মুখ্যমন্ত্ৰীয়ে নলবাৰী নে যোৰহাটক বেছি ভাল পায় ? ক'লে দিলীপ শইকীয়াই
যোৰহাটৰ অসম সাহিত্য় সভাৰ মুখ্য় কাৰ্যালয়ত বিজেপিৰ ৰাজ্য়িক সভাপতি ।
Published : May 21, 2025 at 12:38 PM IST
যোৰহাট:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নলবাৰী নে যোৰহাটক বেছি ভাল পায় ? এখনকো এৰিব নোৱাৰে মুখ্য়মন্ত্ৰীয়ে । কাৰণ এখন হৈছে পিতৃৰ জন্মস্থান আৰু আনখন মুখ্য়মন্ত্ৰীৰ জন্মস্থান । তথাপি দুয়োখন জিলাৰ ভিতৰত এখনক অলপ হ'লেও বেছি ভাল পায় । মুখ্যমন্ত্ৰীয়ে কোনখনক বেছি ভাল পায় সেই কথা জানে বিজেপিৰ ৰাজ্য়িক সভাপতি দিলীপ শইকীয়াই । যোৰহাটৰ অসম সাহিত্য় সভাৰ মুখ্য় কাৰ্যালয়ত এই সন্দৰ্ভত মন্তব্য় কৰিলে বিজেপিৰ ৰাজ্য়িক সভাপতিগৰাকীয়ে ।
যোৰহাটত বিজেপিৰ বৰ্ধিত সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়তেই অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এই সন্দৰ্ভত কয়, "দেউতাকৰ চৰকাৰী চাকৰি সূত্ৰে মুখ্য়মন্ত্ৰীৰ যোৰহাটতেই প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল । গতিকে মুখ্য়মন্ত্ৰীৰ মাজে মাজে যোৰহাটৰ প্ৰতি নলবাৰীতকৈ অলপ বেছি টান থকা যেন লাগে ।"
বৰ্ধিত সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়তেই বিজেপিৰ সজাতি দল এটাই সাহিত্য সভাৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে । অসম সাহিত্য সভাৰ যোৰহাটস্থিত মুখ্য কাৰ্যালয়ত মঙলবাৰে নিশা বিজেপিৰ ৰাজ্যিক বিষয়ববীয়াৰ পৰা আৰম্ভ কৰি বিধায়কসহ এটি দল উপস্থিত হৈ সাহিত্য সভাৰ বিষয়ববীয়া সৈতে এক আলোচনাত মিলিত হয় । চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অসম সাহিত্য সভা সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হয় উক্ত সভা ।
প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, "বহুত ইচ্ছা আছিল সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত আহিবলৈ । আজি সুযোগ পালো আৰু এই সুযোগৰ সদব্যৱহাৰ কৰিলো । কাৰণ অসম সাহিত্য সভা জাতীয় জীৱনৰ মেৰুদণ্ড স্বৰূপ আৰু প্ৰাণস্পন্দন স্বৰূপ । অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনলৈ আহি এক নতুন প্ৰাপ্তি হ'ল । বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাই এক নতুন মাত্ৰা, গতি আৰু প্ৰাপ্তি লাভ কৰিব বুলি আশা কৰিলো । সাহিত্য সভাই চৰকাৰলৈ জনোৱা আহ্বানক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছো ।" যিমান দূৰ সম্ভৱ সেয়া কৰিবলৈ প্ৰয়াস কৰিব বুলিও সভাপতি দিলীপ শইকীয়াই উল্লেখ কৰে ।
অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে বিজেপিৰ ৰাজ্যিক সভাপতিৰ ওচৰত সাহিত্য সভাই কৰি থকা সেতু বন্ধ কাৰ্যসূচী, অসমীয়া মাধ্যমৰ সমস্যাৰ লগতে সাহিত্য সভাৰ কামৰ সম্পৰ্কে অৱগত কৰে । উক্ত সভাত ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হৰিশ ত্ৰিবেদী, চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা, ছিপাঝাৰ সমষ্টিৰ বিধায়ক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী, সাংসদ কামাখ্যা প্ৰসাদ তাছাই অংশগ্ৰহণ কৰে ।