অসম

assam

ETV Bharat / politics

কংগ্ৰেছক সমৰ্থন দিবলৈ মানসিকভাবে সাজু নহয়, বিজেপিক ঘৃণা কৰো : অখিল গগৈ

১৯ ছেপ্টেম্বৰত 'জুবিন দিৱস' আৰু ৫ নৱেম্বৰত 'ভূপেন্দ্ৰ দিৱস' হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিব লাগে ৷ এই দাবী বিধায়ক অখিল গগৈৰ ৷

MLA Akhil Gogoi visited Zubeen Khetra
'জুবিন ক্ষেত্ৰ'ত বিধায়ক অখিল গগৈ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 29, 2026 at 4:44 PM IST

সোণাপুৰ :নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত কাক সমৰ্থন দিব ৰাইজৰ দল তথা বিধায়ক অখিল গগৈয়ে ? বিগত বিধানসভা নিৰ্বাচনৰ মিত্ৰতা অটুট থাকিব নেকি ? নে এআইইউইফৰ সৈতে মিত্ৰতা কৰিব ৰাইজৰ দলে ? এই লৈ মুখ খুলিলে বিধায়ক অখিল গগৈয়ে ৷

সোণাপুৰত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ বিধায়ক অখিল গগৈয়ে কয়,"আমি কংগ্ৰেছৰ মানুহজনক নগাঁৱৰ পৰা জিকাই পঠিয়াওঁ, সেই মানুহজন কিছুদিনৰ পিছত বিজেপিৰ হৈ যায় । আমি প্ৰদ্যুৎ বৰদলৈক জিকাই পঠিয়ালো, কিন্তু তেওঁ দিল্লীলৈ গৈ বিজেপি হৈ গ'ল । কংগ্ৰেছৰ গৌৰৱ গগৈৰ বাহিৰে আন কোনজন সাংসদে দিল্লীত গৈ অসমৰ স্বাৰ্থত মাত মাতিছে, কাৰো মাত নাই ।"

কংগ্ৰেছক সমৰ্থন দিবলৈ মানসিকভাবে সাজু নহয় (ETV Bharat Assam)

তেওঁ মিত্ৰতাৰ সন্দৰ্ভত কয়,"ৰাইজৰ দলে বিজেপিক ঘৃণা কৰে, গতিকে বিজেপিক সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে । আনহাতে এআইইউডিএফক এক সাম্প্ৰদায়িক দল ৷ ইফালে বৰ্তমানৰ পৰিস্থিতিত আমাৰ মগজু আৰু বিবেকে কংগ্ৰেছকো সমৰ্থন জনাব নোৱাৰে । অসমত কংগ্ৰেছ ধ্বংস হোৱাৰ মূল কাৰণ হ’ল ৰকিবুল হুছেইন । দলটো প্ৰায় নাইকিয়া হৈ গ’ল, কিন্তু এতিয়াও ৰকিবুল হুছেইনৰ অহংকাৰ কমা নাই ।"

'জুবিন দিৱস' আৰু 'ভূপেন্দ্ৰ দিৱস'ত চৰকাৰী বন্ধ ঘোষণাৰ দাবী

সোণাপুৰস্থিত 'জুবিন ক্ষেত্ৰ'ত উপস্থিত হৈ বিধায়ক গগৈয়ে কয়,"১৯ ছেপ্টেম্বৰৰ দিনটোক 'জুবিন দিৱস' আৰু ৫ নৱেম্বৰৰ দিনটোক 'ভূপেন্দ্ৰ দিৱস' হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিব লাগে আৰু দুয়োটা দিৱস চৰকাৰীভাবে আয়োজন কৰিব লাগে ৷ সেয়ে চৰকাৰে অবিলম্বে এটা চৰকাৰী জাননী (Gazette Notification) প্ৰকাশ কৰিব লাগে ।"

তেওঁ লগতে কয়,"কেৱল বন্ধ ঘোষণা কৰিলে নহব ৷ এই বিশেষ দিন দুটাত ৰাজ্যৰ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত এই দুয়োগৰাকী শিল্পীৰ কালজয়ী গীত-মাতৰ সুকীয়া অনুষ্ঠান আয়োজন কৰিব লাগে । নৱপ্ৰজন্মৰ মাজত দুয়োগৰাকী মহান শিল্পীৰ জীৱন, সৃষ্টিৰাজি, মূল্যবোধ আৰু অসমীয়া সমাজলৈ আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বিষয়ে বিস্তৃত চৰ্চা হ'ব লাগে ৷ যাতে অমূল্য সম্পদসমূহ ভৱিষ্যত প্ৰজন্ময়ো সঠিকভাৱে উপলব্ধি কৰিব পাৰে ।"

'জুবিন ক্ষেত্ৰ'ৰ ভূমি আৰু উন্নয়নক লৈ চৰকাৰৰ স্পষ্টীকৰণ লাগে :

'জুবিন ক্ষেত্ৰ'ৰ নিৰ্মাণ আৰু উন্নয়নমূলক কাম-কাজক লৈ চৰকাৰৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে । চৰকাৰে 'জুবিন ক্ষেত্ৰ'ৰ বাবে প্ৰকৃততে কিমান ভূ-সম্পত্তি বা মাটি আৱণ্টন কৰিছে, কেনেধৰণৰ স্মাৰক বা প্ৰকল্প গঢ়ি তুলিবলৈ সিদ্ধান্ত লৈছে, সেই সমগ্ৰ তথ্য চৰকাৰে ৰাজহুৱা কৰিব লাগে । অহা ১৯ ছেপ্টেম্বৰৰ পিছতেই চৰকাৰে এই সন্দৰ্ভত সমগ্ৰ বিষয়টো ৰাইজৰ আগত স্পষ্টভাৱে দাঙি ধৰিব লাগে বুলি দাবী জনাই বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক:পশুপালন বিভাগত ২০০টা পদ মুকলি : ক’ত আৰু কেনেদৰে কৰিব পাৰিব আবেদন