অসম

assam

ETV Bharat / bharat

এটা পথ, হাজাৰ হাজাৰ জীৱিকা: অসম-মেঘালয়ে পৰ্যটকৰ আস্থা ঘূৰাই আনিব পাৰিবনে ?

আগন্তুক সময় দুয়োখন ৰাজ্যৰ বাবে গুৰুত্বপূৰ্ণ । পৰিবহণক লৈ সৃষ্টি হোৱা বিবাদ সমাধানৰ লগতে পৰ্যটকসকলক পৰিস্থিতি সন্দৰ্ভত তথ্য দিয়াৰো প্ৰয়োজন আছে । এক পৰ্যালোচনা ।

Assam Meghalaya tense situation
এটা পথ, হাজাৰ হাজাৰ জীৱিকা: অসম-মেঘালয়ে পৰ্যটকৰ আস্থা ঘূৰাই আনিব পাৰিবনে ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 27, 2026 at 3:08 PM IST

Updated : August 27, 2026 at 3:24 PM IST

প্ৰণৱ কুমাৰ দাস

তেজপুৰ : অসম আৰু মেঘালয়ৰ মাজত পৰ্যটক কঢ়িওৱা বাহনক লৈ সৃষ্টি হোৱা তাৎক্ষণিক উত্তেজনা বৰ্তমান কিছু শাম কাটিছে । কিন্তু শেহতীয়া ঘটনাৰ প্ৰভাৱ পৰ্যটন খণ্ডত কিমান পৰিছে, বিশেষকৈ আগন্তুক পূজা আৰু শীতকালীন পৰ্যটন ঋতুৰ পূৰ্বে পৰ্যটকৰ আস্থাত ইয়াৰ কিমান প্ৰভাৱ পৰিছে, সেই লৈ এতিয়াও উদ্বেগ অব্যাহত আছে ।

চালকৰ বিবাদ আৰু চৰকাৰৰ ভূমিকা

মেঘালয়ৰ পৰ্যটক টেক্সি সংস্থাসমূহে ১০ ছেপ্টেম্বৰলৈকে আন্দোলন স্থগিত ৰখাত পৰ্যটক, চালক আৰু দুয়োখন ৰাজ্যৰ ব্যৱসায়ীসকলৰ মাজত কিছু স্বস্তি আহিছে । ইতিমধ্যে চৰকাৰৰ লগত আলোচনা অব্যাহত ৰাখিছে । পৰ্যটক কঢ়িওৱা বাহনৰ চলাচল পুনৰ আৰম্ভ হৈছে আৰু মেঘালয়ত পৰ্যটন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ কোনো পৰিস্থিতি দেখা দিয়া নাই । দুয়ো পক্ষৰে চালকসকলে চৰকাৰৰ লগত আলোচনা অব্যাহত ৰাখিছে ।

বিহংগম দৃষ্টিত মেঘালয় (ETV Bharat Assam)

মেঘালয়ৰ পৰ্যটন অৰ্থনীতি

সোহৰাতো (চেৰাপুঞ্জী) পৰিস্থিতি লাহে লাহে স্বাভাৱিক হোৱাৰ ইংগিত পোৱা গৈছে । সোহৰাৰ এগৰাকী হোমষ্টে' পৰিচালক চেৰিছে কয় যে নতুনকৈ বুকিং আহিবলৈ আৰম্ভ কৰিছে আৰু সোমবাৰে বুকিং কৰা কিছু পৰ্যটক বুধবাৰে উপস্থিত হোৱাৰ কথা ।

“সকলো পৰ্যটকৰ বাহন ইয়ালৈ আহি আছে । এতিয়া কোনো সমস্যা নাই । সকলো সমাধান হৈছে ।” চেৰিছে কয় ।

মেঘালয় সংযোগৰ অন্যতম গুৰুত্বপূৰ্ণ পথ প্ৰভাৱিত (ETV Bharat Assam)

পৰ্যটকৰ বাহন চলাচল স্বাভাৱিক হোৱাটো স্থানীয় অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ । হোমষ্টে', হোটেল, ৰেষ্টুৰেণ্ট, চালক, গাইড, ট্ৰেভেল এজেন্সী আৰু সৰু-সুৰা দোকানকে ধৰি বহু লোক পৰ্যটকৰ আগমন-প্ৰত্যাগমনৰ ওপৰত নিৰ্ভৰশীল ।

কিন্তু শেহতীয়া ঘটনাৰ সম্পূৰ্ণ প্ৰভাৱ এতিয়াই নিৰ্ণয় কৰা সম্ভৱ নহয় বুলি পৰ্যটন খণ্ডৰ সৈতে জড়িত লোকসকলে মত প্ৰকাশ কৰিছে ।

পৰ্যটন টেক্সি সন্থাই কি কয়

অল খাচী মেঘালয় টুৰিষ্ট টেক্সি এছ'চিয়েশ্যনৰ উপদেষ্টা কিৰ্মেনলাং উৰিয়াই কয় যে পৰিস্থিতি উন্নত হৈছে যদিও পৰ্যটকৰ বুকিং বাতিল আৰু আৰ্থিক লোকচানৰ সন্দৰ্ভত প্ৰচাৰিত বিভিন্ন পৰিসংখ্যাৰ কোনো নিশ্চিত তথ্য-পাতি নাই ।

অল খাচী মেঘালয় টুৰিষ্ট টেক্সি এছ'চিয়েশ্যনৰ উপদেষ্টা কিৰ্মেনলাং উৰিয়া (ETV Bharat Assam)

“কিছুমান বাতৰি বা দাবীক সমৰ্থন কৰিব পৰাকৈ কোনো তথ্য-পাতি নাই । পৰ্যটন বিভাগে পৰ্যটন খণ্ডত প্ৰকৃততে কিমান প্ৰভাৱ পৰিছে সেই বিষয়ে স্পষ্ট কৰা উচিত ।” উৰিয়াই কয় ।

বিবাদৰ কাৰণ কি

তেওঁ লগতে কয় যে আন্দোলনৰ উদ্দেশ্য মেঘালয়লৈ পৰ্যটকৰ আগমন বন্ধ কৰা নহয় । পৰ্যটকসকলে ৰাজ্যখনৰ ভিতৰত যাতায়াতৰ বাবে স্থানীয় পৰ্যটক টেক্সি পৰিচালক আৰু অনুমোদিত ট্ৰেভেল এজেন্সীৰ সৈতে যোগাযোগ কৰিব পাৰে ।

তেওঁৰ মতে, মূল বিষয়টো বাণিজ্যিক পৰ্যটক বাহনৰ চলাচলক লৈ হোৱা বিবাদ; পৰ্যটকক মেঘালয়ত প্ৰৱেশ কৰাত বাধা দিয়াটো ইয়াৰ উদ্দেশ্য নহয় । দুয়োখন ৰাজ্যতে উদ্বেগ

এই ঘটনাৰ প্ৰভাৱ অসমৰ পৰ্যটন খণ্ডতো পৰিছে । মেঘালয়লৈ যোৱা পৰ্যটকৰ বাবে গুৱাহাটী অন্যতম প্ৰধান প্ৰৱেশদ্বাৰ । বিমান, ৰে'ল আৰু পথযোগে উত্তৰ-পূৰ্বাঞ্চললৈ অহা বহু পৰ্যটকে গুৱাহাটীৰ পৰা শ্বিলং, সোহৰা আৰু আন পৰ্যটনস্থলীলৈ যাত্ৰা কৰে । সেয়েহে গুৱাহাটী-যোৰাবাট-শ্বিলং কৰিড'ৰটো দুয়োখন ৰাজ্যৰ পৰ্যটন ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ ।

পৰিস্থিতি উন্নত হৈছে, কিন্তু পৰ্যটকৰ আশংকা মাৰ যোৱা নাই

ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ ইউনিয়নৰ সভাপতি ইছমাইল আলী (ETV Bharat Assam)

ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে কয় যে পৰিস্থিতি উন্নত হৈছে যদিও পৰ্যটকৰ মাজত এতিয়াও আশংকা আছে । অসমত পঞ্জীয়নভুক্ত বা আন ৰাজ্যৰ বাহনেৰে যাত্ৰা কৰা পৰ্যটকসকলে মেঘালয়ত প্ৰৱেশ বা ৰাজ্যখনৰ ভিতৰত চলাচল কৰাৰ সময়ত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে চেষ্টা চলোৱা হৈছে বুলি তেওঁ কয় ।

আলীয়ে কয় যে এনে ঘটনাৰ প্ৰভাৱ পৰ্যটন খণ্ডত দীৰ্ঘদিন ধৰি থাকিব পাৰে, কাৰণ বহু পৰ্যটকে কেইবামাহো পূৰ্বে ভ্ৰমণৰ পৰিকল্পনা কৰে ।

“পৰ্যটকসকলে প্ৰায়ে ছয় মাহৰ পৰা এবছৰ আগতেই বুকিং কৰে । সেয়েহে হঠাতে কোনো ঘটনা ঘটিলে তাৰ প্ৰভাৱ পৰ্যটন খণ্ডত বহুদিনলৈ থাকে ।” তেওঁ কয় ।

  • লোকচানৰ শৃংখল বহু দীঘলীয়া

ইয়াৰ প্ৰভাৱ কেৱল টেক্সি চালকৰ মাজতে সীমাবদ্ধ নহয় । এজন পৰ্যটকে ভ্ৰমণ বাতিল কৰিলে হোটেল বা হোমষ্টে'ৰ বুকিং হেৰুৱাব পাৰে, চালকে এদিনৰ কাম হেৰুৱায়, ৰেষ্টুৰেণ্টে গ্ৰাহক হেৰুৱায় আৰু স্থানীয় গাইডেও কাম হেৰুৱায় । পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালসমূহৰ বাবে কেইদিনমানৰ এনে ব্যাঘাতো গুৰুত্বপূৰ্ণ হৈ পৰিব পাৰে ।

অসমৰ পৰ্যটন বাহন পৰিচালকসকলৰো উদ্বেগ

পৰ্যটক কেব চালক ৰামাকান্ত দাস (ETV Bharat Assam)

পৰ্যটক কেব চালক ৰামাকান্ত দাসে কয় যে শেহতীয়া অসম-মেঘালয় উত্তেজনা অসমৰ পৰ্যটন খণ্ডৰ বাবে এটা কঠিন সময়ত আহিছে । তেওঁ কয় যে অৰুণাচল প্ৰদেশলৈ পৰ্যটকৰ যাতায়াতত হোৱা সমস্যাৰ লগতে অসমত বানকে ধৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবেও পৰ্যটন বাহন পৰিচালকসকলে ইতিমধ্যে সমস্যাৰ সন্মুখীন হৈছে ।

“এইবাৰ অসমৰ লোকচান যথেষ্ট হৈছে ।” দাসে কয় । তেওঁৰ মতে, চলিত বছৰটোত পৰ্যটন খণ্ডটোৱে এটাৰ পিছত আন এটা সমস্যাৰ সন্মুখীন হৈছে ।

তেওঁ কয়, “প্ৰথমে অৰুণাচল প্ৰদেশত সমস্যা হৈছিল । তাৰ পিছত ১৯ আগষ্টত মেঘালয়ৰ ঘটনা ঘটিল । ইয়াৰ পিছত অসম আৰু মেঘালয়ৰ মাজত পৰ্যটক বাহনৰ চলাচলক লৈ প্ৰতিবাদ, অৱৰোধ আৰু ওলোটা প্ৰতিবাদ আৰম্ভ হ’ল ।”

মেঘালয়ৰ সৈতে পথ সংযোগ ব্যৱস্থা (ETV Bharat Assam)

অসমৰ পৰ্যটন বাহনৰ বাবে মেঘালয়ৰ গুৰুত্ব

অসমৰ পৰ্যটন বাহন পৰিচালকসকলৰ বাবে মেঘালয় এখন গুৰুত্বপূৰ্ণ বজাৰ । গুৱাহাটী আৰু অসমৰ আন ঠাইৰ পৰা বহু বাহনে পৰ্যটকক শ্বিলং, সোহৰা আৰু আন পৰ্যটনস্থলীলৈ লৈ যায় ।

দাসৰ মতে, তাৎক্ষণিক ব্যাঘাতৰ তুলনাত পৰ্যটকৰ মনত সৃষ্টি হ'ব পৰা দ্বিধা অধিক চিন্তাৰ বিষয় ।

“যোৱা বছৰ বা তাৰ আগৰ বছৰৰ দৰে এইবাৰ পৰ্যটক একে সংখ্যাত নাহিবও পাৰে । মানুহে প্ৰথমে ভাবিব— আমি যামনে নাযাম ? গাড়ীৰে গ'লে আমি নিৰাপদে থাকিমনে ? পথত কিবা ঘটনা ঘটিব নেকি ?” তেওঁ কয় ।

পৰ্যটকক বিবাদৰ পণবন্দী কৰা উচিত নহয়

জ্যেষ্ঠ সাংবাদিক দীপাংকৰ ৰয়ে অসম আৰু আন ঠাইৰ পৰা অহা পৰ্যটক আৰু অসমত পঞ্জীয়নভুক্ত বাহনক লক্ষ্য কৰি শ্বিলঙত সংঘটিত ঘটনাক তীব্ৰ গৰিহণা দিয়ে ।

খাচী ষ্টুডেণ্টছ ইউনিয়নে নিজৰ দাবী উত্থাপন কৰি উলিওৱা মটৰচাইকেল ৰেলীৰ সময়তে এই ঘটনাসমূহ সংঘটিত হোৱা বুলি উল্লেখ কৰি ৰয়ে কয়, “এইবোৰ কোনো কাৰণ নোহোৱাকৈ কৰা আক্ৰমণ আছিল ।”

তেওঁ কয় যে ৰেলীত অংশগ্ৰহণ কৰা একাংশ লোকক ক'লা ভিজৰ থকা হেলমেট পৰিধান কৰা দেখা গৈছিল, যিটোৱে তেওঁৰ মতে তেওঁলোকৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰে ।

ৰয়ে কয় যে এই ঘটনাৰ পিছত অসম-মেঘালয়ৰ মাজৰ যাতায়াততো প্ৰভাৱ পৰে । অসমৰ কেব চালকসকলে মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা দিয়াৰ ফলত শ্বিলং-গুৱাহাটী পথত যান-বাহনৰ চলাচল ব্যাহত হয় । ইয়াৰ ফলত দুয়োখন ৰাজ্যৰ সাধাৰণ লোকৰ অসুবিধা হোৱাৰ লগতে পৰ্যটন খণ্ডতো প্ৰভাৱ পৰে বুলি তেওঁ কয় ।

মেঘালয়ৰ সৈতে পথ সংযোগ ব্যৱস্থা (ETV Bharat Assam)

মেঘালয়ৰ জীৱন-জীৱিকাত প্ৰভাৱ

“এনে পৰিস্থিতিত মেঘালয়েই অধিক ক্ষতিগ্ৰস্ত হয়, কাৰণ ৰাজ্যখনৰ বহু লোকৰ জীৱিকা পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল ।” ৰয়ে কয় । তেওঁৰ মতে, চাপ সৃষ্টি কৰা গোট আৰু চৰকাৰৰ মাজৰ বিবাদত পৰ্যটকক 'পণবন্দী' হ'বলৈ দিব নালাগে ।

“চাপ সৃষ্টি কৰা গোট আৰু চৰকাৰৰ মাজৰ যুঁজত পৰ্যটকক পণবন্দী কৰা উচিত নহয় ।” তেওঁ কয় ।

ৰয়ে মেঘালয় চৰকাৰক এনে গোটসমূহে যাতে আইন নিজৰ হাতত তুলি ল'ব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।

“এই গোটসমূহে যাতে আইন নিজৰ হাতত তুলি ল'ব নোৱাৰে, তাৰ বাবে চৰকাৰে কঠোৰ হাতেৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।” তেওঁ কয় ।

অসম চৰকাৰেও বিষয়টোত হস্তক্ষেপ কৰি দুয়োখন ৰাজ্যৰ মাজত মানুহ আৰু বাহনৰ চলাচল যাতে ব্যাহত নহয়, সেয়া নিশ্চিত কৰিব লাগে বুলি তেওঁ কয় ।

পৰ্যটন খণ্ডৰ সকলোতে প্ৰভাৱ পৰিছে

শ্বিলংস্থিত জ্যেষ্ঠ সাংবাদিক ৰাজীৱ চৌধুৰী (ETV Bharat Assam)

শ্বিলংস্থিত জ্যেষ্ঠ সাংবাদিক ৰাজীৱ চৌধুৰীয়ে কয়যে শেহতীয়া ঘটনাৰ ফলত মেঘালয়ৰ পৰ্যটন খণ্ডৰ বিভিন্ন অংশ প্ৰভাৱিত হৈছে ।

চৌধুৰীয়ে কয়, “মেঘালয় পৰ্যটনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল আৰু বৰ্তমানৰ পৰিস্থিতিয়ে সকলোকে প্ৰভাৱিত কৰিছে । কেৱল হোটেল আৰু হোমষ্টে'য়ে নহয়, পৰ্যটনৰ ওপৰত জীৱিকা নিৰ্ভৰ কৰা দৰিদ্ৰ জনজাতীয় পৰিয়ালসমূহো ক্ষতিগ্ৰস্ত হৈছে । প্ৰায় ৮০ শতাংশ বুকিং বাতিল হৈছে ।”

তেওঁ শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে । পথত পৰ্যটকৰ চলাচল হ্ৰাস পোৱাৰ প্ৰভাৱো দেখা গৈছে বুলি তেওঁ কয় ।

শেহতীয়াকৈ ঘাইপথেৰে যাত্ৰা কৰাৰ সময়ত পথটো “প্ৰায় খালী” যেন অনুভৱ হোৱা বুলি চৌধুৰীয়ে কয় । আনহাতে, প্ৰতিবাদৰ সময়ত পৰ্যটকক লক্ষ্য কৰি লোৱা কাৰ্যকো তেওঁ সমালোচনা কৰে ।

“এনজিঅ'সমূহৰ যদি কোনো সমস্যা আছে, তেন্তে তেওঁলোকে সেই বিষয় চৰকাৰৰ ওচৰত উত্থাপন কৰিব লাগে, নিৰীহ পৰ্যটকক লক্ষ্য কৰিব নালাগে ।” তেওঁ কয় ।

পৰ্যটকে যাতে ভুগিব নালাগে

মেঘালয় ৰুৰেল টুৰিজম ফ'ৰামৰ সভাপতি তথা পৰ্যটন বিশেষজ্ঞ আৰু উদ্যোগী, বৰ্তমান মেঘালয় পৰ্যটন উন্নয়নৰ সঞ্চালক এলান ৱেষ্ট খাৰকংগৰে কয় যে বিষয়টো দুয়োখন চৰকাৰ আৰু সংশ্লিষ্ট পক্ষৰ মাজত আলোচনাৰ জৰিয়তে সমাধান কৰা উচিত ।

খাৰকংগৰে কয়, “তাৎক্ষণিক উত্তেজনা হয়তো কিছু শাম কাটিছে, কিন্তু পৰ্যটন খণ্ডৰ বাবে ডাঙৰ চিন্তাৰ বিষয় হৈছে এনে ঘটনাই পৰ্যটকৰ আস্থাত পেলাব পৰা প্ৰভাৱ ।”

তেওঁ কয় যে দেশৰ বাকী অংশৰ সৈতে বিমান, ৰে'ল আৰু পথ যোগাযোগৰ ক্ষেত্ৰত মেঘালয় গুৱাহাটীৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল ।

মেঘালয় পৰ্যটন উন্নয়নৰ সঞ্চালক এলান ৱেষ্ট খাৰকংগৰ (ETV Bharat Assam)

“৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটী-শ্বিলং কৰিড'ৰটো কেৱল দুয়োখন ৰাজ্যক সংযোগ কৰা এটা পথ নহয়, ই মেঘালয়ৰ পৰ্যটন অৰ্থনীতিৰ জীৱনৰেখা আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰ্যটন কৰিডৰ ।” তেওঁ কয় ।

অসম-মেঘালয়ৰ পৰ্যটন অৰ্থনীতি

খাৰকংগৰৰ মতে, অসম আৰু মেঘালয়ৰ পৰ্যটন অৰ্থনীতি পৰস্পৰৰ সৈতে গভীৰভাৱে জড়িত । গুৱাহাটীৰ জৰিয়তে অহা এজন পৰ্যটকে অসমৰ বাহন ব্যৱহাৰ কৰিব পাৰে, গুৱাহাটীত থাকিব পাৰে আৰু তাৰ পিছত শ্বিলং আৰু সোহৰালৈ গৈ হোটেল, হোমষ্টে', ৰেষ্টুৰেণ্ট আৰু স্থানীয় সেৱাত ধন ব্যয় কৰিব পাৰে ।

“যিকোনো দীঘলীয়া সংঘাতে অৱশেষত দুয়োখন ৰাজ্যৰ অংশীদাৰ আৰু জীৱিকাৰ ওপৰত প্ৰভাৱ পেলায় ।” তেওঁ কয় । পৰিবহণ সংস্থাসমূহৰ মাজৰ মতানৈক্য চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ জৰিয়তে সমাধান কৰা উচিত বুলি তেওঁ কয় ।

খাৰকংগৰে কয়, “পৰিবহণ গোটসমূহৰ মাজৰ বিবাদৰ বাবে পৰ্যটকে কেতিয়াও ভুগিব নালাগে ।” গুৱাহাটী আৰু মেঘালয়ৰ মাজত পৰ্যটক পৰিবহণৰ বাবে স্পষ্ট নিয়ম আৰু দুয়োখন ৰাজ্যৰ পৰিবহণ কৰ্তৃপক্ষৰ মাজত উন্নত সমন্বয়ৰ সৈতে এটা স্থায়ী ব্যৱস্থা গঢ়ি তোলাৰ বাবেও তেওঁ পৰামৰ্শ আগবঢ়ায় ।

১০ ছেপ্টেম্বৰ গুৰুত্বপূৰ্ণ

ইফালে ১০ ছেপ্টেম্বৰলৈকে আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্তই পৰ্যটনৰ ঋতু আৰম্ভ হোৱাৰ পূৰ্বে কৰ্তৃপক্ষক বিষয়টো সমাধানৰ বাবে কিছু সময় দিছে । আগন্তুক সপ্তাহকেইটা দুয়োখন ৰাজ্যৰ বাবে গুৰুত্বপূৰ্ণ হ'ব । পৰিবহণক লৈ সৃষ্টি হোৱা বিবাদ সমাধান কৰাৰ লগতে পৰ্যটকসকলক পৰিস্থিতিৰ বিষয়ে স্পষ্ট আৰু নিৰ্ভৰযোগ্য তথ্য দিয়াৰো প্ৰয়োজন আছে ।

পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে কথাটো স্পষ্ট— পৰ্যটকে তেওঁ যাত্ৰা কৰা বাহনখন কোনখন ৰাজ্যত পঞ্জীয়নভুক্ত বা পৰিবহণ সংস্থাৰ মাজৰ বিবাদে তেওঁৰ ভ্ৰমণত প্ৰভাৱ পেলাব নেকি, সেই লৈ চিন্তা কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হ'ব নালাগে ।

সোহৰাত পুনৰ বুকিং আহিবলৈ আৰম্ভ কৰাটো আশাব্যঞ্জক । পৰ্যটক বাহন চলাচল কৰিছে আৰু পৰ্যটকো মেঘালয়ত উপস্থিত হৈছে । কিন্তু যিসকলে ভ্ৰমণ বাতিল বা পিছুৱাই দিছিল, তেওঁলোকৰ কিমানজন পুনৰ আহিব সেয়া জানিবলৈ কিছু সময় লাগিব ।

সমস্যা আৰু প্ৰভাৱৰ পৰিসৰ

দিল্লী, মুম্বাই, কলকাতা বা বেংগালুৰুৰ পৰা অহা এজন পৰ্যটকৰ যাত্ৰা গুৱাহাটীৰ পৰা আৰম্ভ হৈ পথৰে শ্বিলং আৰু সোহৰালৈ আগবাঢ়িব পাৰে । পৰ্যটকৰ বাবে এয়া এটা ভ্ৰমণ । কিন্তু সেই একেটা ভ্ৰমণৰ ওপৰত হাজাৰ হাজাৰ চালক, হোটেল আৰু হোমষ্টে' কৰ্মী, গাইড, ৰেষ্টুৰেণ্ট কৰ্মচাৰী, ট্ৰেভেল এজেণ্ট আৰু সৰু ব্যৱসায়ীৰ জীৱিকা নিৰ্ভৰ কৰে ।

১০ ছেপ্টেম্বৰলৈ আন্দোলন স্থগিত ৰখাটোৱে দুয়োখন চৰকাৰ আৰু সংশ্লিষ্ট পক্ষক বিষয়টো সমাধানৰ বাবে এটা সুযোগ দিছে । এই সময়ছোৱাত কি পদক্ষেপ লোৱা হয়, তাৰ ওপৰতে নিৰ্ভৰ কৰিব শেহতীয়া ব্যাঘাতটো কেৱল এটা সাময়িক সমস্যাত সীমাবদ্ধ থাকিব নে আগন্তুক পৰ্যটন ঋতুত ইয়াৰ দীঘলীয়া প্ৰভাৱ পৰিব ।

লগতে পঢ়ক :খাচী ছাত্ৰ সন্থাৰ চাৰি শীৰ্ষ নেতাক গ্ৰেপ্তাৰ: আইন হাতত লোৱা কাকোৱেই ৰেহাই নিদিয়াৰ হুংকাৰ কনৰাড চাংমাৰ
লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ তৎপৰতা, অতুল বৰাৰ আলোচনাই ফল ধৰিলে: অসম-মেঘালয়ৰ মাজত যান-বাহনৰ স্বাভাৱিক চলাচল পুনৰ আৰম্ভ
Last Updated : August 27, 2026 at 3:24 PM IST