আৰক্ষীৰ মাজত ফুটবলৰ মহাৰণ: লখিমপুৰ সদৰ থানাৰ হাতত ৫-০ গলত পৰাস্ত বিহপুৰীয়া আৰক্ষী
লখিমপুৰত সমুখ সমৰত নামিল আৰক্ষীৰ দুটা দল । তাৰ পাছতে সৃষ্টি হয় এক শ্বাসৰুদ্ধকৰ পৰিৱেশ । অৱশেষত এঘণ্টাৰ মূৰত এই উত্তেজনাময় পৰিৱেশৰ অন্ত পৰে ।
Published : June 15, 2026 at 10:36 AM IST
লখিমপুৰ:দেওবাৰে বিয়লিলখিমপুৰত সমুখ সমৰত নামিল জিলা আৰক্ষীৰ দুটা দল । তাৰ পাছতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । চাৰিওফালে কেৱল চিঞয়-বাখৰৰ শব্দ ৷ এই উত্তেজনাময় পৰিৱেশ দেখিও কিন্তু নীৰৱ দৰ্শক হৈ চাই ৰ’ল উত্তৰ অসমৰ আৰক্ষী উপ-মহাপৰিদৰ্শক, জিলাৰ আৰক্ষী অধীক্ষকসহ উচ্চ পদস্থ আৰক্ষী বিষয়াবৰ্গই । প্ৰায় এঘণ্টাৰ মূৰতহে এই শ্বাসৰুদ্ধকৰ পৰিৱেশৰ অৱসান ঘটে ।
দৰাচলতে আৰক্ষীৰ মাজত এয়া কোনো সংঘর্ষ হোৱা নাছিল । দেওবাৰে আৰক্ষীৰ মাজত অনুষ্ঠিত হোৱা এখন ফুটবল খেল প্ৰতিযোগিতাকলৈহে এই পৰিৱেশ সৃষ্টি হৈছিল ।
লখিমপুৰ নগৰৰ সমীপৰ চাবতিৰ লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্রত এই ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ৷ এই চূড়ান্ত ফুটবল খেলখন লখিমপুৰ সদৰ থানা আৰু বিহপুৰীয়া থানাৰ মাজত হৈছিল । খেলখনত লখিমপুৰ সদৰ থানাই ৫-০ গলত বিহপুৰীয়া থানাক পৰাস্ত কৰিবলৈ সক্ষম হয় ।
এই সন্দৰ্ভত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই কয়, ‘‘ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আৰক্ষী বিভাগক ক্ৰীড়া ক্ষেত্রত কাৰ্য ব্যৱস্থা ল’বলৈ নিৰ্দেশনা দিয়ে । বৰ্তমান যিহেতু বিশ্বকাপ ফুটবল প্ৰতিযোগিতা চলি আছে, সেয়ে আমি লখিমপুৰ জিলাত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লওঁ ।’’
‘‘জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত এই আন্তঃজিলা আৰক্ষী ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয় । শনিবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত জিলাখনৰ আঠখন থানাই অংশগ্রহণ কৰে আৰু চূড়ান্ত খেলখনলৈ লখিমপুৰ সদৰ থানা আৰু বিহপুৰীয়া থানাৰ দল নিৰ্বাচিত হয় ।’’
উল্লেখ্য যে, খেলখন প্ৰথম বল মাৰি উদ্বোধন কৰে উত্তৰ অসমৰ আইজিপি প্ৰশান্ত সাগৰ চাংমায়ে । তীব্র উত্তেজনায় খেলখন দৰ্শকে এঘণ্টা ধৰি সুন্দৰভাৱে উপভোগ কৰে ।