অসম

assam

ETV Bharat / lifestyle

অন্ধকাৰৰ পৰা আলোকলৈ : স্বপ্না পাঠকৰ সংগ্ৰামী জীৱনৰ সুৰ

দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুৱাইও সংগীতক জীৱনৰ নতুন লক্ষ্য হিচাপে লোৱা স্বপ্না পাঠকৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী । যশৱন্ত চোলাংকীৰ প্ৰতিবেদন ।

World Music Day Special story
অন্ধকাৰৰ পৰা আলোকলৈ : স্বপ্না পাঠকৰ সংগ্ৰামী জীৱনৰ সুৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : June 20, 2026 at 7:29 PM IST

জয়পুৰ :প্ৰখ্যাত সংগীত শিল্পী ষ্টিভি ৱণ্ডাৰে কোৱাৰ দৰে,"এজন ব্যক্তিৰ দৃষ্টিশক্তি নাথাকিল বুলিয়ে এইটো নহয় যে তেওঁৰ দূৰদৰ্শিতা বা দৰ্শন নাথাকিব ।" এই মহান উক্তিটো যে বাস্তৱ ৰূপ দিছে স্বপ্না পাঠকে ।

এক দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুৱাই স্বপ্না কেতিয়াও পথভ্ৰষ্ট হোৱা নাছিল । বৰঞ্চ তেওঁ কথাবোৰ ভাল কৰাৰ কল্পনা কৰিছিল আৰু সফলো হৈছে । ভাগ্যত যি আছে তাকে স্বীকাৰ কৰি নিজকে পুনৰ গঢ়িবলৈ আৰম্ভ কৰিলে । আজি তেওঁ জীৱনৰ উদ্দেশ্যক সফলতাৰে পুনৰ লিপিবদ্ধ কৰিছে আৰু নতুন আশাৰে জীয়াই থাকিবলৈ শিকিছে ।

সংগীত স্বপ্না পাঠকৰ জীৱনৰেখা হৈ পৰিল (ETV Bharat)

বিশ্ব সংগীত দিৱসৰ প্ৰাকক্ষণত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত স্বপ্নাই তেওঁৰ জীৱনৰ বাট কেনেকৈ কঠিন পথেৰে বুলিছিল সেই বিষয়ে শ্বেয়াৰ কৰিছে । তেওঁ কয়, "লক্ষ্যত উপনীত হ'বলৈ কেৱল চকু মুদি সপোন দেখাটোৱেই যথেষ্ট নহয় । সপোন পূৰণ কৰিবলৈ কণ্টকময় পথো অতিক্ৰম কৰিব লাগিব ।"

বিশ্ব সংগীত দিৱসৰ প্ৰাকমুহূৰ্তত স্বপ্না পাঠকে জীৱনৰ সংগ্ৰাম, সাহস আৰু সফলতাৰ এক অনন্য কাহিনীৰে সকলোকে অনুপ্ৰাণিত কৰিছে । দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুৱাইও হাৰ নামানি তেওঁ সংগীত, মডেলিং, এংকৰ আৰু নৃত্য পৰিচালক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । সেয়াই নহয় সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ বাবেও বহু কাম কৰি পাঠকে প্ৰশংসা বুটলিছে ।

মডেলিং কেৰিয়াৰত কেইবাটাও খিতাপ দখল স্বপ্না পাঠকৰ (ETV Bharat)

এই সফলতাৰ পথ কিন্তু সহজ নাছিল । অৱশ্যে প্ৰত্যাহ্বানৰ উদ্দেশ্য মানুহক বাধা দিয়া নহয়; ই মানুহক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে বুলি তেওঁ ভাবে ।

দুৰ্ঘটনাই সকলো সলনি কৰিলে

এক ভয়ংকৰ দুৰ্ঘটনাত স্বপ্না পাঠকে সোঁ চকুৰ দৃষ্টিশক্তিৰ ক্ষেত্ৰত যথেষ্ট সমস্যা আহিছিল । কেইবাবাৰো অস্ত্ৰোপচাৰ আৰু দীঘলীয়া চিকিৎসাৰ পিছতো তেওঁৰ দৃষ্টিশক্তি ঘূৰি নাহিল । কিন্তু জীৱনৰ এই কঠিন পৰিস্থিতিয়ে তেওঁক ভাঙি পেলাব নোৱাৰিলে ।

স্বপ্নাই কয়, "চকু কেৱল সংবেদনশীল অংগ নহয়, ইয়াৰ সৈতে আত্মবিশ্বাস, ব্যক্তিত্ব আৰু বহু সম্পৰ্ক থাকে । মই সংগীতক জীৱনৰ নতুন লক্ষ্য হিচাপে গঢ়ি তুলিবলৈ সিদ্ধান্ত ল'লোঁ ।"

২৮৫ ৰো অধিক সন্মান লাভ কৰিছে স্বপ্না পাঠকে (ETV Bharat)

তেওঁ লগতে কয়, "সংগীত কেৱল সুৰ আৰু তালৰ মাজতেই সীমাবদ্ধ হৈ নাথাৰে; ই মানুহৰ ভগা মনোবল পুনৰ গঢ়িব পাৰে । জীৱনলৈ আনন্দ ঘূৰাই অনা শক্তি আছে সংগীতত । মই মঞ্চত গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰাৰ পিছত সংগীতক কেৱল শিল্পচৰ্চা হিচাপে নহয়, সমাজক অনুপ্ৰাণিত কৰা আৰু যুৱ প্ৰজন্মক কলাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ এক মঞ্চ হিচাপে ব্যৱহাৰ কৰিছিলোঁ ।"

বৰ্তমানলৈ দেশৰ বিভিন্ন প্ৰান্তত শ শ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি স্বপ্না পাঠকে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ।

সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰা সমাজ সেৱালৈ

কেৱল সংগীতৰ মাজতে তেওঁ আবদ্ধ হৈ থকা নাছিল । আন আন দিশতো তেওঁ সফল হৈছে । প্ৰায় সকলো ক্ষেত্ৰতে তেওঁ চাপ এৰিবলৈও সক্ষম হৈছে । ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ সকলোকে আচৰিত কৰিছিল । কেৱল অংশগ্ৰহণে নহয় মিচেছ ৰাজস্থান পেচিফিক কুইন ২০১৯ খিতাপো তেওঁ দখল কৰিছিল ।

মিউজিকেল ছফৰ ইণ্ডিয়াৰ যোগেদি সমাজ সেৱাত জড়িত স্বপ্না পাঠক (ETV Bharat)

ইয়াৰ উপৰিও তেওঁৰ কৃতিত্বৰ তালিকাত আছে মিচেছ ইউপি ২০১৮, মিচেছ ডাইনামিক ২০১৯, মিচেছ গৰ্জিয়াছ কুইন ২০১৯, মিচেছ আগ্ৰা ২০১৬, কাৰৱা চৌথ কুইন ২০১৮, মিচেছ ফেচবুক কুইন ২০১৮ আৰু মিচেছ তীজ কুইন ২০১৭ ।

মঞ্চত গীত পৰিৱেশন কৰাৰ মুহূৰ্তত স্বপ্না পাঠক (ETV Bharat)

স্বপ্নাৰ মতে এই খিতাপবোৰ কেৱল গ্লেমাৰৰ প্ৰতীক নহয় । আত্মবিশ্বাস আৰু দৃঢ়তাৰ জৰিয়তে যিকোনো বাধা অতিক্ৰম কৰিব যে পাৰি তাৰ প্ৰমাণ । তেওঁ গৌৰৱেৰে কয়, "সৌন্দৰ্য প্ৰতিযোগিতা কেতিয়াও কেৱল গ্লেমাৰৰ বিষয় নাছিল; ইয়াত সদায় এই বাৰ্তা আছিল যে শাৰীৰিক সীমাবদ্ধতাই মানুহৰ ক্ষমতাক কেতিয়াও আবদ্ধ কৰি ৰাখিব নোৱাৰে ।"

ৰাইজৰ বিশ্বাস আটাইতকৈ ডাঙৰ উপলব্ধি

বহুতৰে বাবে প্ৰেৰণাৰ উৎস স্বপ্নাই শিল্প, শিক্ষা, সমাজ সেৱা আৰু সাংস্কৃতিক প্ৰতিটো ক্ষেত্ৰতে অৱদানৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ২৮৫ ৰো অধিক সন্মান লাভ কৰিছে । তাৰ ভিতৰত আছে নেশ্বনেল এচিভাৰ্ছ এৱাৰ্ড, সমাজ ৰত্ন বঁটা, শক্তি স্বৰূপা বঁটা, চৌধৰী চৰণ সিং সন্মান, ড৹ ভীমৰাও আম্বেদকাৰ সন্মান আৰু যুৱ আইকন বঁটা ।

প্ৰত্যাহ্বানৰ সৈতে যুঁজি তেওঁ কৰা কামৰ স্বীকৃতি স্বৰূপে তেওঁক শেহতীয়াকৈ 'পৃথিৱীৰ আটাইতকৈ প্ৰেৰণাদায়ক মহিলা' (Most Inspirational Woman on Earth) উপাধি প্ৰদান কৰা হৈছে । অৱশ্যে স্বপ্নাৰ মতে বঁটাতকৈও ডাঙৰ বস্তু হৈছে মানুহৰ তেওঁৰ ওপৰত থকা বিশ্বাস আৰু তেওঁলোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পৰা ক্ষমতা গুৰুত্বপূৰ্ণ ।

এতিয়ালৈ বহু সন্মান বুটলিছে স্বপ্না পাঠকে (ETV Bharat)

সংগীত তেওঁৰ জীৱনৰেখা হৈ পৰিল

বিশ্ব সংগীত দিৱস উপলক্ষে তেওঁ দিব বিচৰা এক বাৰ্তাৰ বিষয়ে সোধাত কয়, "সংগীত হৈছে এক শক্তিশালী মাধ্যম, যিয়ে সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে ।" ঠিকেই কৈছে কিয়নো তেওঁৰ সফলতাসমূহৰ ভিতৰত আছে সমগ্ৰ ভাৰতৰ ৩০০ ৰো অধিক মঞ্চত পৰিৱেশন, ১২৫ টাতকৈও অধিক শ্ব'ত এংকৰিং, ১১০ টাতকৈও অধিক অনুষ্ঠানত বিচাৰক, ৯০ টাতকৈও অধিক মঞ্চ প্ৰযোজনাৰ নৃত্য পৰিচালনা আৰু শ শ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা ।

টেলিভিছন, চলচ্চিত্ৰ আৰু সাহিত্যত ভুমুকি

সংগীত আৰু মডেলিঙৰ উপৰিও স্বপ্নাই জনপ্ৰিয় টেলিভিছন শ্ব' "সাৱধান ইণ্ডিয়া"ত অভিনয় কৰাৰ লগতে বলীউডৰো কেইখনমান ছবিত অভিনয় কৰিছে । সাহিত্য ক্ষেত্ৰতো তেওঁৰ অৱদান যথেষ্ট আছে । তেওঁৰ কবিতা, প্ৰবন্ধ, সাহিত্যকৰ্ম দেশ-বিদেশৰ বিভিন্ন আলোচনীত প্ৰকাশ পাইছে । শিক্ষা ক্ষেত্ৰতো তেওঁ সক্ৰিয়ভাৱে জড়িত । 'পাৱাৰ এডুকেশ্বন'ৰ সঞ্চালক হিচাপে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক তেওঁ সহায় কৰি আহিছে ।

তেওঁ প্ৰতিষ্ঠা কৰা 'মিউজিকেল ছফৰ ইণ্ডিয়া' নামৰ সংস্থাটোৱে দেশৰ উদীয়মান আৰু বঞ্চিত প্ৰতিভাসমূহক মঞ্চ প্ৰদান কৰি আহিছে । স্বপ্নাৰ মতে, "প্ৰকৃত প্ৰতিভা কেতিয়াও ধন-সম্পদ বা সুবিধাৰ ওপৰত নিৰ্ভৰশীল নহয়; প্ৰয়োজন কেৱল সঠিক দিশ আৰু এক সুযোগ ।"

প্ৰত্যাহ্বানপূৰ্ণ এই জীৱনত স্বপ্নাই তেওঁৰ সফলতাৰ কাৰণ স্বামী বিজেন্দ্ৰ পাঠক বুলি উল্লেখ কৰে । স্বামীৰ সহযোগিতা তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি বুলিও স্বীকাৰ কৰিছে । তেওঁ কয়, "বিয়াৰ পৰম্পৰা অনুসৰি ৭ টা প্ৰতিশ্ৰুতিৰ লগত আমি আৰু এটা প্ৰতিশ্ৰুতি যোগ কৰিছিলোঁ । ইজনে সিজনৰ সপোন পূৰণৰ ক্ষেত্ৰত কাষত থিয় দিয়া ।"

চিকিৎসাৰ কঠিন পৰ্যায়, মঞ্চৰ সংগ্ৰাম আৰু নতুন উদ্যোগৰ বিষয়ে চিন্তা কৰি তেওঁ কয় যে তেওঁৰ স্বামীয়ে তেওঁক প্ৰতিটো খোজতে সমৰ্থন কৰিছিল । তেওঁ কয়, "আচলতে সংগী মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি হৈ পৰিল ।"

লগতে পঢ়ক :

আধুনিকতাৰ ওপৰত ভিত্তি কৰি শীৰ্ষৰ ২০খন ভাৰতীয় চহৰ, উদ্ভাৱনৰ ক্ষেত্ৰত বেংগালুৰুৰ আধিপত্য