ETV Bharat / bharat

মণিপুৰ হিংসা : ন্যায়াধীশ গীতা মিট্টাল সমিতিৰ কাৰ্যকাল ৩১ জুলাইলৈ বৃদ্ধি

২০২৩ চনৰ আগষ্ট মাহত মণিপুৰ হিংসা ভুক্তভোগীৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ তদাৰকৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিছিল সমিতিখন ।

Supreme Court
ন্যায়াধীশ গীতা মিট্টাল সমিতিৰ কাৰ্যকাল ৩১ জুলাইলৈ বৃদ্ধি (File/ANI)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 4:01 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : মণিপুৰৰ জাতিগত হিংসাৰ বলি হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ তদাৰকৰ বাবে গঠন কৰা উচ্চতম ন্যায়ালয়ৰ বিশেষ সমিতিৰ কাৰ্যকাল ৩১ জুলাইলৈ বৃদ্ধি । উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া ন্যায়াধীশ গীতা মিট্টাল সমিতিৰ কাৰ্যকাল ৩১ জুলাইলৈ বৃদ্ধি কৰে ।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰে গঠিত বিচাৰপীঠে যোৱা বছৰৰ জুলাই মাহত সমিতিৰ কাৰ্যকাল সমাপ্ত হোৱা বুলি জনোৱাৰ পিছতে কাৰ্যকাল বৃদ্ধি কৰে । বিচাৰপীঠক জনোৱা হয় যে সমিতিয়ে এই পৰ্যন্ত ভুক্তভোগীসকলৰ পুনৰ সংস্থাপনৰ সৈতে জড়িত বিভিন্ন দিশৰ ওপৰত ৪২ খন প্ৰতিবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে ।

মুখ্য ন্যায়াধীশ কান্তই কয় যে যিহেতু ২০২৫ চনৰ জুলাইৰ পৰা কোনো আনুষ্ঠানিক সময়সীমা বৃদ্ধিৰ অনুমতি দিয়া হোৱা নাছিল, সেয়েহে সমিতিখন অব্যাহত ৰখাৰ নিয়ম কৰা হ'ব আৰু ২০২৬ চনৰ ৩১ জুলাইলৈকে সময় দিয়া হ'ব ।

২০২৩ চনৰ ৭ আগষ্টত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৩ গৰাকী প্ৰাক্তন মহিলা ন্যায়াধীশৰে গঠিত এখন সমিতি গঠন কৰি ভুক্তভোগীসকলৰ সাহায্য, পুনৰ সংস্থাপন আৰু তেওঁলোকক ক্ষতিপূৰণৰ তদাৰক কৰাৰ নিৰ্দেশ দিয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক দত্তত্ৰায় পেডচালগিকৰক অপৰাধমূলক গোচৰৰ তদন্তৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিছিল । জাতিগত সংঘাতৰ সৈতে জড়িত গোচৰসমূহ নিৰীক্ষণ কৰি থকা শীৰ্ষ আদালতত পোনপটীয়াকৈ প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিখনক কৰ্তৃত্ব দিয়া হৈছিল ।

জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গীতা মিট্টালৰ নেতৃত্বত গঠিত এই সমিতিত আছে বোম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শালিনী পি যোশী আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আশা মেনন । মণিপুৰ হিংসাই চৰম পৰ্যায় পোৱাৰ সময়তে উচ্চতম ন্যায়ালয়ে এই ৩ জনীয়া সমিতি গঠন কৰিছিল ।

২০২৩ চনৰ ৩ মে'ত মণিপুৰত প্ৰথমবাৰৰ বাবে জাতিগত হিংসা সংঘটিত হৈছিল । দুটা সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৰাজ্যখনত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে, কেইবাশ লোক আহত হৈছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছিল ।

লগতে পঢ়ক :ইউজিচিৰ নতুন নিয়মৰ বিৰুদ্ধে দাখিল কৰা আবেদন গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ