ETV Bharat / state

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছৰ পাঠ্যক্ৰম পাঠদানত অনুমোদন কেন্দ্ৰৰ

নৱ নিৰ্মিত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছৰ বাবে শিক্ষাৰ্থীক নামভৰ্তিত অনুমতি প্ৰদান কৰিছে কেন্দ্ৰই ৷

CM Himanta Biswa Sarma
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়লৈ সুখবৰ (CM Himanta Biswa Sarma FB)
author img

By ETV Bharat Assamese Team

Published : August 21, 2026 at 8:55 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অসমৰ চিকিৎসাখণ্ডৰ বাবে সুখবৰ ৷ নৱ নিৰ্মিত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছৰ পাঠ্যক্ৰমৰ বাবে শিক্ষাৰ্থীক নামভৰ্তিৰ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এই কথা এক্স যোগে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

এক্স যোগে মুখ্যমন্ত্ৰীয়ে কয়,"এই কথা জনাবলৈ পাই সুখী হৈছো যে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ১০০ জন এমবিবিএছ (MBBS) ছাত্ৰ-ছাত্ৰীক নামভৰ্তিত আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে । ইয়াৰ লগে লগে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় অসমৰ ১৫ সংখ্যক চিকিৎসা মহাবিদ্যালয়ত পৰিণত হয় ৷ যাৰ ফলত আমাৰ মুঠ এমবিবিএছৰ আসন ১,৯২৫লৈ বৃদ্ধি পালে ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়,"অসমক চিকিৎসা শিক্ষাৰ এক প্ৰধান কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ আমাৰ যাত্ৰাৰ এয়া আন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে । কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঙৰীয়াৰ তেওঁৰ অবিৰত সমৰ্থন আৰু এই অনুমোদন প্ৰদানৰ বাবে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছ ৷"

শুকুৰবাৰে মুখ্যমন্ত্ৰী শৰ্মাই দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীকো সাক্ষাৎ কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰীদ্বয়ক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিত্তমন্ত্ৰী সীতাৰমনক অসমৰ বান পৰিস্থিতিৰ প্ৰতি ৰাজ্য চৰকাৰৰ সঁহাৰি আৰু ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ বাবে তৈয়াৰ কৰা ৰোডমেপৰ শেহতীয় বিষয় সম্পৰ্কে অৱগত কৰে ।

১৪ আগষ্টত অসমৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে নৱনিৰ্মিত বঙাইগাঁও অসামৰি চিকিৎসা মহাবিদ্যালয় পৰিদৰৰ্শন কৰি কৈছিল যে, অসমৰ স্বাস্থ্যখণ্ডত আলোল পৰিৱৰ্তন হৈছে ৷

লগতে পঢ়ক:যোৰাবাটত দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত, বিকল্প পথেৰে যাত্ৰীক যাত্ৰাৰ নিদেৰ্শ মেঘালয় প্ৰশাসনৰ