খাচী ছাত্ৰ সন্থাৰ চাৰি শীৰ্ষ নেতাক গ্ৰেপ্তাৰ: আইন হাতত লোৱা কাকোৱেই ৰেহাই নিদিয়াৰ হুংকাৰ কনৰাড চাংমাৰ
অসম আৰু মেঘালয়ৰ ৰাইজক শান্ত হৈ থাকিবলৈ আহ্বান জনাইছে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ।

Published : August 25, 2026 at 12:12 PM IST
হায়দৰাবাদ : ১৯ আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰে জড়িত থকাৰ অভিযোগত খাচী ছাত্ৰ সন্থা (কে এছ ইউ)ৰ সহকাৰী সাংগঠনিক সম্পাদক জেৰমিয়া পথমীক দেওবাৰে নিশা নংমেনছং অঞ্চলৰ পৰা মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
ইষ্ট খাচী হিলছৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে জনোৱা মতে, সোমবাৰে আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰে আৰু আদালতে তেওঁক তিনিদিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰে ৷
মেঘালয় আৰক্ষীয়ে ইয়াৰ পূৰ্বে এই ঘটনাৰে জড়িত থকা অভিযোগত কে এছ ইউৰ সভাপতি ৰেমণ্ড খাৰ্জানা, উপ-সভাপতি পিংকমেনলাং সংমীত আৰু সাধাৰণ সম্পাদক ৰুবেন নাজিয়াৰক আটক কৰিছিল ৷
Shillong, Meghalaya: On Meghalaya Govt inviting Khasi Students’ Union (KSU) for talks, Chief Minister Conrad K Sangma says, "We don't know. The letter must have gone by now but we'll get to know maybe later in the afternoon or evening. Our message or my message and the… pic.twitter.com/amJjalsQ7a
— IANS (@ians_india) August 24, 2026
শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত দেওবাৰে বিয়লি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই অসম আৰু মেঘালয়ত সৃষ্টি হোৱা উত্তেজনাক ‘অতি দুৰ্ভাগ্যজনক’ আখ্যা দি সমাজত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ব্যক্ত কৰিছিল ৷
মুখ্যমন্ত্ৰী চাংমাই কৈছিল, "চৰকাৰৰ লগতে নাগৰিকৰ প্ৰতি স্পষ্ট বাৰ্তা —কোনো কাৰণতে আতংকিত হোৱাৰ প্ৰয়োজন নাই ৷ সমাজত ভয় আৰু অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰা কোনো লোকক চৰকাৰে ৰেহাই নিদিয়ে ৷"
শেহতীয়া ঘটনাৰ ফলত সাধাৰণ লোকৰ কিছু অসুবিধা হোৱা বুলি স্বীকাৰ কৰি মুখ্যমন্ত্ৰী চাংমাই আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধানৰ চেষ্টা কৰা হৈছিল বুলি উল্লেখ কৰি সকলো পক্ষই ইতিবাচকভাৱে আগবাঢ়ি যোৱাৰ আহ্বান জনায় ৷
শান্তিপূৰ্ণ প্ৰতিবাদৰ অৰ্থ আইনক নিজৰ হাতত লোৱা হ’ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয়, “নিৰীহ লোকক মাৰপিট কৰা আৰু ক্ষতি কৰাটো গ্ৰহণযোগ্য নহয় । এটা শক্তিশালী বাৰ্তা আমাৰ সকলোৰে পৰা যাব লাগিব । সমাজেও মাত মাতিব লাগিব ।”
তেওঁৰ চৰকাৰখন আলোচনাৰ বাবে মুকলি বুলি পুনৰ উল্লেখ কৰি তেওঁ সকীয়াই দিয়ে, “এটা সীমা আছে আৰু কোনো পক্ষই সেই সীমা অতিক্ৰম কৰিব নালাগে ৷ কোনোবাই যদি কৰে তেন্তে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।”
উল্লেখ্য যে, ১৯ আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতি স্বাভাৱিক কৰাৰ লক্ষ্যৰে শনিবাৰে কইনাধৰা ৰাজ্যিক অতিথিশালাত অসম আৰু মেঘালয় চৰকাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ যৌথ বৈঠক অনুষ্ঠিত হয় ।
শনিবাৰৰ বৈঠকৰ পাছত দেওবাৰে মন্ত্ৰী অতুল বৰা অসমৰ চালক সন্থাসমূহৰ সৈতে আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰে বিভিন্ন পৰ্যটন টেক্সি সংস্থাৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হয় । ইয়াৰ পাছত পৰিস্থিতি শান্ত হয় আৰু অসম আৰু মেঘালয়ৰ মাজত যান-বাহনৰ স্বাভাৱিক চলাচল পুনৰ আৰম্ভ হয় ।

