আকৌ কঁপিব ৰাজধানীৰ ৰাজপথ ! ৫ ছেপ্টেম্বৰত দিল্লীত CJP-ৰ প্ৰতিবাদ
চৰকাৰে প্ৰতিশ্ৰুতি দিও বৰ্তমান পৰ্যন্ত ছাত্ৰৰ দাবী পূৰণ কৰা নাই ৷ যাৰ বিৰোধিতাৰে CJP-এ ৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদী পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰিছে ।
Published : August 24, 2026 at 8:27 PM IST
নতুন দিল্লী : অহা ৫ ছেপ্টেম্বৰত আকৌ কঁপিব ৰাজধানী দিল্লীৰ ৰাজপথ ! কিয়নো ক’কৰোচ্ছ জনতা পাৰ্টীয়ে পুনৰ আন্দোলনৰ ঘোষণা কৰিছে ৷ ক’কৰোচ্ছ জনতা পাৰ্টী চমুকৈ CJP-এ উল্লেখ কৰা মতে, বিগত ২৫ জুলাইত চৰকাৰে যুৱক-যুৱতীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা নাই ৷ যাৰ প্ৰতিবাদ স্বৰূপে CJP-এ সোমবাৰে এক্সৰ এটা পোষ্টত ৫ ছেপ্টেম্বৰত দিল্লীত শান্তিপূৰ্ণ পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰিছে ।
এক কাৰ্যকৰী সমিতিৰ বৈঠকত লোৱা এক সিদ্ধান্ত মতে সংগঠনটোৰ বিষয়ববীয়াই কয় যে ইণ্ডিয়া গেটৰ পৰা আৰম্ভ কৰি নতুন দিল্লী আৰক্ষী মুখ্য কাৰ্যালয়লৈ এই যাত্ৰা কৰা হ’ব । দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী, ছাত্ৰ সংগঠন, যুৱ সংগঠনক অহা ৫ ছেপ্টেম্বৰত ইণ্ডিয়া গেটত উপস্থিত হৈ এই পদযাত্ৰাত যোগদান কৰিবলৈ CJP-এ আহ্বান জনায় ।
এই পদযাত্ৰাত NEET সম্পৰ্কীয় গোচৰত প্ৰাণ হেৰুৱা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ লগতে আৰক্ষীৰ কাৰ্যত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰী, যুৱ সংগঠন আৰু দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলো অংশগ্ৰহণ কৰিব ।
CJP-ৰ এক বৈঠকত কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি-এনডিএ শাসিত ৰাজ্যসমূহে ২৫ জুলাইত যুৱক-যুৱতীসকলক দিয়া আশ্বাসৰ স্থিতি পৰ্যালোচনা কৰে । ২৫ জুলাইত যুৱক-যুৱতীসকলক দিয়া সকলো প্ৰতিশ্ৰুতি কেৱল ঘোষণাৰ মাজতে সীমাবদ্ধ নাৰাখি, বৰঞ্চ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনায় । CJP-এ কয় যে যুৱক-যুৱতীসকলৰ আস্থা আৰু প্ৰতিশ্ৰুতিৰ প্ৰতি চৰকাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব ।
- উচ্চতম ন্যায়ালয়ত গোচৰৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন
১৮ আগষ্টত উচ্চতম ন্যায়ালয়ৰ শুনানি সন্দৰ্ভতো CJP-এ কয়, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দেশজুৰি পঞ্জীয়ন হোৱা গোচৰৰ তালিকা প্ৰদান কৰিবলৈ কৈছিল, যাতে আদালতে সেই গোচৰসমূহ একেলগে বিবেচনা কৰিব পাৰে । ইয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত স্পষ্ট প্ৰতিশ্ৰুতি দিয়া নাই বুলি CJP-এ অভিযোগ কৰিছে ৷
- চৰকাৰী বিদ্যালয়ৰ দুৰ্বল অৱস্থাক লৈ উত্তৰ দাবী শিক্ষামন্ত্ৰী
ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক তথা আহ্বায়ক অভিজিৎ দীপকে চৰকাৰী বিদ্যালয়ত মৌলিক সুবিধাৰ অভাৱৰ কাৰণে চৰকাৰী বিদ্যালয়ৰ অৱস্থাৰ তথ্য ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ দাবীত সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে । পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে স্বাধীনতাৰ ৮০ বছৰৰ পাছতো দেশৰ বহু চৰকাৰী বিদ্যালয়ৰ শিশুসকলৰ বাবে বিশুদ্ধ খোৱাপানী, কাৰ্যক্ষম শৌচাগাৰ, উপযুক্ত শ্ৰেণীকোঠা, বেঞ্চ আদি মৌলিক সুবিধাৰ অভাৱ হৈ আছে ।