ETV Bharat / bharat

আধুনিকতাৰ ওপৰত ভিত্তি কৰি শীৰ্ষৰ ২০খন ভাৰতীয় চহৰ, উদ্ভাৱনৰ ক্ষেত্ৰত বেংগালুৰুৰ আধিপত্য

এই ৰেংকিং ডিজিটেল কথোপকথনৰ পৰিমাণ, সংবাদ মাধ্যমৰ উপস্থিতি, ফেশ্বন উদ্যোগৰ সূচক আৰু খুচুৰা বাণিজ্যৰ তথ্য আদিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে ।

City Style Quotient 2026
প্ৰতিনিধিত্বমূলক ছবি (ANI)
author img

By ANI

Published : June 16, 2026 at 8:28 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: প্ৰত্যেক কথা, প্ৰত্যেক বিষয়ৰে আছে সুকীয়া শৈলী ৷ ভাৰতৰ যিকোনো এখন চহৰৰ মাজেৰে পাৰ হ’লে আপুনি অনুভৱ কৰিব চহৰখনৰো আছে নিজা ভাষা, নিজা ভাব-ভংগী ৷

বহু চহৰে নিজৰ ঐতিহ্যক হাতৰ মুঠিত ধৰি ৰাখে ৷ ভাৰতীয় শৈলী কেতিয়াও এটা কথাতে সীমাবদ্ধ থকা নাই, হয়তো ভৱিষ্যতেও নাথাকে । কিন্তু আচলতে কিহৰ বাবে এখন চহৰক সজাই-পৰাই তোলা হয় ?

‘এ ডাইমণ্ড ইজ ফৰ এভাৰ ইণ্ডিয়া বাই ডি বিয়াৰ্ছ’ য়ে এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ আৰম্ভ কৰিছিল ৷ যি ভাৰতৰ ২০ খন চহৰৰ ৰেংকিং ‘চিটী ষ্টাইল কোটিয়েণ্ট(চিএছকিউ) ২০২৬’ হিচাপে পৰিচিত । এই ৰেংকিং ডিজিটেল কথোপকথনৰ পৰিমাণ, সংবাদ মাধ্যমৰ উপস্থিতি, ফেশ্বন উদ্যোগৰ সূচক আৰু খুচুৰা বাণিজ্যৰ তথ্যকে ধৰি প্ৰকৃত তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে ।

এই তালিকাত ১০০ৰ ভিতৰত ৯৬.১ পইণ্টেৰে মুম্বাইয়ে শীৰ্ষস্থান দখল কৰিছে । দিল্লীয়ে ৯৩.৫ পইণ্টেৰে দ্বিতীয় স্থানত আৰু বেংগালুৰুৱে ৯০.২ পইণ্টেৰে তৃতীয় স্থানত আছে ।

এই কথাটোত কোনো আচৰিত হ’বলগীয়া নাই ৷ বেংগালুৰুৱে তৃতীয় স্থান দখল কৰাৰ লগতে আন দুটা শাখাতো খিতাপ দখল কৰে, সেয়া হৈছে - ‘ট্ৰেণ্ড আপটেক লিডাৰ’ আৰু ‘কনচিয়াছ ষ্টাইল কেপিটেল’ । শৈলীতকৈ ষ্টাৰ্টআপ সংস্কৃতিৰ বাবে অধিক পৰিমাণে পৰিচিত এই চহৰখনে নীৰৱে অন্যতম আকৰ্ষণীয় ফেশ্বন ইক’চিষ্টেম গঢ়ি তুলিছে । তথ্যসমূহে বহনক্ষম ব্ৰেণ্ড, ঘৰতে উৎপাদিত লেবেল আৰু ক্ৰয় কৰাৰ পূৰ্বে নিজৰ ক্ৰয়ৰ ওপৰত গুৰুত্ব সহকাৰে চিন্তা কৰা গ্ৰাহকৰ দ্বাৰা সংজ্ঞায়িত এক পৰিৱেশ উন্মোচন কৰে ।

চণ্ডীগড়ে ৮২.২ পইণ্টেৰে পঞ্চম স্থান দখলৰে চেন্নাই, হায়দৰাবাদ, পুনে আৰু জয়পুৰৰ দৰে চহৰৰ তুলনাত আগবাঢ়ি আছে । বিলাসিতাত খৰচ কৰাৰ পৰা আৰম্ভ কৰি প্ৰিমিয়াম এথলেইজাৰ আৰু হাই-এণ্ড লাইফষ্টাইল প্ৰডাক্ট ক্ৰয় কৰালৈকে এই সংখ্যাবোৰে এনে এখন চহৰৰ কাহিনী বৰ্ণনা কৰে, যিয়ে নিজৰ থলুৱা পৰিচয় অতিক্ৰমী ৰাষ্ট্ৰীয় শৈলীৰ প্ৰতীকত পৰিণত হৈছে ।

দেশৰ শীৰ্ষৰ পাঁচখন চহৰৰ নামলাভ কৰা পইণ্ট
মুম্বাই৯৬.১
দিল্লী৯৩.৫
বেংগালুৰু৯০.২
কলকাতা৮৫.০
চণ্ডীগড়৮২.২

শিতানৰ বিজয়ীসকল

দেশৰ সৰ্বাধিক ফেশ্বনেবল চহৰমুম্বাই
ফেশ্বনৰ প্ৰতি সৰ্বাধিক উৎসাহী চহৰদিল্লী
ভাৰতৰ খুচুৰা হাবমুম্বাই
সৰ্বাধিক ষ্টাইলিছ চহৰমুম্বাই
ফেশ্বন ট্ৰেণ্ড গ্ৰহণৰ ক্ষেত্ৰত আগৰণুৱাবেংগালুৰু
আটাইতকৈ চৰ্চিত ফেশ্বন চহৰদিল্লী
চেলিব্ৰিটি ষ্টাইল কেপিটেলমুম্বাই
গহনা শৈলীৰ ৰাজধানী চহৰচেন্নাই
ডিজাইনাৰ হাবমুম্বাই
প্ৰতিটো দিনৰ সাজ-সজ্জাৰ চহৰ দিল্লী
সচেতন শৈলী ৰাজধানী চহৰবেংগালুৰু

ভাৰতৰ ফেশ্বন জগতখনৰ সুকীয়া শৈলীৰ কাহিনী এতিয়া কেৱল কেইখনমান চহৰতে সীমাবদ্ধ হৈ থকা নাই । মুম্বাই, কলকাতা, বেংগালুৰু, চণ্ডীগড়, চেন্নাইৰ দৰে দেশৰ আগশাৰীৰ প্ৰতিখন চহৰে ব্যতিক্ৰমী শৈলীৰে সুকীয়া সুকীয়া কাম অব্যাহত ৰাখিছে ৷

শৈলী বা ডিজাইন মূলতঃ পৰিচয়ৰ প্ৰথম প্ৰকাশ আৰু প্ৰতিখন চহৰেই এই কাহিনী নিজৰ ধৰণেৰে উপস্থাপন কৰে ৷ এই অধ্যয়নে সমগ্ৰ ভাৰতত ফেশ্বনৰ বৈচিত্ৰ্যক উদযাপন কৰে আৰু মানুহে কেনেকৈ সাজ-পোছাক পৰিধান কৰে, বজাৰ কৰে আৰু নিজকে উপস্থাপন কৰে, তাৰ ওপৰত প্ৰভাৱ পেলোৱা বহু সাংস্কৃতিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে ।

অধ্যয়নৰ বিষয়ে দু-আষাৰ

ভাৰতত চলোৱা ভৌগোলিকভাৱে বৈচিত্ৰময় শৈলীৰ অধ্যয়নসমূহৰ ভিতৰত অন্যতম হৈছে ‘চিটি ষ্টাইল কোটিয়েণ্ট ২০২৬’ । এই সূচকাংকত অন্তৰ্ভুক্ত ২০খন চহৰৰ মাজত মুম্বাই, দিল্লী, বেংগালুৰুৰ দৰে মেট্ৰ’ চহৰসমূহ, ইন্দোৰ আৰু আহমেদাবাদৰ দৰে টায়াৰ-২ বজাৰ, বাৰাণসী, লক্ষ্ণৌ, জয়পুৰৰ দৰে ঐতিহ্য আৰু শিল্পকলাৰ চহৰ, কোচি আৰু গোৱাৰ দৰে উপকূলীয় চহৰ আৰু উত্তৰ-পূবৰ চহৰ যেনে - গুৱাহাটী, শ্ৰীনগৰ আৰু গেংটকক অন্তৰ্ভুক্ত কৰা হৈছে ।

প্ৰতিখন চহৰক ১০টা পৰিমাপত পইণ্ট প্ৰদান কৰা হৈছিল, য'ত আছিল অনুসন্ধানৰ চাহিদা, খুচুৰা কাৰ্যকলাপ, শৈলীৰ দৃশ্যমানতা, ট্ৰেণ্ড গ্ৰহণ, ডিজিটেল এংগেজমেণ্ট, চেলিব্ৰিটিৰ প্ৰভাৱ, গহনা প্ৰভাৱ, ডিজাইনাৰ সংখ্যা, দৈনন্দিন ফেশ্বন আৰু বহনক্ষম ফেশ্বন । ১০০ ক ভিত্তি হিচাপে লৈ এই স্ক’ৰ নিৰ্ধাৰণ কৰা হৈছিল আৰু এই ২০খন চহৰৰ মাজত তুলনামূলক বিশ্লেষণৰ জৰিয়তে প্ৰতিটো পইণ্ট দিয়া হৈছিল ।

লগতে পঢ়ক: জগন্নাথ ৰথ যাত্ৰা: এআই কেমেৰা, ড্ৰোনেৰে নিয়ন্ত্ৰণ কৰিব ভিৰ