অসম

assam

ETV Bharat / bharat

মৃত্যু তিথিত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীক সোঁৱৰণ : ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰীলৈকে দেশৰ প্ৰতিগৰাকী ৰাজনৈতিক নেতাই প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

ATAL BIHARI VAJPAYEE
মৃত্যু তিথিত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীক সোঁৱৰণ (PTI)

By ETV Bharat Assamese Team

Published : August 16, 2026 at 12:11 PM IST

নতুন দিল্লী: আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুতিথি ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে পুৱা নতুন দিল্লীস্থিত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ স্মৃতিসৌধ সদৈৱ অটলত উপস্থিত হৈ পুষ্পাঞ্জলি অৰ্পণৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ২০১৮ চনৰ আজিৰ দিনটোতে মৃত্যুক সাৱটি লৈছিল ৷

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু তিথি উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত এক পোষ্ট প্ৰকাশ কৰে ৷ পোষ্টটো এনেধৰণৰ, ‘‘অটলজীক তেওঁৰ মৃত্যুবাৰ্ষিকীত স্মৰণ কৰিলোঁ । তেখেত এগৰাকী দূৰদৰ্শী, অসাধাৰণ ৰাষ্ট্ৰনেতা, যিয়ে নিজৰ জীৱনটো দেশৰ সেৱাত উৎসৰ্গা কৰিছিল । তেওঁৰ কথা-বতৰা আৰু প্ৰতিটো প্ৰচেষ্টাই প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি অনুপ্ৰাণিত কৰিছিল আৰু তেওঁৰ নেতৃত্বই আমাৰ দেশক শক্তিশালী কৰিছিল । তেওঁৰ সুশাসন আৰু জনকল্যাণৰ ওপৰত গুৰুত্ব দিয়াটোৱে আমাক পথ প্ৰদৰ্শন কৰি যাব ।’’

আনহাতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীক স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে তেওঁ প্ৰকৃতাৰ্থত এজন দেশপ্ৰেমিক আৰু দেশৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা ৰাষ্ট্ৰনেতা আছিল । এক্সত প্ৰকাশিত এটা পোষ্টত শ্বাহে কয়, ‘‘প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিজেপিৰ প্ৰতিষ্ঠাপক ভাৰতৰত্ন, পূজনীয় অটল বিহাৰী বাজপেয়ীজীক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছো ।’’

শ্বাহে পুনৰ কয়, ‘‘অটল জী আছিল এজন দেশপ্ৰেমিক ৰাষ্ট্ৰনেতা, যিয়ে নিজৰ সমগ্ৰ জীৱন জাতিৰ সেৱাত উৎসৰ্গা কৰিছিল । এফালে তেওঁ পাৰমাণৱিক পৰীক্ষা আৰু কাৰ্গিল যুদ্ধৰ জৰিয়তে বিশ্ববাসীৰ ওচৰত ভাৰতৰ শক্তি প্ৰদৰ্শন কৰিছিল, আনফালে তেওঁৰ মূল্যবোধভিত্তিক ৰাজনীতিয়ে প্ৰথমবাৰৰ বাবে তৃণমূল পৰ্যায়ত 'অন্ত্যোদয়' আৰু সুশাসনৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰিছিল ।’’ শ্বাহে লগতে কয় যে অটলজীৰ মহান ব্যক্তিত্ব আৰু নেতৃত্বই সদায় প্ৰতিগৰাকী বিজেপি কৰ্মীক দেশ নিৰ্মাণৰ দিশটোত অনুপ্ৰাণিত কৰি থাকিব ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ সিঙে ভাৰতীয় গণতন্ত্ৰ আৰু জাতীয় উন্নয়নত বাজপেয়ীৰ অৱদানৰ কথা সোঁৱৰণ কৰে । সামাজিক মাধ্যমত প্ৰকাশিত এটা পোষ্টত সিঙে কয়, ‘‘শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ীজীৰ মৃত্যু তিথিত তেখেতক প্ৰণাম আৰু বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছো ।’’

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক মৃত্যু তিথিত সোঁৱৰণ কৰে ৷

সামাজিক মাধ্যমত এক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘অটল বিহাৰী বাজপেয়ীজীয়ে মমতা, দৃঢ় বিশ্বাস আৰু চতুৰ ৰাষ্ট্ৰনেতাৰ এক বিৰল সংমিশ্ৰণক মূৰ্ত কৰি তুলিছিল ।ভাৰতৰ কৌশলগত সংকল্প শক্তিশালী কৰাৰ পৰা আৰম্ভ কৰি আধুনিক আন্তঃগাঁথনি আৰু বিকাশৰ সৰ্বাংগীণ ভেটি স্থাপনলৈকে তেওঁৰ উত্তৰাধিকাৰে আমাৰ দেশৰ যাত্ৰাক পথ প্ৰদৰ্শন কৰি আহিছে ।ভাৰত মাতৃৰ এই মহান পুত্ৰৰ প্ৰতি তেখেতৰ মৃত্যু বাৰ্ষিকীত মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি ।’’

লগতে পঢ়ক:অভিধানৰ পৰা 'স্বাধীনতা দিৱস' মচি, 'স্বৰাজ দিৱস' পালনৰ বাবে মোদীলৈ চিঠি