অসম

assam

ETV Bharat / politics

৫ এপ্ৰিলত আহি আছে প্ৰধানমন্ত্ৰী : একাধিক সমষ্টিত চলাব নিৰ্বাচনী প্ৰচাৰ

ডিব্ৰুগড় জিলাৰ এন ডি এ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

Assam Assembly Election 2026
খোৱাঙৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ বিমল বড়াৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : March 25, 2026 at 4:57 PM IST

ডিব্ৰুগড় :নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি প্ৰাৰ্থীসকলৰ প্ৰচাৰো আৰম্ভ হৈছে । ইতিমধ্যে বিজেপি আৰু কংগ্ৰেছ দলে নিৰ্বাচনৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে । সেই অনুসৰি অহা ৫ এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

এই কথা জানিবলৈ দিছে মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিমল বড়াই । বিমল বড়াই কয়, "অহা ৫ এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ টিংখাং সমষ্টিৰ মৰাণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীয়ে খোৱাং, মৰাণ আৰু মাহমৰাৰ সংযোগ স্থানত এখন সভা কৰিব । এতিয়াও স্থান নিৰ্ধাৰণ হোৱা নাই ।"

প্ৰাপ্ত তথ্য মতে এপ্ৰিলৰ প্ৰথম সপ্তাহতে অসমত প্রধানমন্ত্ৰীয়ে ৪ খন প্ৰচাৰ সভাত ভাগ ল'ব । পহিলা এপ্ৰিলত দুখনকৈ প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে । বিহালীত বিশ্বনাথৰ আটাইকেইটা সমষ্টিৰ প্ৰাৰ্থীৰ হৈ তেওঁ প্ৰচাৰ চলাব । আনহাতে ধেমাজি, লখিমপুৰৰ সকলো প্ৰাৰ্থীৰ হৈ প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰ চলাব গোগামুখত । ৫ এপ্ৰিলতো দুখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ ডিব্ৰুগড়, তিনিচুকীয়াৰ প্ৰাৰ্থীৰ হৈ মৰাণত নির্বাচনী প্ৰচাৰ চলোৱাৰ লগতে একেটা দিনতে তেওঁ হোজাই আৰু লামডিঙতো প্ৰচাৰ চলাব ।

খোৱাঙৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ বিমল বড়াৰ (ETV Bharat)

নিৰ্বাচনত বিজেপিৰ সম্ভাব্য ফলাফল সন্দৰ্ভত তেওঁ কয়, "উজনি অসমত এইবাৰ বিজেপিৰ ফলাফল অতি ভাল হ'ব । কাৰণ প্ৰতিটো কাৰ্যসূচীত হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে । অসমৰ উন্নয়ন আৰু বিকাশ হৈ থকা সময়ত ৰাইজে বেলেগ কথা চিন্তা নকৰে । টায়াৰ জ্বলাই প্ৰতিবাদ কৰা সকলক অসমৰ ৰাইজে বিদায় দিব ।"

উল্লেখ্য যে মনোনয়ন পত্ৰ বৈধ ঘোষণা হোৱাৰ পাছতেই আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰত নামিছে টিংখাঙৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী বিমল বড়া ।‌ টিংখাং সমষ্টিৰ খোৱাং কলৌলোৱা পঞ্চায়তৰ পৰা বুধবাৰে আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে বিমল বড়াই । অসম গণ পৰিষদৰ টিংখাং সমষ্টিৰ বিষয়ববীয়াৰ উপস্থিতিত খোৱাং যুৱ মঞ্চৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিৰোধী দলসমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰে টিংখাং সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী । বিগত কংগ্ৰেছ চৰকাৰ আৰু ১০ বছৰৰ বিজেপি চৰকাৰৰ তুলনামূলক বিশ্লেষণ আগবঢ়াই বিজেপি দলক ভোট দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । প্ৰথমখন প্ৰচাৰ সভা সামৰি সংবাদ মাধ্যমত তেওঁ কয়, "খোৱাঙৰ পৰাই আজি আমাৰ আনুষ্ঠানিক নিৰ্বাচনী সভা আৰম্ভ কৰিছোঁ । ৰাইজ ওলাই আহিছে । ৰাইজৰ এই আশীৰ্বাদে আগন্তুক দিনত আমাৰ জয়যাত্ৰা পাথেয় হ'ব ।"

শিৱসাগৰত বাতৰি কাকত জ্বলাই দিয়া কাৰ্যক গৰিহণা

শিৱসাগৰত বাতৰি কাকত দাহ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে মন্ত্ৰী বিমল বড়াই । তেওঁ কয়, "সংবাদ মাধ্যমে ৰাইজৰ মনৰ কথাখিনি উপস্থাপন কৰে । সংবাদ মাধ্যমে প্ৰকাশ কৰা কথা কাৰোবাৰ মনপুত নহ'ব পাৰে । গণতন্ত্ৰৰ দেশত শাসক-বিৰোধী সকলো থাকিব । সংবাদ মাধ্যমৰ শাসক-বিৰোধী সকলোকে সমালোচনা কৰাৰ অধিকাৰ আছে । সংবাদ মাধ্যমে যদি নিজৰ ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁতে তেনে কাম কৰিছে এনে দুষ্কাৰ্যৰ লগত জড়িত থকাসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ ।"

লগতে পঢ়ক :

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ : অসমত প্ৰচাৰ অভিযানত ৪০গৰাকী নেতা