ETV Bharat / bharat

কলকাতাৰ হোটেলত অগ্নিকাণ্ড: শিশু, বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু

কলকাতা আৰক্ষীয়ে এই অগ্নিকাণ্ডৰ তদন্তৰ বাবে উপ-আয়ুক্ত (চোৰাংচোৱা বিভাগৰ) পদৰ এজন আইপিএছ বিষয়াৰ নেতৃত্বত ছয়জনীয়া এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে ।

Fire At Hotel In Kolkata
কলকাতাৰ হোটেলত অগ্নিকাণ্ড (Screengrab)
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 9:02 AM IST

|

Updated : August 19, 2026 at 9:27 AM IST

2 Min Read
Choose ETV Bharat

কলকাতা : পশ্চিমবংগৰ কলকাতাৰ এখন হোটেলত বুধবাৰৰ পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬ জন লোক আহত হয় ।

কলকাতাৰ মিৰ্জা গালিব ষ্ট্ৰীটত অৱস্থিত হোটেলখন এই অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ সম্ভেদ লাভ কৰাৰ লগে লগে ৪ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে ।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱা প্ৰায় ২ বজাত হঠাতে হোটেলখনৰ পৰা ধোঁৱা ওলোৱা দেখা যায় । কিছু মুহূৰ্তৰ ভিতৰতে হোটেলখনৰ কেইবাটাও কোঠালৈ জুই বিয়পি পৰে । জুই আৰু ঘন ধোঁৱাৰ মাজত আবদ্ধ হৈ শ্বাস-প্ৰশ্বাহত অসুবিধা হোৱাৰ ফলত কেইবাজনো লোক অচেতন হৈ পৰে ৷

অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান চলাই হোটেলখনৰ ভিতৰৰ পৰা অচেতন অৱস্থাত ৯জন লোকক উদ্ধাৰ কৰে । তেওঁলোকক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে ।

এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, অট্টালিকাৰ পৰা ৮০ জন লোকক উদ্ধাৰ কৰা হৈছে । অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ মন্ত্ৰী কৌশিক চৌধুৰীয়ে এই ঘটনাত ভাৰতৰ লগতে বাংলাদেশৰ নাগৰিকৰো মৃত্যু হোৱাৰ কথা জানিবলৈ দিয়ে ৷ ধোঁৱাৰ ফলত অসুস্থ হৈ পৰা আন ছয়জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

কলকাতা আৰক্ষীয়ে এই অগ্নিকাণ্ডৰ তদন্তৰ বাবে উপ আয়ুক্ত (চোৰাংচোৱা বিভাগৰ) পদৰ এজন আই পি এছ বিষয়াৰ নেতৃত্বত ছয়জনীয়া এটা বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিছে ।

জানিব পৰা মতে, মৃতকৰ ভিতৰত ৬ জন পুৰুষ, ২ গৰাকী মহিলা আৰু এটা শিশুও আছে । এচি মেচিনত বিস্ফোৰণ বা শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক : হোটেলত শুই থাকোতেই ছাই হৈ গ'ল ৭ জন: পুৱাই হুৱাদুৱা

পশ্চিমবংগৰ তাৰাপীঠৰ অগ্নিকাণ্ডত মেঘালয়ৰ একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু

Last Updated : August 19, 2026 at 9:27 AM IST