তিনিচুকীয়া, 30 মাৰ্চ:প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন আহে আৰু যায় ৷ জনতাই লাভ কৰে নতুন চৰকাৰ আৰু নতুন জনপ্ৰতিনিধি ৷ পিছে সৰ্বসাধাৰণৰ সমস্যাহে থাকি যায় পূৰ্বৰ দৰে ৷ আমাৰ ৰাজ্যখনৰ এয়া এক পৰিচিত অৱস্থা ৷
নানা সমস্যাৰে জৰ্জৰিত তেনে এক অঞ্চল হৈছে তিনিচুকীয়াৰ শদিয়া ৷ প্ৰায় আঢ়ৈ দশক ধৰিগৰাখহনীয়াৰ কবলত শদিয়াৰ অন্তৰ্গত এক বৃহৎ অঞ্চল ৷ জিলাখনৰ নাওকটা, ফেলাই, হাতীঘূলি অঞ্চলত তীব্ৰ গৰাখহনীয়াৰ সমস্যা সৰ্বজনবিদিত ৷ 1998 চনৰে পৰা উল্লেখিত অঞ্চলকেইটাৰ লোকে এই সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ কিন্তু এই সমস্যাৰ প্ৰতি কাণষাৰ নাই চৰকাৰ বা জনপ্ৰতিনিধিৰ ৷ গতিকে, এইবাৰ ৰাইজৰ হুংকাৰ- গৰাখহনীয়া সমস্যাৰ সমাধান কৰক অন্যথাই ভোট বৰ্জন ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে আটছা তালাপ শাখাৰ উদ্যোগত বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন আৰু ছৈখোৱাবাসী ৰাইজৰ সহযোগত গ্ৰহণ কৰা হৈছিল প্ৰতিবাদী কাৰ্যসূচীৰ ৷ সমস্যাৰ সমাধান দাবী কৰি মটৰ চাইকেল সমদল উলিওৱা হৈছিল ৷ এই কাৰ্যসূচীৰ জৰিয়তে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষলৈ গৰাখহনীয়া সমস্যাটো অতি শীঘ্ৰে স্থায়ী সমাধান কৰাৰ দাবীত এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল যদিও আজি পৰ্যন্ত বিষয়টোৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷