ছেৰজা-চিফুঙেৰে জীৱনৰ গীত ৰচিছে দিপুৰামে
নিঃস্বাৰ্থভাৱে লোকবাদ্যৰ সাধনা অব্যাহত ৰখা এগৰাকী শিল্পী । সেইগৰাকী শিল্পীক লৈয়েই ই টিভি ভাৰতৰ সাংবাদিক কৰবী দলেৰ বিশেষ প্ৰতিবেদন ।

Published : June 5, 2025 at 8:06 PM IST
জোনাই: 'ছেৰজা' আৰু 'চিফুং' । দুবিধ অসমৰ থলুৱা বাদ্য । যি আচলতে বড়ো লোকবাদ্য হিচাপেই পৰিচিত । অসমীয়া সংস্কৃতিত এই দুবিধ বাদ্যৰ ভূমিকা অপৰিসীম । এই দুই বাদ্যলৈ ইতিমধ্য জি আই টেগ প্ৰদান কৰাও হৈছে । কিন্তু বৰ্তমান সময়ত এই বাদ্য বজোৱা শিল্পী বা ইয়াৰ সাধনা কৰা লোকৰ সংখ্যাও যথেষ্ট কমি আহিছে । বহু যুৱপ্ৰজন্মৰ বাবে এই দুই বাদ্য চিনাকী নহয় ।
অৱশ্যে এই ছেৰজা আৰু চিফুঙে জীৱন সলনি কৰিছে এগৰাকী শিল্পীৰ । ছেৰজা আৰু চিফুঙৰ সুৰতে আপোন-পাহৰা হৈ থাকে তেওঁ । কেৱল তেওঁ নহয়, তেওঁৰ হাতৰ যাদুত ছেৰজা আৰু চিফুঙে অনন্য মাত্ৰা লাভ কৰে । আপোনাৰো মন-প্ৰাণ মুগ্ধ কৰি তুলিব । এনেকুৱা লাগিব যেন তেওঁ বজোৱা ছেৰজা আৰু চিফুঙৰ সুৰত আছে যাদুৰ লহৰ । শুনিলে শুনিয়েই থাকিবৰ মন যাব আপোনাৰ । তেওঁৰ হাতৰ পৰশত বাজি উঠা ছেৰজা-চিফুঙৰ সুৰত দেহ-মন চেঁচা পৰি যাব আপোনাৰ । এয়া আমাৰ কথা নহয় শিল্পীগৰাকীয়ে বজোৱা ছেৰজা আৰু চিফুঙৰ সুৰ যিয়ে শুনিছে সকলোৱে একেমুখে এই কথা স্বীকাৰ কৰিছে ।
আপোনাৰো হয়তো জানিবলৈ মন গৈছে, তেওঁ আচলতে কোন ? তেওঁ হৈছে ধেমাজি জিলাৰ জোনাইৰ লোকবাদ্য শিল্পী দিপুৰাম বড়ো । জোনাই বা ধেমাজিতে নহয়, তেওঁৰ অনুৰাগী সমগ্ৰ ভাৰততে আছে । যিয়ে এবাৰ শুনিছে তেওঁ কেতিয়াও পাহৰিব পৰা নাই দিপুৰামৰ ছেৰজা আৰু চিফুঙৰ সুৰ ।
সংগীতৰ সৈতে কেনেকৈ জড়িত হ'ল দিপুৰাম ?
তেওঁ বড়ো লোকবাদ্য পৰিৱেশন কৰিয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে । ধেমাজি জিলাৰ জোনাই মহকুমাৰ ৰাজাখানা গাঁও পঞ্চায়তৰ ১ নং মাইদাংশ্ৰী গাঁৱৰ প্ৰয়াত দেবেশ্বৰ বড়োৰ কনিষ্ঠ পুত্ৰ দিপুৰাম বড়ো । ১৯৭২ চনত অবিভক্ত বৰপেটা জিলাৰ বজালী পাটাছাৰকুছি অঞ্চলৰ বাঘমাৰাৰ গড়গাঁও গাঁৱত তেওঁৰ জন্ম হৈছিল । বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা দিপুৰাম বড়োৱে পোন্ধৰ বছৰ বয়সৰ পৰাই ছেৰজা পৰিৱেশনত মনোনিবেশ কৰিছিল । ছেৰজা-চিফুং বাদক দিপুৰাম বড়োৱে অসমৰ বিভিন্ন ঠাইত ৰাজ্যিক পৰ্যায়ৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ।

দেশৰ বিভিন্ন প্ৰান্তত ছেৰজা-চিফুং পৰিৱেশন
লোকবাদ্য শিল্পী দিপুৰাম বড়োৱে জানিবলৈ দিয়া মতে অসমৰ লগতে অৰুণাচল প্ৰদেশৰ এগৰাকী শিল্পীৰ সৈতে বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰিছে । অৰুণাচল প্ৰদেশ, এলাহাবাদ, পশ্চিমবংগ, নতুন দিল্লী, মিজোৰাম, ৰাজস্থান, উত্তৰ প্ৰদেশ আদিত তেওঁ ছেৰজা আৰু চিফুং পৰিৱেশন কৰি ৰাইজৰ প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে ।
বঁটা-সন্মান
ছেৰজা আৰু চিফুং বাদক দিপুৰাম বড়োৱে বৰ্তমানলৈকে প্ৰচাৰ ভাৰতী (ভাৰত চৰকাৰ), প্ৰয়াগ সঙ্গীত সমিতি (এলাহাবাদ), অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদ, দুলাৰাই বড়ো হাৰিমু আফাদ, মিচিং স্বায়ত্তশাসিত পৰিষদ, ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰেল চ'ছাইটি (পশ্চিমবংগ), জোনাই সঙ্গীত মহাবিদ্যালয়, জোনাই মহকুমা ছাত্ৰ সন্থা আদি বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠানৰ পৰা বঁটা তথা সন্মান লাভ কৰিছে ।

কেনেকৈ ছেৰজা প্ৰস্তুত কৰিবলৈ শিকিলে ?
দিপুৰাম বড়োৱে কেৱল বজোৱাই নহয় ঘৰতে ছেৰজা আৰু চিফুং প্ৰস্তুতো কৰে । গুৰু অবিহনেই দিপুৰাম বড়োৱে জোনাই মাইদাংশ্ৰী গাঁৱৰ এগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে ঘৰত সজাই থোৱা ছেৰজা আনি প্ৰথমে প্ৰস্তুত কৰিবলৈ শিকে । প্ৰথম অৱস্থাত বহুত কষ্ট আৰু সময় নষ্ট হৈছিল যদিও পিছলৈ তেওঁ এই বাদ্য প্ৰস্তুত কৰাত পাৰ্গত হৈ পৰে । প্ৰথম অৱস্থাত আনৰ পৰা ছেৰজা ক্ৰয় কৰি পৰিৱেশন কৰিছিল আৰু পিছলৈ নিজহাতে প্ৰস্তুত কৰা ছেৰজা বজোৱাৰ লগতে বিক্ৰী কৰিবলৈও আৰম্ভ কৰে । সিজুঁ গছৰ কাঠেৰে নিৰ্মিত ছেৰজা অতি উত্তম যদিও সহজে সিজুঁ গছৰ কাঠ পোৱা টান হেতুকে কঁঠাল, চটিয়না, গমাৰি গছৰ কাঠ, চাউনি হিচাপে পূৰ্বতে ব্যৱহাৰ কৰা গুঁই সাপ, ছাগলীৰ ছালৰ সলনি উন্নতমানৰ প্লাষ্টিক, ছেৰজাৰ ধনুত ব্যৱহাৰ কৰিবলৈ ঘোঁৰাৰ নেজৰ চুলি, অদাল গছৰ ছাল অথবা উন্নতমানৰ প্লাষ্টিকৰ সূতা আদি সামগ্ৰী ব্যৱহাৰ কৰি তেওঁ ছেৰজা প্ৰস্তুত কৰে ।
ছেৰজা আৰু চিফুঙৰ দাম :
দিপুৰামে এই সন্দৰ্ভত কয়, "এখন ছেৰজাত ৫ হাজাৰ টকাৰ পৰা ১০ হাজাৰ দৰত আৰু চিফুং ৫০০ টকাত বিক্ৰী হয় । বৰ্তমানলৈকে ১০০ খনৰো অধিক ছেৰজা বিক্ৰী কৰিছোঁ ।" ইফালে পৰম্পৰাগত সাধাৰণ কাঠৰ ছেৰজাৰ সলনি কাঠৰ লগতে বাঁহৰো বিভিন্ন উন্নতমানৰ আৰু ব্যতিক্ৰমী প্ৰযুক্তিৰে ছেৰজা নিৰ্মাণ কৰি উলিয়াইছে লোকবাদ্য শিল্পীগৰাকীয়ে । ছেৰজা পৰিৱেশনৰ সমান্তৰালভাৱে চিফুং বাদক হিচাপেও দিপুৰাম বড়োৱে বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । ২০০৮ চনত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই বাঁহীবাদক হিচাপে তেওঁক অনাতাঁৰ শিল্পীৰ স্বীকৃতি প্ৰদান কৰিছিল । চিফুং পৰিৱেশন কৰি অহাৰ লগতে বিভিন্ন প্ৰকাৰৰ চিফুং প্ৰস্তুত কৰি এটাত ৩০০ৰ পৰা ৫০০ টকা দৰত শ শ চিফুং বিক্ৰী কৰিছে বুলি জানিবলৈ দিয়ে লোকবাদ্য শিল্পীগৰাকীয়ে ।

ছেৰজা আৰু চিফুঙৰ কৰ্মশালা
দিপুৰাম বড়োৱে জোনাই শিলিখাগুৰি, চিমেনচাপৰি, মাগুৰমাৰি গোগামুখ, দুলীয়াজান আদি স্থানত প্ৰায় অৰ্ধশতাধিক আগ্ৰহী শিল্পীক ছেৰজা আৰু চিফুঙৰ প্ৰশিক্ষণ দিছে । কেৱল এয়াই নহয় অসমৰ বিভিন্ন প্ৰান্ততো আমন্ত্ৰণমৰ্মে তেওঁ ছেৰজা আৰু চিফুঙৰ প্ৰশিক্ষণৰ বাবে ভ্ৰমণ কৰিছে ।
উল্লেখ্য যে গোটেই জীৱন ছেৰজা আৰু চিফুং পৰিৱেশনৰ লগতে অসমীয়া সংস্কৃতিৰ সাধনাত ব্ৰতী দিপুৰাম বড়োৱে কিন্তু আজিলৈ চৰকাৰৰ তৰফৰ পৰা উল্লেখযোগ্য সহায় লাভ কৰা নাই । দুই এটা আৰ্থিক সকাহ লাভ কৰাৰ বাহিৰে চৰকাৰী পক্ষৰ পৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
তেওঁ জনোৱা মতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ১০ হাজাৰ টকা আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমোলত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা ৫০ হাজাৰ টকা আৰ্থিক সাহায্য লাভ কৰাৰ বাহিৰে বি টি আৰ, বি কে ডব্লিউ এ চিৰ পৰা আজিকোপতি কোনো সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই । অসম চৰকাৰে শিল্পীসকলৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও লোকসংস্কৃতিৰ জগতলৈ অতুলনীয় অৰিহণা আগবঢ়াই অহা লোকবাদ্য শিল্পীগৰাকী সেইবোৰৰ পৰা বঞ্চিত হৈ অহাটো দুৰ্ভাগ্যজনক বিষয় ।
উল্লেখ্য যে এগৰাকী থলুৱা শিল্পী হিচাপে সমাজলৈ অৱদান আগবঢ়াই অহা দিপুৰাম বড়ো এবছুৰ জোনাই আঞ্চলিক সমিতিৰ সভাপতি, ধেমাজি জিলা এবছুৰ সাংস্কৃতিক সম্পাদক হিচাপেও দীৰ্ঘ সময় ধৰি কাৰ্যনিৰ্বাহ কৰিছিল । বৰ্তমান বড়ো জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত ছেৰজা আৰু চিফুং পৰিৱেশন কৰা শিল্পীগৰাকীয়ে উঠি অহা প্ৰজন্মৰ বহু উদীয়মান শিল্পীকো প্ৰশিক্ষণ দিছে । বড়োসকলৰ লোকসংস্কৃতি জীয়াই ৰখাৰ লগতে লোকবাদ্য নিৰ্মাতা হিচাপে একনিষ্ঠাৰে আত্মনিয়োগ কৰি অহা দিপুৰাম বড়োৰ প্ৰচেষ্টা তথা অৱদান প্ৰশংসনীয় আৰু অতুলনীয় । দীপুৰাম বড়ো এগৰাকী প্ৰতিভাৱান শিল্পীয়েই নহয় সমান্তৰাকৈ এজন ভাল খেতিয়কো ।
নৱপ্ৰজন্মলৈ আহ্বান
দিপুৰাম বড়োৱে নৱপ্ৰজন্মক উদ্দেশ্যি কয়,"নিজৰ কলা-কৃষ্টি বজাই ৰাখিবলৈ আগ্ৰহী হ'ব লাগিব আৰু শিকিব লাগিব ।"

