কেজৰিৱালৰ দলত এতিয়া চোৰেই চোৰ ! ৰাঘৱ চাড্ডাৰ দলত্যাগৰ ঘোষণাৰ পিছত মন্ত্ৰী কপিল মিশ্ৰৰ কটাক্ষ
আম আদমি পাৰ্টীৰ সাতগৰাকীকৈ সাংসদৰ দলত্যাগৰ পিছতে ইজনৰ পিছত আনজনকৈ বিজেপি নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ধৰিছে ৷ মন্ত্ৰী কপিল মিশ্ৰই কি ক’লে ?
Published : April 24, 2026 at 7:06 PM IST
নতুন দিল্লী:তীব্ৰ ৰাজনৈতিক সংকটৰ সন্মুখীন আম আদমি পাৰ্টী ৷ দলটোৰ আগশাৰীৰ সাতগৰাকীকৈ সাংসদে দলত্যাগ কৰাৰ ঘোষণাৰ পিছতে এই সংকটৰ সন্মুখীন হয় ৷ আপৰ সাতগৰাকীকৈ সাংসদৰ দলত্যাগক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে ৷
শুকুৰবাৰে ৰাঘৱ চাড্ডাই আন ৭ গৰাকী সাংসদৰ সৈতে বিজেপিত যোগদান কৰাৰ কথা ঘোষণা কৰি সকলোকে হতবাক কৰি তুলিছিল । চাড্ডাই সংবাদমেলত কৈছিল, ‘‘আমি সিদ্ধান্ত লৈছো যে আমি ৰাজ্যসভাত আম আদমি পাৰ্টীৰ দুই-তৃতীয়াংশ সদস্যই ভাৰতীয় সংবিধানৰ নীতি ব্যৱহাৰ কৰি বিজেপিৰ সৈতে একত্ৰিত হ’ম ।’’ এই খবৰে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিলে ।
উল্লেখ্য যে, বিগত কিছুদিনৰে পাৰ ৰাঘৱ চাড্ডাই বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত জল্পনা-কল্পনা চলি আছিল । সংবাদমেলত ৰাঘৱ চাড্ডাৰ বিজেপি গমনৰ সিদ্ধান্ত ৰাজহুৱা হোৱাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী কপিল মিশ্ৰই ৷
ৰাঘৱ চাড্ডাৰ এই সিদ্ধান্তক লৈ মন্ত্ৰী কপিল মিশ্ৰই এক্সত এটা পোষ্ট প্ৰকাশ কৰে ৷ পোষ্টটো এনেধৰণৰ - ‘‘কেজৰিৱালৰ গেঙত কেৱল চোৰ আৰু দুৰ্নীতিগ্ৰস্ত লোকহে বাকী আছে । এতিয়াও জীৱিত আত্মা থকা কোনো ব্যক্তিয়ে তাত বেছি দিন থাকিব নোৱাৰে । ৰাঘৱ ভাই, সন্দীপ পাঠক, অশোক মিট্টল আৰু আন সকলো সহকৰ্মীৰ সিদ্ধান্ত সাহসী আৰু প্ৰশংসনীয় । ই পঞ্জাবৰ জনসাধাৰণক কেজৰিৱালৰ লুটপাতৰ পৰা ৰক্ষা কৰাত নিৰ্ণায়ক বুলি প্ৰমাণিত হ'ব ।’’
মন কৰিবলগীয়া যে ৰাঘৱ চাড্ডাৰ লগতে অশোক মিট্টল, সন্দীপ পাঠক, হৰভজন সিং, ৰাজেন্দ্ৰ গুপ্তা, বিক্ৰম সাহনী আৰু স্বাতী মালিৱালে বিজেপিত যোগদান কৰাৰ বিষয়ে আলোচনা কৰিছিল ।
পূৰ্বে সংবাদমেলৰ সময়ত সাংসদ ৰাঘৱ চাড্ডাই কৈছিল, ‘‘মই মোৰ তেজ আৰু ঘামেৰে লালন-পালন কৰা আৰু মোৰ যৌৱনৰ ১৫ টা বছৰ উৎসৰ্গা কৰা আম আদমি পাৰ্টীয়ে নিজৰ নীতিৰ পৰা আঁতৰি গৈছে ।’’
আনহাতে, দলত্যাগী সাংসদ সন্দীপ পাঠকে কয়, ‘‘মই কেতিয়াও কল্পনা কৰা নাছিলো যে এই পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ই হৈছে । মই কৃষকৰ পৰিয়ালৰ পৰা আহিছো, তাৰ পিছত কেৱল দেশৰ বাবে কিবা এটা মহান কাম কৰাৰ উদ্দেশ্যে অধ্যয়ন কৰি ৰাজনীতিত প্ৰৱেশ কৰিছিলো । জাতিটোৰ সেৱাৰ লক্ষ্যৰে আম আদমি পাৰ্টীত যোগদান কৰিছিলো ।’’
লগতে পঢ়ক:'আপ' এৰিলে ৰাঘৱ চাড্ডাসহ ৭ সাংসদে, শীঘ্ৰে যোগ দিব বিজেপিত