১৯ জানুৱাৰীত মনোনয়ন, ২০ জানুৱাৰীত ঘোষণা হ'ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম
প্ৰয়োজন হ'লে ২০ জানুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সেইদিনাই বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ।
By PTI
Published : January 16, 2026 at 2:42 PM IST
নতুন দিল্লী :দীৰ্ঘ প্ৰতীক্ষা আৰু জল্পনা-কল্পনাৰ পিছত অৱশেষত প্ৰকাশ পাইছে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়সূচী । শুকুৰবাৰে প্ৰকাশ পাইছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ সময়সূচী । এই সময়সূচী প্ৰকাশ কৰি বিজেপিয়ে কয় যে অহা ১৯ জানুৱাৰীত ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন গ্ৰহণ কৰা হ’ব । আনহাতে, পিছদিনা অৰ্থাৎ ২০ জানুৱাৰীত দলৰ নতুন সভাপতিৰ নাম ঘোষণা কৰা হ’ব ।
বিজেপিৰ ৰাষ্ট্ৰীয় ৰিটাৰ্নিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা সাংগঠনিক ভোটগ্ৰহণৰ সূচী অনুসৰি, ১৯ জানুৱাৰীৰ বিয়লি ২ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত দলটোৰ ৰাষ্ট্ৰীয় মুৰব্বী নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব । আনহাতে, একেদিনাই বিয়লি ৫ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ।
বিজেপিৰ ৰাজ্যসভাৰ সাংসদ কে লক্ষ্মণে জাৰি কৰা অধিসূচনা অনুসৰি, অহা ১৯ জানুৱাৰীৰ বিয়লি ৪ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰৰ লগত সন্নিৱিষ্ট নথি-পত্ৰৰ পৰীক্ষা আৰম্ভ হ’ব ৷
লক্ষ্মণে কয় যে 'যদি প্ৰয়োজন হয়' তেন্তে ২০ জানুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সেইদিনাই বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব । নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব ।
আনহাতে, দলীয় সূত্ৰ অনুসৰি, বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ মুৰব্বী হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে । কাৰণ দলৰ আন কোনো নেতাই প্ৰতিদ্বন্দ্বিতাত যোগদান কৰাৰ সম্ভাৱনা নাই ।
যদি সেয়া হয় তেন্তে জে পি নাড্ডাৰ উত্তৰসুৰী হিচাপে নীতিন নবীনে বিজেপিৰ সভাপতিৰ দায়িত্বভাৰ লোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি দলটোৰ শীৰ্ষ নেতৃত্বই নীতিন নবীনৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰিছে ।