অসম

assam

ETV Bharat / international

প্ৰত্যাহ্বানমূলক হ'ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন: কিয় ক'লে মহম্মদ ইউনুছে ?

দেশৰ লগতে বিদেশৰো বৃহৎ শক্তিয়ে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত বাধা দিব পাৰে বুলি আশংকা কৰিছে অন্তৱৰ্তীকালীন চৰকাৰে ।

Muhammad Yunus
প্ৰত্যাহ্বানমূলক হ'ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন (AP)

By PTI

Published : October 30, 2025 at 1:24 PM IST

ঢাকা:বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ইতিমধ্যে সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে । চলিত বছৰৰ শেষৰ ফালে নহ'লে ২০২৬ৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে মুৰব্বী মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে । তাৰ মাজতে নিৰ্বাচনত বাধা আহিব পাৰে বুলি শংকিতও হৈছে চৰকাৰ । অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগক প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়াৰ বাবে সাধাৰণ নিৰ্বাচন বিফল কৰিবলৈ দেশ-বিদেশৰ শক্তিয়ে চেষ্টা কৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ।

নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ইউনুছৰ প্ৰেছ সচিব ছফিকুল আলমে তেওঁৰ উদ্ধৃতি দি কয় যে দেশৰ ভিতৰৰ পৰা বাহিৰৰ বহু শক্তিয়ে নিৰ্বাচন বিফল কৰাৰ কাম কৰিব । ক্ষুদ্ৰ শক্তি নহয়, বহু প্ৰভাৱশালী শক্তিয়ে ইয়াক বিফল কৰাৰ চেষ্টা কৰিব । হঠাতে আক্ৰমণো হ'ব পাৰে ।

মুখ্য উপদেষ্টা ইউনুছে বৈঠকত কয় যে নিৰ্বাচন প্ৰত্যাহ্বানমূলক হ'ব কাৰণ "দেশৰ ভিতৰ আৰু বাহিৰৰ পৰা পৰিকল্পিতভাৱে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলোৱা হ'ব ।"

ইউনুছে আশংকা ব্যক্ত কৰি কয় যে এ আইৰ দ্বাৰা প্ৰস্তুত কৰা ফটো আৰু ভিডিঅ' অনলাইন আৰু সামাজিক মাধ্যম প্লেটফৰ্মতো প্ৰচাৰিত হ'ব আৰু এনে বিষয়বস্তুৰ প্ৰসাৰ ৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । ইউনুছৰ উদ্ধৃতিৰে কোৱা হৈছে, "আমি সেইবোৰ (বাধা) অতিক্ৰম কৰিব লাগিব ।"

অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বিদেশী সংবাদ সংস্থা আৰু ব্ৰিটেইনৰ দ্য ইণ্ডিপেণ্ডেণ্ট কাকতত এক সাক্ষাৎকাৰ দিয়ে । যোৱা বছৰৰ ৫ আগষ্টৰ পিছত হাছিনাই মূলসুঁতিৰ সংবাদ মাধ্যমত প্ৰথমবাৰৰ বাবে সাক্ষাৎকাৰ দিয়ে । হাছিনাৰ এই সাক্ষাৎকাৰ দিনটোতে মুখ্য উপদেষ্টা ইউনুছে সম্ভাব্য নিৰ্বাচন সম্পৰ্কীয় মন্তব্য কৰে । নিৰ্বাচন আয়োগে আৱামী লীগৰ পঞ্জীয়ন বাতিল কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা অযোগ্য ঘোষণা কৰা সন্দৰ্ভত বুধবাৰে দিয়া সাক্ষাৎকাৰত হাছিনাই কয় যে দলৰ লাখ লাখ সমৰ্থকে নিৰ্বাচন বৰ্জন কৰিব ।

বিদেশত আত্মগোপন কৰি থকা হাছিনাই তেওঁৰ সাক্ষাৎকাৰত জোৰ দি কয় যে তেওঁ দেশত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে । ব্ৰিটেইনৰ ইণ্ডিপেণ্ডেণ্ট কাকতক দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে পৰৱৰ্তী চৰকাৰৰ নিৰ্বাচনী বৈধতা থাকিব লাগিব ।

লগতে পঢ়ক:সীমান্তৰ সমস্যা সমাধানত বৰ্তমানৰ ব্যৱস্থা অব্য়াহত ৰাখিবলৈ সন্মত ভাৰত-চীন