অসম

assam

ETV Bharat / bharat

৩.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল জম্মু-কাশ্মীৰৰ বাৰামুল্লাক

জম্মু-কাশ্মীৰৰ বাৰামুল্লাত ভূমিকম্প ৷ এই ভূকম্পৰ ফলত কোনো লোকৰ মৃত্যু বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই ।

over 3 magnitude earthquake hits jammu kashmir baramulla
প্ৰতিনিধিত্বমূলক ফটো (IANS)

By ETV Bharat Assamese Team

Published : July 13, 2026 at 10:20 AM IST

শ্ৰীনগৰ : জম্মু-কাশ্মীৰৰ বাৰামুল্লাত ভূমিকম্প ৷ তথ্য মতে, সোমবাৰে পুৱতি নিশা হোৱা এই ভূমিকম্পৰ প্ৰাবল্য ৩.৬ ৰিখটাৰ স্কেল । বাতৰি লিখা পৰলৈকে কোনো লোক হতাহতি বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই ।

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি, সোমবাৰে পুৱা জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত ৩.৬ প্ৰাবল্যৰ মৃদু ভূমিকম্পৰ সৃষ্টি হয় । নেশ্ব’নেল চেণ্টাৰ ফৰ ছিজম’লজীয়ে (NCS) এক্সত শ্বেয়াৰ কৰা তথ্য অনুসৰি, পুৱতি নিশা ২ বজাত ১০ কিলোমিটাৰ গভীৰতাত এই কম্পন সংঘটিত হয় ৷

এই প্ৰতিবেদন দাখিল কৰাৰ সময়লৈকে কোনো ধৰণৰ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই । জিলাখনত ফেব্ৰুৱাৰী মাহতো ৪.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ সৃষ্টি হৈছিল । সেই ভূমিকম্পৰ কেন্দ্ৰবিন্দু পট্টন অঞ্চল আছিল ।

মন কৰিবলগীয়া যে, যোৱা মাহতো জম্মু-কাশ্মীৰত এক মৃদু জোকাৰণিৰ অনুভূত হৈছিল ৷ সেই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আফগানিস্তানত আছিল ৷ ইয়াৰ প্ৰাবল্য ৬.২ আছিল ৷ জম্মু-কাশ্মীৰৰ লগতে দিল্লী-এনচিআৰতো এই ভূকম্পনৰ অনুভূত হৈছিল ৷ জানিব পৰা মতে, আফগানিস্তানৰ হিন্দুকুছ অঞ্চলত এই ভূমিকম্প সংঘটিত হৈছিল ।

ভাৰতীয় ৰাষ্ট্ৰীয় ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি, উত্তৰ-পূব আফগানিস্তানৰ কালাফগানৰ পৰা প্ৰায় ৮১ কিলোমিটাৰ দূৰত্বত, ৩৬.৪৪২° উত্তৰ অক্ষাংশ আৰু ৭০.৬৭২° পূব দ্ৰাঘিমাংশত আৰু পৃথিৱীৰ তলৰ ২১৫ কিলোমিটাৰ গভীৰতাত এই ভয়ংকৰ কেন্দ্ৰটো অৱস্থিত ।

এক্স পোষ্টত এই বিষয়ে সবিশেষ উল্লেখ কৰি এনচিএছে জনোৱা মতে, ভাৰতীয় সময় মতে সন্ধিয়া ৭.০৪ বজাত ভূপৃষ্ঠৰ পৰা ২১৫ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পটো সংঘটিত হয় ।

এনচিএছে এক্স পোষ্টটোত লিখিছে, "৬.২ প্ৰাবল্যৰ এটা ভূমিকম্প ২৭/০৬/২০২৬ তাৰিখে ভাৰতীয় সময় মতে ১৯:০৪:৫১ বজাত ৩৬.৪৪২ উত্তৰ অক্ষাংশ আৰু ৭০.৬৭২ পূব দ্ৰাঘিমাংশত আফগানিস্তানত ২১৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় ।"

লগতে পঢ়ক :৬.২ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান, ভাৰতটো কঁপনি