কোনো পৰিস্থিতিতে নহয় আপোচ: ৰাজ্যত অপৰাধৰ তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে
অপৰাধৰ বিৰুদ্ধে কঠোৰ অসম চৰকাৰ । ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনসংখ্যা অনুপাতে অপৰাধৰ হাৰ হ্ৰাস পোৱা বুলি দাবী ।
Published : August 23, 2026 at 3:08 PM IST
গুৱাহাটী: ৰাজ্যত জনসংখ্যাৰ অনুপাতে অপৰাধৰ হাৰ হ্ৰাস পাইছে । এই কথা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে । গোচৰ নিষ্পত্তিত ক্ষিপ্ৰতা, অভিযোগ নামা দাখিলৰ হাৰ, সামগ্ৰিক দোষী সাব্যস্তৰ হাৰ আদিৰ তথ্যও মুখ্যমন্ত্ৰীগৰাকীয়ে দাঙি ধৰে ।
দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকত লিখে,"অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অসমৰ যুঁজে সাহসী ফলাফল লাভ কৰিছে । আমাৰ অসম আৰক্ষীৰ নিৰন্তৰ প্ৰচেষ্টাত এজাহাৰৰ পৰা অভিযোগনামালৈ আৰু অভিযোগনামাৰ পৰা ন্যায় প্ৰদানলৈ অধিক শক্তিশালী আৰু ক্ষিপ্ৰ হৈছে ন্যায় প্ৰদানৰ ব্যৱস্থা । অপৰাধৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব-- কোনো পৰিস্থিতিতে নহয় আপোচ ।"
মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান অসমৰ প্ৰতি ১ লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ ৬৯% হ্ৰাস পাইছে । ২০২১ চনত অপৰাধৰ হাৰ আছিল ৩৭৯.০ শতাংশ । বিপৰীতে ২০২৬ চনৰ জুলাই মাহলৈ ৬৯ শতাংশ হ্ৰাস পাই ১১৬.৮ শতাংশ হৈছে ।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত যথেষ্ট ক্ষিপ্ৰতাৰে কাম কৰা হৈছে । যাৰ পৰিপ্ৰেক্ষিতত তদন্তৰ বোজা কম হৈছে । তেওঁ দিয়া তথ্য অনুসৰি পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা ২০২১ চনত আছিল ১,৩৩,২৩৯ টা আৰু ২০২৬ চনৰ জুলাই মাহলৈ ইয়াৰ সংখ্যা হ্ৰাস পাই হৈছেগৈ ২৫,০১৪ টা ।
ইফালে তদন্তৰ বাকী থকা গোচৰৰ সংখ্যা ৯৩% হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । সেই অনুসৰি ২০২১ চনত তদন্তৰ বাকী থকা গোচৰৰ সংখ্যা আছিল ১,৩৩,২৩৯ টা আৰু ২০২৬ চনৰ জুলাই মাহত হ্ৰাস পাই হৈছেগৈ ১০,১৩৬ টা । এজাহাৰৰ পৰা অভিযোগনামালৈকে, সকলো পৰ্যায়তে ন্যায়ৰ প্ৰক্ৰিয়া দ্ৰুত হৈছে বুলি তেওঁ উল্লেখ কৰে ।
তেওঁ দিয়া তথ্য অনুসৰি অভিযোগ নামা দাখিলৰ হাৰ ২০২২ চনত আছিল ৩৪.৩ শতাংশ আৰু ২০২৬ চনৰ জুলাই মাহত ইয়াৰ হাৰ হয় ৮৬.৬৫ শতাংশ । অৰ্থাৎ ন্যায় প্ৰক্ৰিয়াৰ ২.৫ গুণ উন্নতি হৈছে বুলি তেওঁ উল্লেখ কৰে ।
ন্যায় প্ৰদানৰ ক্ষেত্ৰত অসম শক্তিশালী হৈছে বুলি তেওঁ দাবী কৰে । সামগ্ৰিক দোষী সাব্যস্তৰ হাৰ ২০২২ চনত আছিল ৫.৫শতাংশ আৰু ২০২৬ চনৰ জুলাইলৈ ২৯.৩২ শতাংশ হৈছেগৈ । কেৱল ২০২৬ চনৰ জুলাইতে দোষী সাব্যস্তৰ হাৰ ৩৮.১০ শতাংশ হৈছে আৰু ই বৰ্তমানলৈকে পঞ্জীয়ন হোৱা সৰ্বোচ্চ মাহিলি হাৰ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে ।