ধৰ্মৰ ঊৰ্ধ্বত ভাৰতীয় সংস্কৃতি: হিন্দু পৰম্পৰাৰ মহানতাক লৈ জাভেদ আখটাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য
জাভেদ আখটাৰৰ দৃষ্টিত ভাৰতীয় সংস্কৃতি আৰু হিন্দু পৰম্পৰাৰ মহানতা-
By ETV Bharat Entertainment Team
Published : July 13, 2026 at 1:35 PM IST
হায়দৰাবাদ:প্ৰসিদ্ধ চিত্ৰনাট্যকাৰ জাভেদ আখটাৰে এসময়ত হিন্দু সংস্কৃতি আৰু পৰম্পৰাৰ উচ্চ প্ৰশংসা কৰিছিল । অলপতে ইণ্টাৰনেটত তেওঁৰ এটা পুৰণি ভিডিঅ' ভাইৰেল হৈ পৰিছে, য’ত তেওঁ হিন্দু সংস্কৃতিৰ মহানতাৰ বিষয়ে সুন্দৰভাৱে বাখ্যা কৰা দেখা গৈছে ।
ভিডিঅ’টোত তেওঁ কৈছিল, “হিন্দু সমাজ, হিন্দু সংস্কৃতি আৰু হিন্দু পৰম্পৰাৰ আটাইতকৈ ধুনীয়া দিশটো কি বাৰু ? ইয়াৰ সৌন্দৰ্য এইটোৱেই যে ই আপোনাক যিকোনো কথা ক’বলৈ, যিকোনো কথা শুনিবলৈ আৰু যিকোনো কথা বিশ্বাস কৰিবলৈ স্বাধীনতা দিয়ে । এই মূল্যবোধৰ বাবেই আজি আমাৰ দেশত গণতন্ত্ৰ বৰ্তি আছে । আপুনি যদি এই দেশ এৰি যায়, তেন্তে ক’তোৱেই এনে গণতন্ত্ৰ বিচাৰি নাপাব ।”
ইয়াৰ পূৰ্বেও ইণ্টাৰনেটত তেওঁৰ আন এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত তেওঁ সংস্কৃতি কেনেকৈ ধৰ্মৰ পৰা স্বতন্ত্ৰ বা মুক্ত, সেই বিষয়ে আলোচনা কৰিছিল । জাভেদ আখটাৰ এগৰাকী নাস্তিক ব্যক্তি, কিন্তু তেওঁ সকলো উৎসৱ সমানে উদযাপন কৰে । আচলতে, হিন্দী চলচ্চিত্ৰ উদ্যোগৰ আটাইতকৈ ডাঙৰ হোলী উৎসৱটো প্ৰতিবছৰে তেওঁৱেই আয়োজন কৰে ।
এই বিষয়ত কথা পাতি তেওঁ কৈছিল, “এজন মানুহ কেৱল সেয়াই নহয় যি নিজৰ বিষয়ে বুজি পাই, বৰঞ্চ পৃথিৱীখনে তেওঁক কেনেকৈ বুজি পাই সেইটোও গুৰুত্বপূৰ্ণ । মোৰ কোনো ধৰণৰ ধৰ্মীয় বিশ্বাস নাই । তথাপিও ঈদৰ দিনা মই শুভেচ্ছা লাভ কৰোঁ । মই বকৰী ঈদ উদযাপন নকৰোঁ, কিন্তু তথাপিও শুভেচ্ছা পাওঁ । আমি ঈদ উদযাপন কৰোঁ, বৰদিন উদযাপন কৰোঁ, হোলী উদযাপন কৰোঁ আৰু দীপাৱলীও উদযাপন কৰোঁ । আমাৰ চলচ্চিত্ৰ উদ্যোগৰ আটাইতকৈ ডাঙৰ হোলী উৎসৱটো আমাৰ ঘৰতেই আয়োজন কৰা হয় । কিন্তু আমি এই সকলোবোৰক আমাৰ সংস্কৃতি হিচাপেই গণ্য কৰোঁ ।”
তেওঁ লগতে যোগ দি কয়, “এয়াই ভাৰতৰ সংস্কৃতি । ধৰ্মৰ বাবে আমি আমাৰ সংস্কৃতিক কেতিয়াও এৰি নিদিওঁ । ধৰ্মক এৰি দিয়ক, সংস্কৃতিক ধৰি ৰাখক । সংস্কৃতি এক অতি ধুনীয়া বস্তু । হোলী, দীপাৱলী আদি অতি সুন্দৰ উৎসৱ । আমি এইবোৰক কিয় এৰি দিম ? আচলতে মই আপোনাক ইয়াৰ বিপৰীতটোহে ক’ম । আপুনি যদি যিকোনো নৃতত্ত্ববিদক সোধে, তেতিয়া জানিব পাৰিব যে, এই উৎসৱবোৰ ধৰ্মই সৃষ্টি কৰা নাছিল । এই উৎসৱসমূহ সংস্কৃতিৰ দ্বাৰাহে গঢ়ি উঠিছিল । পৰৱৰ্তী সময়ত ধৰ্মই এইবোৰক নিজৰ মাজত অন্তৰ্ভুক্ত কৰি ল’লে ।”
লগতে পঢ়ক :চিকিৎসকে কৈছিল 'তুমি অভিনেতা হ’ব নোৱাৰা', আজি সেই হৃত্বিক ৰোশনেই লৈছে নতুন ৰূপ !