ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ‘ৰবীন্দ্ৰনাথ ঠাকুৰে লাভ কৰা নোবেল বঁটা’ সন্দৰ্ভত এক অদ্ভূত মন্তব্য কৰে । যাৰ প্ৰত্যুত্তৰ দিছে তৃণমূলৰ ৰাজ্যিক সম্পাদক কুণাল ঘোষে।
Published : January 28, 2026 at 10:35 PM IST
দুর্গাপুৰ (পশ্চিম বংগ) :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত বন্দে মাতৰামৰ সুৰকাৰ বাংকিম চন্দ্ৰ চট্টোপাধ্যায়ক ‘বাংকিম-দা’ বুলি সম্বোধন কৰে । যাক কেন্দ্ৰ কৰি বিতৰ্কক সূত্ৰপাত হয় । আনফালে প্ৰধানমন্ত্ৰীৰ দলৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক লৈ এক চাঞ্চল্যকৰ মন্তব্য কৰিছে । দুৰ্গাপুৰত বিজেপিৰ এক অনুষ্ঠানত তেওঁ কয়, "শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কবি ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল ।"
বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কয়, "কেৱল এই ৰাজ্যখনকে নহয় সমগ্ৰ দেশকে নতুন শিক্ষাৰ পদ্ধতি শিকাইছিল । যাৰ বাবে তেওঁক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল । সেয়ে আজি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা মনত পৰিল ।" ইয়াৰ পূৰ্বেও বহু বিজেপি নেতাই বাঙালী পণ্ডিতক লৈ বিভিন্ন কটু মন্তব্য কৰা দেখা গৈছিল ।
নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ এটা শাৰী ভুলকৈ উচ্চাৰণ কৰিছিল আৰু এতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়েও ৰবীন্দ্ৰনাথ ঠাকুৰক প্ৰদান কৰা নোবেল বঁটাৰ বিষয়ে ভুল তথ্য বিয়পাইছে । উল্লেখ্য যে, সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবেহে কবিগৰাকীয়ে লাভ কৰে নোবেল বঁটা ।
ৰবীন্দ্ৰনাথ ঠাকুৰৰ অনুৰাগীসকলে কয়, "গোটেই বিশ্বই জানে যে ৰবীন্দ্ৰনাথ ঠাকুৰে বিখ্যাত কাব্যগ্ৰন্থ গীতাঞ্জলিৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল । পঢ়া-শুনা নকৰাকৈয়ে আন কোনোবাই লিখা স্ক্রিপ্টৰ আধাৰত কথা কৈ বংগৰ পণ্ডিতসকলক অপমান কৰিছে । সেয়েহে এই সকলো নেতাই ঘৰত ভালদৰে পঢ়া-শুনা কৰিহে ৰাজহুৱা ভাষণ দিব লাগে ।"
তৃণমূলৰ ৰাজ্যিক সম্পাদক কুণাল ঘোষে এই বিষয়ত এক বিবৃতিত নীতিন নবীনৰ পৰা ক্ষমা বিচাৰিছে । তেওঁ কয়, "তেওঁ আজি বংগত কৰা এই অপৰাধৰ বাবে তৎক্ষণাত ক্ষমা খুজিব লাগিব।"
ঘোষে কয়, "নীতিন নবীনে কয় যে ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিৰ বাবে নোবেল বঁটা লাভ কৰিছিল । এই বিজেপি সভাপতিজনে নাজানে যে বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ বাবেহে নোবেল বঁটা লাভ কৰিছিল, যাৰ বাবে বংগ আৰু ভাৰতক গৌৰৱান্বিত কৰা হৈছিল ।"
নীতিন নবীন আৰু বিজেপিক কটাক্ষ কৰি কুণালে কয়, "নীতিন নবীনে হয়তো কেতিয়াও গীতাঞ্জলিৰ কথা শুনা নাই । বিজেপিয়ে বঙালী পণ্ডিতক সন্মান নকৰে । তেওঁলোকে বাংলা সাহিত্য, বাংলা সংস্কৃতি, বাংলা ইতিহাস, বাংলা ভাষাকো সন্মান নকৰে । আটাইতকৈ ডাঙৰ কথাটো হ'ল বংগই দেশখনক কেনেকৈ চহকী কৰিছে, তাৰ খবৰ ৰখাটো প্ৰয়োজনীয় বুলি নাভাবে ।"
তৃণমূল কংগ্ৰেছৰ বিধায়ক তথা পশ্চিম বুৰ্ডৱান জিলাৰ সভাপতি নৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে ইয়াক লৈ বিজেপিক লক্ষ্য কৰে । তেওঁ কয়, "এই বিষয়েটোৱে এটা কথা স্পষ্ট কৰিছে যে তেওঁলোকৰ বাঙালীৰ প্ৰতি কিমান সন্মান, কিমান ভক্তি আছে, কিমান জ্ঞান আছে ? তেওঁলোকে বংগবাসীক অত্যাচাৰ কৰে, বংগৰ পৰম্পৰাক মাটিত মিহলাই পেলাইছে ।"