অসম

assam

ETV Bharat / state

সৰ্পদংশন কৰা ব্যক্তিক কুকুৰে কামোৰা বেজী ল’বলৈ পৰামৰ্শ চিকিৎসকৰ

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সংঘটিত নাভূত-নাশ্ৰুত ঘটনা ৷ পঢ়ক এই খবৰ…

ALLEGATION OF DOCTOR NEGLIGENCE
চিকিৎসালয়ত ওলোমাই ৰখা জাননী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 31, 2025 at 2:57 PM IST

গোলাঘাট: এক আজব ঘটনা ৷ যি ঘটনা শুনিলে আপোনাৰ মন-মগজু শিঁহৰিত হ’ব ৷ তেনে এক ঘটনাই সংঘটিত হৈছে অসম মুলুকত ৷ ঘটনাৰ স্থান গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় ৷

তথ্য অনুসৰি, জিলাখনৰ দক্ষিণহেঙেৰাৰ তছলিমা খাতুন নামৰ এগৰাকী মহিলাক খুঁটিছিল এটা সাপে ৷ মহিলাগৰাকীক পৰিয়ালৰ লোকে তাৎক্ষণিক চিকিৎসাৰ বাবে লৈ আহে গোলাঘাটস্থিত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ ৷ মহিলাগৰাকীৰ পৰিয়ালৰ লোকে তাত উপস্থিত থকা চিকিৎসকক ঘটনাৰ সবিশেষ জনোৱাত চিকিৎসকজনে দিয়ে এক অদ্ভূত পৰামৰ্শ ৷

সৰ্পদংশন কৰা ব্যক্তিক কুকুৰে কামোৰা বেজী দিলে চিকিৎসকে (ETV Bharat Assam)

সৰ্পদংশনত ভোগা মহিলাগৰাকীক এণ্টি ভেনম বেজী প্ৰদানৰ পৰামৰ্শ দিয়াৰ বিপৰীতে দায়িত্বত থকা চিকিৎসকগৰাকীয়ে প্ৰেছক্ৰিপছনত কুকুৰে কামোৰা বেজী ল’বলৈ লিখিত পৰামৰ্শ দিয়ে ৷ চিকিৎসা বিজ্ঞানৰ ভাষা বুজি নোপোৱা সহজ-সৰল পৰিয়ালটোৱে চিকিৎসকৰ পৰামৰ্শ পত্ৰ লৈ চিকিৎসালয়খনতে থকা ফাৰ্মাচীখনলৈ বেজী আনিবলৈ ঢাপলি মেলে ৷

পিছে ফাৰ্মাচিষ্টগৰাকীয়ে ৰোগীক বেজী দিবলৈ অমান্তি হোৱাতহে বাহিৰ হয় উৰহী গছৰ ওৰ ৷ তেতিয়া ৰোগীৰ আত্মীয়ই চিকিৎসকগৰাকীক এই বিষয়ে সোধাত সেই কথা সাধাৰণভাৱেই স্বীকাৰ কৰা বুলি উত্থাপিত হৈছে অভিযোগ ৷ চিকিৎসকগৰাকীয়ে সাধাৰণভাৱেই সেই বেজী দিব পাৰে বুলিও দায়সৰা মন্তব্য কৰে ৷

মণ্টু যাদৱ উপাধিৰ চিকিৎসকগৰাকী (ETV Bharat Assam)

সমগ্ৰ ঘটনাটো সম্পৰ্কে ৰোগীৰ আত্মীয়ই এনেদৰে কয়, ‘‘সাপে খোঁটাৰ বাবে চিকিৎসালয়ত আহিছিলো ৷ তাৰ পাছতে পৰীক্ষা কৰাৰ পাছত ফাৰ্মাচীত বেজী ল'বলৈ যাওঁতে ফটো বিচাৰিলে ৷ তাৰ ফটো কিয় লাগে বুলি সোধাত এইটো কুকুৰে কামোৰা বেজী লিখা আছে বুলি কয় ৷ তেতিয়া মই ক’লো সাপে খুঁটিলে কুকুৰে কামোৰা বেজী কিয় লিখে আৰু তেতিয়াহে পোহৰলৈ আহিলে যে সাপে খোঁটা বেজীৰ সলনি কুকুৰে কামোৰা বেজী লিখিছে । তাৰ পিছত চিকিৎসকক সোধাত তেওঁ ক’লে ভুলতে লিখিলো ।’’

চিকিৎসকে লিখা প্ৰেছক্ৰিপছন (ETV Bharat Assam)

মণ্টু যাদৱ উপাধিৰ চিকিৎসকগৰাকীৰ বিৰুদ্ধে উত্থাপিত এই গুৰুতৰ অভিযোগ তেওঁ একেমুখে নস্যাৎ কৰে ৷ ৰোগীৰ বিৰুদ্ধে প্ৰতি অভিযোগ উত্থাপন কৰি চিকিৎসকগৰাকীয়ে এনেদৰে কয়, ‘‘সাপে খোঁটা ৰোগী এজন আহিছিল ৷ তেওঁক মই সকলো দিশ চাই ভৰ্তি হ'বলৈ পৰামৰ্শ দিছিলো ৷ কিন্তু তেওঁলোকে ভৰ্তি নহ’ল আৰু পাছত মই কুকুৰে কামোৰা বেজী ল’বলৈ লিখি দিলো । সাপে খুঁটিলে সাধাৰণতে আমি টি টি বেজী ল’বলৈ লিখো যদি ৰোগীৰ অৱস্থা গুৰুত্বৰ নহয় ৷ কিন্তু বিষাক্ত সাপে খুঁটিলে আমি সাপে খোঁটা বেজী দিওঁ । ভুল ক’তো হোৱা নাই ৷’’

ইফালে এই সম্পৰ্কে চিকিৎসালয়খনৰ ফাৰ্মাচীত থকা এগৰাকী মহিলাই কয়, ‘‘সাপে খোঁটা বুলি লিখা থকাৰ বাবে মই বেজীটো দিয়া নাই । কিয়নো প্ৰেছক্ৰিপছনত কুকুৰে কামোৰা বেজী ল’বলৈ লিখা আছিল । চিকিৎসকে কুকুৰে কামোৰা বেজী লিখিছে, সাপে খোঁটা বেজী লিখা নাই ।’’

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বাহিৰৰ দৃশ্য (ETV Bharat Assam)

উল্লেখ্য যে, এই সমগ্ৰ ঘটনাই চিকিৎসকগৰাকীৰ বেপেৰুৱা মনোভাৱক প্ৰতিফলিত কৰিছে ৷ যদিহে এই অভিযোগ সঁচা হয়, তেন্তে চিকিৎসকগৰাকীয়ে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:খবৰ সংগ্ৰহ কৰিবলৈ গৈ নিজেই হৈ পৰিল এটা খবৰ; বহিঃৰাজ্যত গুলীবিদ্ধ অসমৰ সাংবাদিক