কোণাৰ্কৰ সূৰ্য মন্দিৰৰ সৈতে সাদৃশ্য থকা এক মন্দিৰ ; য'ত পৰিছিল সতীৰ 'শিৰভাগ'
পৌৰাণিক ঐতিহ্যৰে সমৃদ্ধ শক্তিপীঠ মালিনী থান । ইয়াৰ ইতিহাস জানিলে আপুনিও আচৰিত হ'ব !
Published : June 9, 2025 at 4:47 PM IST
জোনাই :অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত আছে এখন ঐতিহাসিক শক্তিপীঠ । যাক উত্তৰ-পূবৰ দ্বিতীয় সৰ্ববৃহৎ শক্তিপীঠ হিচাপে জনাজাত । বহু পৌৰাণিক ঐতিহ্যৰে সমৃদ্ধ এই শক্তিপীঠ । মা মালিনী থান নামেৰে জনাজাত এই শক্তিপীঠ সময়ৰ লগে লগে ধৰ্মীয় পৰ্যটনস্থলীলৈ পৰ্যবসিত হৈছে ।
ঐতিসাহিক মালিনী থান উত্তৰ-পূবৰ অন্যতম বৃহৎ শক্তিপীঠ বুলি গণ্য কৰা হয় ৷ সেউজীয়া পাহাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত থকা এই থানক জাগ্ৰত শক্তিপীঠ হিচাপেও জনা যায় । ধেমাজি জিলাৰ চিলাপথাৰ চহৰৰ পৰা প্ৰায় ৭-৮ কিঃমিঃ নিলগৰ নামনি অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ লিকাবালি নামে সৰু ঠাইৰ এটি পাহাৰৰ ওপৰত সমভূমিৰ পৰা প্ৰায় ২১ মিটাৰ উচ্চতাত এক মনোমোহা পৰিৱেশৰ মাজত মালিনী থান অৱস্থিত ৷ মন্দিৰৰ চৌদিশে প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যই পৰ্যটকক আকৰ্ষিত কৰি তোলে ৷ বহু স্থাপত্য-ভাস্কৰ্যৰে ভৰা মালিনী থান হিন্দুৰ প্ৰাচীন মন্দিৰসমূহৰ ভিতৰত অন্যতম ৷
মালিনী থানৰ উপাস্য দেৱী হৈছে মা-পাৰ্বতী ৷ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী পাৰ্বতীৰূপী অষ্টদশভূজাৰ এক সুষমা মূৰ্তিক ইয়াত উপাসনা কৰা হয় ৷ এই মন্দিৰৰ বিষয়ে কোনো নিৰ্দিষ্ট ইতিহাস পোৱা নাযায় ৷ মালিনী থান প্ৰাচীন মন্দিৰৰ এক ধ্বংসাৱশেষহে ৷ মালিনী মন্দিৰৰ স্থাপত্য আৰু ভাস্কৰ্য্যসমূহ শিলত খোদিত ৷ মন্দিৰৰ মূৰ্তিসমূহৰ উপৰিও মন্দিৰৰ কাৰুকাৰ্য, ভেটিৰ গাঁথনি আৰু থানলৈ উঠি যোৱা শিলৰ খটখটিবোৰ সুনিপুণ শিল্পীৰ যাদুকৰী হাতৰ পৰশৰ দ্বাৰা যে নিৰ্মিত তাক ভালকৈ প্ৰত্যক্ষ কৰিলে সহজে বুজা যায় । মন্দিৰৰ চৌদিশৰ শিলাখণ্ডটো বিভিন্ন কাৰুকাৰ্য খোদিত আছে ৷
এই মন্দিৰৰ অনুপম ভাস্কৰ্য দক্ষিণ ভাৰতৰ বিভিন্ন মন্দিৰৰ লগতে ওড়িশাৰ কোণাৰ্কৰ সূৰ্য মন্দিৰৰ ভাস্কৰ্যৰ লগত সাদৃশ্য থকা দেখা যায় ৷ মালিনী থানৰ ভাস্কৰ্যৰ সৈতে অসমৰ বিভিন্ন স্থানত উদ্ধাৰ হোৱা ভাস্কৰ্যৰ সাদৃশ্যও মন কৰিবলগীয়া ৷ মালিনী থানৰ বিশেষত্ব হৈছে-এই মন্দিৰ আৰু ভগ্নাৱশেষত উদ্ধাৰ হোৱা আপুৰুগীয়া সম্পদসমূহ শিলেৰে নিৰ্মিত ৷ এই মন্দিৰৰ ভগ্নাৱশেষৰ প্ৰতিটো শিলাখণ্ডতে অংকিত হৈ আছে শিলালিপি ৷ ভূমিকম্প নতুবা কোনো প্ৰাকৃতিক দুৰ্যোগত এই প্ৰাচীন মন্দিৰ ভাঙি গৈছিল বুলি বিভিন্ন উৎসই দাবী কৰে ।
লোক বিশ্বাস :
লোক বিশ্বাস অনুসৰি- এই জাগ্ৰত শক্তিপীঠত ভক্তিভাৱেৰে পূজা-অৰ্চনা কৰিলে মা-মালিনীৰ কৃপাদৃষ্টি লাভ কৰিব পাৰি । বিভিন্ন উৎসৱ পাৰ্বনৰ লগতে আন দিনবোৰতো বিভিন্ন প্ৰান্তৰ ভক্তই ইয়াত ভিৰ কৰে । ইয়াৰ উপৰিও মা মালিনীৰ শ্ৰীচৰণত শ্ৰদ্ধা ভক্তিৰে এগচি বন্তি জ্বলাই পূজা অৰ্চনা কৰি নৈবদ্য আগবঢ়ালে ভক্তৰ মনোকামনা পূৰণ হয় বুলি যোগে যোগে এক বিশ্বাস চলি আহিছে ।
পুৰোহিতে কি কয় ?
মন্দিৰৰ পুৰোহিতৰ মতে মালিনী থানত দেৱী দুৰ্গা আৰু শিৱৰ উপাসনা কৰা হয় । এই থান ১৩-১৪ শতিকাৰ মাজত চুতীয়া ৰজাসকলে নিৰ্মাণ কৰা বুলি জনা যায় । এই থানৰ সৈতে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ নামো জড়িত হৈ থকা দেখা যায় । কাহিনী অনুসৰি শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহিছিল । তেতিয়া পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা কৰিছিল । তেতিয়াৰ পৰাই এই ঠাইৰ নাম মালিনী হয় । আন একাংশৰ মতে এই স্থান এক শক্তিপীঠ ।
পুৰাতত্ববিদসকলে ইয়াৰ খনন কাৰ্যত উদ্ধাৰ হোৱা মূৰ্তিসমূহ পৰ্যৱেক্ষণ কৰি এই মন্দিৰ আনুমানিক প্ৰায় ১৪-১৫ শতিকাৰ বুলি অনুমান কৰিছে ৷ খননকাৰ্যত একে স্থানতে দেৱী দুৰ্গা, শিৱ, গণেশ, লক্ষ্মী, সৰস্বতীৰ মূৰ্তি উদ্ধাৰ হোৱা হেতুকে একেটা মন্দিৰতে দুৰ্গা, শিৱ, গণেশ আৰু সম্ভৱতঃ লক্ষ্মী-সৰস্বতীৰো উপাসনা কৰা হৈছিল বুলিও বহুতে যুক্তি দাঙি ধৰে । ইয়াৰে উদ্ধাৰ হোৱা কিছু শিলাখণ্ড অৰুণাচলৰ ইটানগৰত সংৰক্ষিত কৰি ৰখাৰ বিপৰীতে মন্দিৰ চৌহদতো সংৰক্ষণৰ ব্যৱস্থা কৰি ৰাখিছে চৰকাৰে । উল্লেখ্য যে চুতীয়া ৰজাসকলে নিজকে ভীষ্মক ৰজাৰ বংশৰ বুলি চিনাকি দিছিল, যাৰ বাবে পৰবৰ্তী কালত এই থানখনৰ লগত ভীষ্মকৰ জীয়ৰী ৰুক্মিণীৰ সম্পৰ্কৰ লোক বিশ্বাস জড়িত হৈ আছে ।
জ্যেষ্ঠ সাংবাদিক তথা লেখকৰ মন্তব্য
চিলাপথাৰৰ চিচিবৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তথা লেখক মৃদুপৱন চুতীয়াই এই সন্দৰ্ভত মন্তব্য কৰিছে । তেওঁ কয় যে ইতিহাসে ঢুকি পোৱা অনুসৰি সৌমাৰপীঠ হিচাপে চিহ্নিত অৰুণাচলৰ কেইবাখনো জিলাৰ লগতে অসমৰ শদিয়াৰ পৰা আৰম্ভ কৰি মাজুলী, গহপুৰ, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ পৰা মালিনী থান পৰ্যন্ত চুতীয়াসকলে ৰাজত্ব কৰিছিল । চুতীয়াসকল হ'ল শাক্ত ধৰ্মৰ উপাসক । উজনি অসমত কেইবাখনো শক্তিপীঠকে ধৰি বহুতো উপাসনাস্থলী আছে । শদিয়াৰ তাম্ৰেশ্বৰী আইথান, চিলাপথাৰ চিলিৰ তাম্ৰেশ্বৰী আইথন, নাৰী বাসুদেৱ থান ইত্যাদি উপাসনাস্থলী আছে ।
কামাখ্যাৰ পিছতে দ্বিতীয়খন শক্তিপীঠ হিচাপে মালিনী থান অন্যতম । ইয়াৰ কাষতে আছে মনোৰম আকাশীগংগা । কালিকা পুৰাণৰ মতে দক্ষ ৰজাৰ যজ্ঞস্থলীত দক্ষ ৰজাৰ কন্যা সতীয়ে স্বামীনিন্দা সহ্য কৰিব নোৱাৰি সেই যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিছিল ৷ সতীৰ আত্মজাহৰ শোকত ক্ৰোধান্বিত হৈ স্বামী শিৱই সতীৰ শৱদেহ কান্ধত লৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰি ভ্ৰমি ফুৰাৰ সময়ত পৃথিৱী অচল হৈ পৰিছিল ৷ তেতিয়া ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহ ৫১ টা খণ্ডত খণ্ডিত কৰি গৈছিল ৷ সতীৰ দেহ য'তে পৰিছিল, তাতে এক পীঠস্থান উদ্ভৱ হৈছিল ৷ বিষ্ণুৰ সুদৰ্শন চক্ৰৰে খণ্ডিত হৈ সতীৰ 'শিৰভাগ' মালিনী থানতো পৰিছিল । গতিকে সেই স্থান মালিনী থান হিচাপে পৰিগণিত হৈছে বুলি জনা যায় ।
ইয়াৰোপৰি কিংবদন্তী অনুসৰি মালিনী থানৰ উৎপত্তিৰ অন্তৰালত কেইবাটাও পৌৰাণিক আখ্যান আছে ৷ পুৰাতাত্ত্বিক দিশৰ পৰা চাবলৈ গ'লে-এই ঠাই দেৱী পাৰ্বতীৰ তপস্যা কৰা স্থান আছিল ৷ ভগৱান শ্ৰীকৃষ্ণই কুণ্ডিল ৰাজ্যৰ ভীষ্মক ৰজাৰ জীয়াৰী ৰুক্মিণীক হৰণ কৰি দ্বাৰকালৈ উভতি আহোঁতে জোনাইৰ ৰুক্মিণী আলিৰে ৰাজাখানা হৈ আহি মালিনী থানত বিশ্ৰাম লৈছিল ৷ সেই ঠাইতে শিৱ আৰু পাৰ্বতীয়ে কিছুদিন বসবাস কৰিছিল । সেই সময়তে আদ্যশক্তি দেৱী পাৰ্বতীয়ে এগৰাকী মালিনীৰ ভেশত অৰণ্যৰ অতি সুন্দৰ সুগন্ধি ফুলেৰে মালা গাঁঠি সেই পুষ্পমালাৰে তেওঁলোকক আদৰি আতিথ্য প্ৰদান কৰিছিল ৷
পাৰ্বতীৰ আতিথ্যত শ্ৰীকৃষ্ণ মুগ্ধ হৈছিল । পাৰ্বতীৰ পৰা সুগন্ধি পুষ্পমাল্য উপহাৰ পাই পৰিতুষ্ট হৈছিল ভগৱান শ্ৰীকৃষ্ণ ৷ ভগৱান শ্ৰীকৃষ্ণই মালিনীৰ ৰূপত আদ্যশক্তি পাৰ্বতীক চিনিব পাৰিছিল আৰু পাৰ্বতীক মালিনী বুলি সম্বোধন কৰি বৰ দিছিল যে এই স্থানত তেওঁক মা মালিনী হিচাপে যুগ-যুগান্তৰলৈকে ভক্তগণে পূজা কৰিব ৷ পৰৱৰ্তী সময়ত সেই নাম অনুসৰিয়েই সেই থানৰ নাম মালিনী থান নামে প্ৰসিদ্ধ হয় বুলি জনা যায় ৷
বুৰঞ্জীবিদসকলে এই থান দ্বাপৰ যুগৰ বুলি মত পোষণ কৰিছে ৷ খননকাৰ্যত পোৱা মূৰ্তিসমূহ নিৰীক্ষণ কৰি দ্বাপৰ যুগৰ বুলি দাবী কৰিছে ৷ খননকাৰ্যত নৱম-দশম শতিকাত নিৰ্মিত কিছু মূৰ্তি আৰু শিলাখণ্ড উদ্ধাৰ কৰা হৈছে ৷ মালিনী থানৰ পুনঃনিৰ্মাণক লৈয়ো বিভিন্নজনৰ মাজত বহু মতভেদ আছে ৷ মন্দিৰত থকা অন্যান্য মূৰ্তিসমূহৰ শিলাখণ্ডসমূহৰ তুলনাত মা মালিনী মূল মূৰ্তি ভাগৰ শিলাখণ্ড ভাগ পৃথক । মা মালিনীৰ মূল মূৰ্তিভাগ কলা শিলেৰে (Black granite) নিৰ্মিত । কিন্তু এই কলা শিলবিধ (Black granite) সচৰাচৰ অসম বা অৰুণাচলত পোৱা নাযায় । এই শিলবিধ দক্ষিণ বা মধ্য ভাৰততহে উপলব্ধ ।
চুতীয়াসকলৰ সম্পৰ্ক যিহেতু দেশৰ আন অংশৰ সৈতে থকা দেখা যায় সম্ভৱতঃ এনেধৰণৰ শিল নদী পথেদি আনি মা মালিনীৰ মূল মূৰ্তি ভাগ কলা শিলেৰে নিৰ্মাণ কৰা হৈছে বুলি অনুমান কৰিব পাৰি । এই মন্দিৰৰ ভালেসংখ্যক শৈল ভাস্কৰ্য অৰুণাচলৰ ৰাজধানী ইটানগৰৰ সংগ্ৰহালয়লৈ স্থানান্তৰিত কৰি সংৰক্ষণ কৰি ৰখা হৈছে । মন্দিৰটোৰ নতুন নিৰ্মাণশৈলী সম্পৰ্কে বিভিন্নজনে বিভিন্ন মতপোষণ কৰা দেখা যায় । তেওঁলোকৰ মতে নতুনকৈ নিৰ্মাণ কৰা মা মালিনী থান মন্দিৰৰ নিৰ্মাণশৈলী ওড়িশাৰ মন্দিৰসমূহৰ সৈতে এক অনুৰূপ শৈলীত নিৰ্মাণ কৰিছে ।
জ্যেষ্ঠ সাংবাদিক মৃদুপৱন চুতীয়াই কয়,"উত্তৰ-পূবৰ অন্যান্য শক্তিপীঠসমূহৰ নিৰ্মাণ শৈলীতকৈ বৰ্তমান নতুনকৈ নিৰ্মাণ কৰা মালিনী থানৰ নিৰ্মাণশৈলী কিছু পৃথক । যিয়েই নহওঁক মন্দিৰ ভাগ খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে । মালিনী থান হৈছে প্ৰাকৃতিক অপৰূপ সৌন্দৰ্যৰ মাজত থকা এক উল্লেখনীয় শক্তিপীঠ অৰ্থাৎ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু । বগীবিল দলং হোৱাৰ পিছত যথেষ্ট পৰ্যটকৰ আগমন ঘটিছে যদিও দুই ৰাজ্যৰ সীমান্তৰ বিবদমান অঞ্চল হোৱাৰ বাবে অসমৰ নীলাচল পৰ্বতত থকা শক্তিপীঠ কামাখ্যা ধাম আৰু ঐতিহাসিক শিৱদৌলত যেনেকৈ পৰ্যটকৰ সমাগম ঘটে ঠিক তেনেদৰে শক্তিপীঠ মালিনী থানত পৰ্যটকৰ সমাগম ঘটা নাই বুলি মই ভাবো । হয়তো অসম আৰু অৰুণাচল চৰকাৰে কিছু গুৰুত্ব আৰোপ কৰিলে এয়া সম্ভৱ হৈ উঠিব ।"
মন্দিৰৰ নান্দনিক দৃশ্য :
শক্তিপীঠ মা মালিনী থানত অহৰহ মৃদু বতাহ বলি থাকে ৷ এই বতাহে গা-মন জুৰ পেলায় । খটখটিৰে ওপৰলৈ উঠি যোৱা ভাগৰ নিমিষতে নাইকীয়া কৰি মন-প্ৰাণ জীপাল কৰি তোলে ৷ মন্দিৰৰ শিখৰৰ পৰা চৌদিশে লক্ষ্য কৰিলে এক নান্দনিক দৃশ্য দেখা যায় ।
সংগ্ৰহালয় :
মালিনী থানত পুৰাতাত্বিক সংগ্ৰহালয়ো আছে ৷ এই সংগ্ৰহালয়ত খননকাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন মূৰ্তি আৰু শিলাখণ্ড সংৰক্ষণ কৰি ৰখা হৈছে । হস্তীৰ মূৰ্তি, দেৱী দুৰ্গাৰ দশভূজা মূৰ্তি, তিনিটা শিৱ লিঙ্গ, গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী, ব্ৰহ্মা, নন্দী, সূৰ্য, দূৰ্গাৰ বাহন সিংহ, শিৱৰ তাণ্ডৱ মূৰ্তি, দ্বাৰৰক্ষী, অপ্সৰা, মুণ্ডহীন নাৰীৰ মূৰ্তি, কৃষ্ণ, ৰুক্মিণীকে আদি কৰি শতাধিক বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিৰ লগতে বিভিন্ন প্ৰাচীন মন্দিৰৰ অৱশেষসমূহ আৰু বিভিন্ন আপুৰুগীয়া ঐতিহাসিক সমলসমূহ অৰুণাচলৰ ৰাজধানী ইটানগৰ আৰু মন্দিৰৰ চৌহদত সংৰক্ষণৰ ব্যৱস্থা কৰিছে অৰুণাচল প্ৰশাসনে ৷
কিয় অৱহেলিত মালিনী থান ?
স্বাধীনোত্তৰ কাললৈকে এই স্থান অটব্য হাবিৰে ভৰি আছিল ৷ তাৰ স্থানীয় বাসিন্দাসকলে সেই ঠাই ভূত-পিশাচ বা দেৱ-দেৱীৰ স্থান বুলি হেনো দিনৰ ভাগতো যোৱা নাছিল ৷ সেয়ে অঞ্চলটো অটব্য হাবিৰ মাজত জনবসতিশূন্য এলেকা হৈ পৰি ৰৈছিল আৰু তাৰেই পৰিপ্ৰেক্ষিতত মালিনী থান অৱহেলিত হৈ পৰি ৰৈছিল ৷ কিন্তু সময়ৰ লগে লগে অৰুণাচল চৰকাৰৰ বিভাগীয় কতৃপক্ষই সেই স্থানত জৰীপ কৰি খননকাৰ্য চলায় বুলি বিভিন্ন উৎসৰ পৰা জনা যায় ।
চিলাপথাৰৰ স্থানীয় লোকৰ ভাষ্য অনুসৰি কামাখ্যা ধামৰ পিছতে মালিনী থান বুলি ক'ব পাৰি । ভক্তিভাৱে পূজা-অৰ্চনা কৰিলে মা মালিনীৰ কৃপাদৃষ্টি লাভ কৰি মনোবাঞ্চা পূৰণ হয় বুলি বিশ্বাস আছে । প্ৰত্যেক বছৰত চ'ত মাহৰ শেষৰফালে ব'হাগ বিহুৰ সময়ত বাসন্তী পূজা উপলক্ষে মালিনী মন্দিৰৰ সন্মুখৰ মুকলি প্ৰাঙ্গণত মালিনী মেলা ৭ দিনীয়াকৈ অনুষ্ঠিত হয় ৷ শ শ ভক্ত-দৰ্শনাৰ্থী, সেই সময়ত উক্ত স্থানত ভিৰ কৰা দেখা যায় ৷ সকলোৰে সমাগমত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে মালিনী থান ।
চিলাপথাৰৰ স্থানীয় ব্যক্তি ড৹ উত্তম দাসে কয়, "মালিনী থান হৈছে আমাৰ ঐতিহ্য । ভগৱান শ্ৰীকৃষ্ণৰ দিনৰে পৰা বিখ্যাত মালিনী থান । আমি সৰুৰে পৰা আৰু পূৰ্বপুৰুষসকলৰ পৰা শুনা মতে এই মালিনী থানখনতে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে জিৰণি লৈছিল । য'ত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীক স্বয়ং মালিনী ৰূপ লৈ পুষ্পমাল্যৰে আদৰণি জনাইছিল পাৰ্বতীয়ে । তেন্তে এই ঠাই কিমান ঐতিহ্যমণ্ডিত হ'ব ই সহজে অনুমেয় । কেৱল ভাৰতবৰ্ষৰে নহয় বিদেশী পৰ্যটক, গৱেষকো আহি মালিনী থান পৰিদৰ্শন কৰে ।
লগতে পঢ়ক :ছেৰজা-চিফুঙেৰে জীৱনৰ গীত ৰচিছে দিপুৰামে - JONAI FOLK ARTIST DIPURAM BORO