ETV Bharat / state

পশুপালন বিভাগত ২০০টা পদ মুকলি : ক’ত আৰু কেনেদৰে কৰিব পাৰিব আবেদন

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ২ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল ৷

CM HIMANTA BISWA SARMA
পশুপালন বিভাগত ২০০টা পদ মুকলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 29, 2026 at 3:25 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ৰাজ্যৰ পশুপালন বিভাগত মুকলি কৰা হৈছে ২০০টা পদ ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সামাজিক মাধ্যমত ঘোষণা কৰে এই কথা ৷ সামাজিক মাধ্যম ফেচবুকত মুখ্যমন্ত্ৰীয়ে কয়, "কথা মতেই কাম । পশুপালন বিভাগত মুকলি কৰা হৈছে ২০০টা পদ । এয়া আৰম্ভণিহে.. এই কার্যকালত আমাৰ দৃঢ় লক্ষ্য - ২ লাখ নিযুক্তি ।"

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ২ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি এই বৃহৎ নিযুক্তি অভিযানৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ।

নিযুক্তি প্ৰক্ৰিয়া ক্ষিপ্ৰ আৰু শৃংখলাবদ্ধ কৰিবলৈ মুখ্য সচিবৰ নেতৃত্বত এখন উচ্চস্তৰীয় টাস্ক ফ’ৰ্চো গঠন কৰা হৈছে । মুখ্যমন্ত্ৰী শৰ্মাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁ প্ৰথমটো কাৰ্যকালত প্ৰায় ১.৬৬ লাখতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছে ।

মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰতিশ্ৰুতি অনুসৰি ২ লাখ নিযুক্তিৰ প্ৰথমটো বিজ্ঞাপন শুকুৰবাৰে নিশা প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ প্ৰথম পৰ্যায়ত পশুপালন বিভাগৰ ক্ষেত্ৰ সহায়কৰ ২০০ পদৰ আবেদন মুকলি কৰা হৈছে ৷ আবেদন প্ৰক্ৰিয়া ৩ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব আৰু আবেদনৰ অন্তিম তাৰিখ ২৩ ছেপ্টেম্বৰৰ নিশা ১১.৫৯ বজালৈ নিৰ্ধাৰণ কৰা হৈছে ।

উচ্চতৰ মাধ্যমিক অথবা দ্বাদশ শ্ৰেণী বিজ্ঞান শাখাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব । প্ৰাৰ্থীসকলে animalhusbandry.assam.gov.in ৱেবছাইটত গৈ অনলাইন আবেদন কৰিব লাগিব । নিযুক্তিৰ যোগ্যতা, বয়স, সংৰক্ষণ, বাছনি প্ৰক্ৰিয়া, দৰমহা আৰু অন্যান্য চৰ্তাৱলী বিভাগৰ চৰকাৰী বিজ্ঞাপনত প্ৰকাশ কৰা হৈছে ৷ ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ছোৱাৰ ভিতৰত এই পদৰ বাবে আবেদন কৰিব পাৰিব ৷

লগতে পঢ়ক : অসম ৰাজ্যিক শিক্ষক বঁটা ২০২৬ৰ অনলাইন আবেদন তথা স্ব-মনোনয়নৰ সময়সীমা বৃদ্ধি