বাংলাদেশৰ এই জোৰত স্কটলেণ্ডৰ টি-২০ বিশ্বকাপত প্ৰৱেশৰ বাট মুকলি হয় ৷ দলটোৱে পাঁচখন টি-২০ বিশ্বকাপ খেলিছে যদিও কেতিয়াও ছুপাৰ ৮ত উপনীত হোৱা নাই ৷ ২০২৬ চনৰ টি-২০ বিশ্বকাপত স্থান লাভৰ বাবে ইউৰোপীয় কোৱালিফায়াৰত স্কটলেণ্ডে অংশগ্ৰহণ কৰিছিল যদিও ইটালী, নেদাৰলেণ্ড আৰু জাৰ্চিৰ পিছতে অন্ত পেলাইছিল, যাৰ ফলত তেওঁলোকে পোনপটীয়াকৈ প্ৰতিযোগিতাখনত প্ৰৱেশ কৰিব পৰা নাছিল ৷ অৱশ্যে আই চি চিৰ উচ্চ ৰেংকিঙৰ বাবে বাংলাদেশৰ স্থানত স্কটলেণ্ডক নিৰ্বাচিত কৰা হয় ৷

স্কটলেণ্ডৰ গ্ৰুপ

বাংলাদেশৰ ঠাইত স্কটলেণ্ডে এতিয়া গ্ৰুপ চিত ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, ইটালী আৰু নেপালৰ সৈতে যোগ দিব ৷ ইয়াৰ প্ৰথমখন মেচ হ’ব ৭ ফেব্ৰুৱাৰীত কলকাতাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৷

লগতে পঢ়ক : ভাৰতৰ বাহিৰত টি-২০ বিশ্বকাপৰ খেলিবলৈ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ অনুৰোধ নাকচ আই চি চিৰ

বিচিচিআইৰ হেঁচাত আইচিচিয়ে সিদ্ধান্ত ল'লে মানি নলয় বাংলাদেশে

বিশ্বকাপৰ পৰা বাহিৰ হ'ব নেকি বাংলাদেশ ?