চাৰিওফালে কেৱল পানী আৰু পানী: একেৰাহে পাঁচদিন গছত উঠি থাকিহে প্ৰাণটো বচালে সুনন্দই
কোনোধৰণৰ খাদ্য-পানী অবিহনে পাঁচদিনকৈ গছৰ আশ্ৰয়ত থকা লোকজনক যথেষ্ট দুৰ্বল অৱস্থাত উদ্ধাৰ কৰা হয়।
Published : August 19, 2026 at 4:16 PM IST
ভদ্ৰক (ওড়িশা): বানৰ কবলত ওড়িশাৰ ভদ্ৰক জিলা ৷ জিলাখনৰ কেইবাটাও অঞ্চল বাৰিষাৰ বানে প্লাবিত কৰাত মানুহৰ লগতে জীৱ-জন্তুবোৰৰো আলাই-আথানি নোহোৱা হৈছে ৷ শেহতীয়াকৈ বানত উটি যোৱা এজন লোকে প্ৰাণৰক্ষা কৰিবলৈ পাঁচদিন ধৰি তালগছত আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ এই পাঁচদিনে লোকজনে খাদ্যতো বাদেই এটুপি বিশুদ্ধ পানীও সেৱন কৰিবলৈ পোৱা নাছিল ৷
এনে পৰিস্থিতিৰ বাবে ক্ৰমাৎ লোকজনৰ শাৰীৰিক অৱস্থা বেয়াৰ ফালে ঢাল খাবলৈ ধৰিছিল ৷ অৱশ্যে পৰৱৰ্তী সময়ত অভিযানকাৰী দলে তেওঁক গছজোপাত আশ্ৰয় লৈ থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰে ৷
উদ্ধাৰকাৰী দলে জনোৱা মতে লোকজনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক ৷ ধমনগৰ ব্লকৰ অৰ্জুনপুৰ গাঁও পঞ্চায়তৰ বালিপটনা গাঁৱৰ বাসিন্দা সুনন্দ বেহেৰাক জিলাখনৰ মাজেৰে বৈ যোৱা পোচাৰা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ পিছৰে পৰা তেওঁ নিৰুদ্দেশ হৈ আছিল ৷
যোৱা কিছুদিন ধৰি গাঁৱৰ মানুহে তেওঁক বিচাৰি ফুৰিছিল যদিও কোনো সম্ভেদ পোৱা নাছিল ৷ তাৰ পিছত গাঁওবাসীয়ে লোকজন মৃত বুলিয়েই ধৰি লৈছিল ৷ আনকি লোকজন জীৱিত অৱস্থাত উদ্ধাৰ হোৱাৰ আশাও ক্ৰমাৎ ক্ষীণ হৈ পৰিছিল ৷
কিন্তু মঙলবাৰে গাঁৱৰ একাংশ লোকে নাৱেৰে বাজাপতি অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে লোকজনক তালগছত আশ্ৰয় লৈ থকাটো প্ৰত্যক্ষ কৰে ৷ ভালদৰে চোৱাৰ পিছত সেইজনেই তেওঁলোকে বিচাৰি থকা সুনন্দ বেহেৰা বুলি নিশ্চিত হয় ৷
প্ৰত্যাহ্বানমূলক পৰিস্থিতিত উদ্ধাৰ
লোকজনক বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ পিছতে ৰাজ্যখনৰ দুৰ্যোগ প্ৰশমন বিভাগক খবৰ দিয়া হয় ৷ বিভাগে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ যথেষ্ট কষ্ট আৰু প্ৰত্যাহ্বানৰ অন্তত উদ্ধাৰকাৰী দলটোৱে সুনন্দক উদ্ধাৰ কৰি নিৰাপদে স্থানলৈ আনে ৷
কোনোধৰণৰ খাদ্য-পানী অবিহনে পাঁচদিনকৈ গছৰ আশ্ৰয়তে দিন পাৰ কৰা লোকগৰাকী যথেষ্ট দুৰ্বল অৱস্থাত থকা বুলি উদ্ধাৰকাৰী দলে জানিবলৈ দিয়ে ৷ লোকগৰাকীক উদ্ধাৰ কৰাৰ সময়ত তেওঁৰ সৰ্বশৰীৰ কঁপি আছিল ৷
শাৰীৰিক অৱস্থাটো দেখিয়েই তেওঁক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক ৷ এগৰাকী উদ্ধাৰকৰ্মীয়ে কয়, ‘‘আমি যেতিয়া সেই স্থানত উপস্থিত হৈছিলো, তেতিয়া সুনন্দ অত্যন্ত দুৰ্বল হৈ আছিল । তেওঁ ভালদৰে কথা ক'ব পৰা নাছিল আৰু শৰীৰৰ অংগ-প্ৰত্যংগবোৰ কঁপিবলৈ ধৰিছিল । আমি তেওঁক সাৱধানে গছৰ পৰা নমাই নিৰাপদ স্থানলৈ লৈ গৈছিলো । পানীৰ গভীৰতা আৰু প্ৰবল সোঁতৰ বাবে উদ্ধাৰ অভিযানটো যথেষ্ট প্ৰত্যাহ্বানজনক আছিল ।’’
উল্লেখ্য যে, ওড়িশা অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগৰ তথ্য অনুসৰি বানপীড়িত ছখন জিলাত উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে । ১৫০টা পশুধনৰ লগতে প্ৰায় ১০০০ লোকক বানৰ পৰা উদ্ধাৰ কৰা হৈছে । উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ১২৫টা অগ্নিনিৰ্বাপক বাহিনীৰ দল মোতায়েন কৰা হৈছে ।
লগতে পঢ়ক:কলকাতাৰ হোটেলত অগ্নিকাণ্ড: শিশু, বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু