আৰৱ সাগৰত ১৫ দিন দিনে-নিশাই সাঁতুৰিব জলকোঁৱৰ এলভিছ আলী হাজৰিকাই
আন এক বিশ্ব অভিলেখ গঢ়াৰ উদ্দেশ্যৰে আগবাঢ়িছে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা । লক্ষ্য আৰৱ সাগৰত ১৩০০ কিলোমিটাৰ সাঁতোৰাৰ ।

Published : June 14, 2026 at 8:49 AM IST
গুৱাহাটী: এটাৰ পাছত আন এটাকৈ অভিলেখ গঢ়ি ৰাজ্যৰ নাম বিশ্বত জিলিকাই তুলিছে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ জলকোঁৱৰ এলভিছ আলী হাজৰিকাই । এইবাৰ পুনৰ বিশ্ব অভিলেখৰ বাবে সাজু হৈছে অসম সৌৰভ এলভিছ আলী হাজৰিকা ।
আৰৱ সাগৰত ১,৩০০ কিলোমিটাৰ দিনে-নিশাই সাঁতুৰিব এলভিছসহ ৪ সাঁতোৰবিদে । ১৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইৰপৰা আৰম্ভ হ'বলগীয়া যাত্ৰা গোৱা হৈ ২৮ নৱেম্বৰত অন্ত পৰিব কৰ্ণাটকত । এই দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগিব প্ৰায় ১৫ দিন ।
এই কথা শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে সদৰী কৰে সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই । যথেষ্ট প্ৰত্যাহ্বানমূলক এই যাত্ৰাৰ বাবে ইতিমধ্যে সাজু হোৱা বুলি সদৰী কৰে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে ।
হাজৰিকাই কয়, "এই কাৰ্যত সফল হ'লে সাগৰত আটাইতকৈ দীৰ্ঘ দূৰত্ব সাঁতোৰাৰ নতুন বিশ্ব অভিলেখ সৃষ্টি হ'ব । আজিলৈ সাগৰত ইমান দীঘলীয়া সাঁতোৰ পৃথিৱীত কোনেও কৰা নাই । আমি চাৰিজন ভাৰতীয় সাঁতোৰবিদে ১৫ দিনীয়া এই সাঁতোৰত অংশ ল'ম । দিনে নিশাই আমি সাঁতুৰিম । আমি বহু সাঁতোৰবিদৰ লগত যোগাযোগ কৰিছিলোঁ যদিও বহুতে ইচ্ছা প্ৰকাশ নকৰিলে ।"
আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে পুনৰ কয়,"আমেৰিকান ছগৰাকী সাঁতোৰবিদে ১২ দিনত ১০০০ কিলোমিটাৰ সাঁতুৰি অভিলেখ গঢ়িছিল । এতিয়া আমি ১৩০০ কিলোমিটাৰ ১৫ দিনত চাৰিগৰাকী সাঁতোৰবিদে সাঁতোৰাৰ লক্ষ্য লৈছোঁ । ১৫ দিন সাগৰত থকাটো প্ৰত্যাহ্বান থাকিব । আমি ভালদৰে খাব পাৰিম নে শুব পাৰিম, নাই খোজকাঢ়িব পাৰিম ।" আনহাতে ২০২৭ চনৰ ফেব্ৰুৱাৰীত এণ্টাৰ্কটিকাত সাঁতুৰিবলৈ পৰিকল্পনা কৰাৰ কথাও সদৰী কৰে এলভিছ আলী হাজৰিকাই ।

