অসম

assam

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক "সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজহিতৈষী বঁটা" প্ৰদান

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 11:52 AM IST

Morigaon DC special award for social work : সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত মৰিগাঁও জিলাৰ জিলা আয়ুক্ত তথা সৰ্বভাৰতীয় কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধ্যক্ষ, দীপশিখা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাতা দেৱাশীষ শৰ্মাক 'সমাজপ্ৰাণ প্ৰয়াত সমীৰণ বৰদলৈ সমাজহিতৈষী বঁটা' ২০২৪ প্ৰদান কৰা হয় ৷

Morigaon DC special award for social work
মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক "সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজহিতৈষী বঁটা" প্ৰদান

যোৰহাট, 27 ফেব্ৰুৱাৰী : সোমবাৰে অসম আন্দোলনৰ অগ্ৰণী নেতা, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান, বিশিষ্ট সমাজ সংগঠক প্ৰয়াত সমীৰণ বৰদলৈৰ ৬৬ তম জন্মবাৰ্ষিকী উদযাপন কৰা হয় ৷ এই বিশেষ দিৱসৰ উপলক্ষে সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতি আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থায়ে যৌথভাৱে প্ৰয়াত সমাজপ্ৰাণ ব্যক্তিগৰাকীৰ সশ্ৰদ্ধ সোঁৱৰণত যোৰহাট তাৰকাগৃহৰ প্ৰেক্ষাগৃহত 'সমাজৰ দিন' শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰে ।

স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে আঁতধৰা সভাখন যৌথভাৱে সঞ্চালনা কৰে স্মৃতিৰক্ষা সমিতিৰ সভাপতি ললিত বৰা আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈয়ে । এই কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰয়াত সমীৰণ বৰদলৈৰ সহধৰ্মিনী শিখা বৰদলৈয়ে সমীৰণ বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে । পংকজ বৰুৱাই মংগলাচৰণ আৰু প্ৰয়াত সমীৰণ বৰদলৈৰ জীয়াৰী অভিলেখা বৰদলৈয়ে প্ৰাৰ্থনা পৰিৱেশন কৰে ৷ জাঁজী হেমনাথ শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড৹ মণ্টু কুমাৰ বৰাই নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি প্ৰয়াত সমীৰণ বৰদলৈৰ জাতীয় জীৱন আৰু যোৰহাটৰ সমাজ জীৱনলৈ অনবদ্য অৱদান, উত্তৰ প্ৰজন্মৰ বাবে ৰাখি থৈ যোৱা চানেকিসমূহৰ সম্পৰ্কে বক্তব্য ৰাখে । লগতে ড৹ বৰাই কয় যে, সমাজৰ বিভিন্ন ক্ষেত্ৰক অসংগঠিত যোগাত্মক দিশসমূহক সংগঠিত কৰাৰ ক্ষেত্ৰত বৰদলৈয়ে মুখ্য ভূমিকা পালন কৰিছিল ৷

অনুষ্ঠানটোৰ মূল আকৰ্ষণৰ হিচাপে বিবেচিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতিৰ পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি 'সমাজপ্ৰাণ প্ৰয়াত সমীৰণ বৰদলৈ সমাজহিতৈষী বঁটা' ২০২৪, মৰিগাঁও জিলাৰ জিলা আয়ুক্ত তথা সৰ্বভাৰতীয় কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধ্যক্ষ, দীপশিখা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাতা দেৱাশীষ শৰ্মাক প্ৰদান কৰা হয় । এই বঁটাটিত এখনি সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ, গামোচা, জাপি, এখন সঁফুৰা, এটি স্মাৰক আৰু নগদ দহ হাজাৰ টকা অন্তুভুৰ্ক্ত কৰা হয় । অসম চৰকাৰৰ এগৰাকী উচ্চপদস্থ বিষয়া হৈও ২০০৪ চনৰ পৰা দীপশিখা ফাউণ্ডেশ্যন প্ৰতিষ্ঠাৰে পৰা বৰ্তমানৰলৈকে ডেৰ লক্ষাধিকতকৈও অধিক কৰ্কটৰোগী আৰু অভিভাৱকক নিঃস্বাৰ্থভাৱে সেৱা প্ৰদান কৰি উপকৃত অহা ব্যক্তিজনক সমাজলৈ আগবঢ়োৱা এই অৱদানৰ বাবে এই বৰ্ষৰ বঁটা প্ৰদান কৰা হয় ৷

বঁটাটি লাভ কৰি আয়ুক্ত শৰ্মাই কয়, "প্ৰয়াত সমীৰণ বৰদলৈৰ পবিত্ৰ সোঁৱৰণত প্ৰদান কৰা এই বঁটা নিজ গৃহ জিলাত গ্ৰহণ কৰি নিজকে ধন্য মানিছো আৰু উৎসাহিত হোৱাৰ লগতে যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছো ।" ভাল চিন্তা আৰু ভাল কৰ্মৰাজি বিয়পাই নিয়াৰ চিন্তাৰে সমৃদ্ধ সমীৰণ বৰদলৈৰ জীৱন এক মাইলৰ খুঁটি বুলি অভিহিত কৰে শৰ্মাই ৷

লগতে পঢ়ক:কেজৰিৱালে স্বীকাৰ কৰিলে ভুল, ভিডিঅ' ৰিটুইট কৰি মানহানিৰ মুখামুখি দিল্লীৰ মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details