ETV Bharat / politics

'আপ' এৰিলে ৰাঘৱ চাড্ডাসহ ৭ সাংসদে, শীঘ্ৰে যোগ দিব বিজেপিত

ৰাজ্যসভাত আপৰ ১০ গৰাকী সাংসদ আছে । ইয়াৰে দুই তৃতীয়াংশতকৈও অধিকে এৰিলে কেজৰিৱালৰ দল ৷

raghav chadha leaves aap joins bjp
'আপ' এৰিলে ৰাঘৱ চাড্ডাই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 4:32 PM IST

|

Updated : April 24, 2026 at 4:54 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : দেশৰ ৰাজনীতিৰ বাবে এক ডাঙৰ খবৰ । আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ দলত্যাগ । সদনত প্ৰায়ে দপদপাই থকা সাংসদ ৰাঘৱ চাড্ডাৰ দলত্যাগে দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে । কেৱল ৰাঘৱ চাড্ডাই নহয় আপৰ আন ৬ সাংসদ ক্ৰমে ডঃ অশোক মিট্টল, সন্দীপ পাঠক, হৰভজন সিং, ৰাজিন্দৰ গুপ্তা, বিক্ৰম সাহানী আৰু স্বাতী মালিৱালেও দলত্যাগৰ ঘোষণা কৰিছে ।

ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই শুকুৰবাৰে কয় যে ৰাজ্যসভাত আম আদমি পাৰ্টীৰ দুই তৃতীয়াংশ সদস্যই ভাৰতীয় সংবিধানৰ বিধান প্ৰয়োগ কৰি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে একত্ৰিত হয় ।

নতুন দিল্লীত সন্দীপ পাঠক আৰু অশোক মিট্টলৰ সৈতে শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি চাড্ডাই কয়, "ৰাজ্যসভাত আপৰ ১০ গৰাকী সাংসদ আছে । ইয়াৰে দুই তৃতীয়াংশতকৈও অধিক আমাৰ লগত আছে । তেওঁলোকে স্বাক্ষৰ কৰিছে আৰু আজি পুৱা আমি স্বাক্ষৰিত পত্ৰ আৰু নথি-পত্ৰ ৰাজ্যসভাৰ অধ্যক্ষৰ ওচৰত জমা দিছো ৷ ৩ জন আপোনাৰ সন্মুখত আছোঁ । আমাৰ বাহিৰেও হৰভজন সিং, ৰাজিন্দৰ গুপ্তা, বিক্ৰম সাহানী আৰু স্বাতী মালিৱাল আছে ।"

দলটোৱে মূল নৈতিক মূল্যবোধৰ পৰা আঁতৰি গৈ এতিয়া জাতিটোৰ বাবে কাম নকৰে বুলি উল্লেখ কৰি চাড্ডাই দল ত্যাগ কৰাৰ কথা ঘোষণা কৰে । তেওঁ কয় যে কিছুমানে তেওঁক কৈছিল যে তেওঁ ভুল দলত আছে ।

তেওঁ লগতে অভিযোগ কৰে যে নিজৰ তেজ আৰু ঘাম মাটিত পেলাই লালন-পালন কৰা দলটো আজি দুৰ্নীতিত লিপ্ত হৈছে । চাড্ডাই কয় যে তেওঁ এতিয়া প্ৰধানমন্ত্ৰী মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ দেশৰ প্ৰতি থকা দৃষ্টিভংগীৰ সৈতে কাম কৰিব ।

এই খবৰ দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে । আম আদমি পাৰ্টীতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আপৰ সাংসদ সঞ্জয় সিঙে দল ত্যাগ কৰা ৭ সাংসদক তীব্ৰ সমালোচনা কৰিছে । সঞ্জয় সিঙে সাংবাদিকৰ আগত কয়, "আমি সন্দীপ পাঠকক ডাঙৰ দায়িত্ব অৰ্পণ কৰিছিলোঁ আৰু পঞ্জাবৰ মানুহৰ আশীৰ্বাদত আমি তেওঁক ৰাজ্যসভালৈ পঠিয়াইছিলোঁ । অধ্যাপক অশোক কুমাৰ মিট্টলে লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটী চলাই আছে । এই ৭ জন লোকে...পঞ্জাবৰ জনসাধাৰণৰ পিঠিত ছুৰীৰে আঘাত কৰিছে । পঞ্জাবৰ জনসাধাৰণে তেওঁলোকক ৰেহাই নিদিয়ে ।"

লগতে পঢ়ক : তেওঁ ঝালমুৰিৰে প্ৰতিশ্ৰুতি দিলে, মই তেওঁক ভেলপুৰী খুৱাম: মমতা বেনাৰ্জী

Last Updated : April 24, 2026 at 4:54 PM IST