গুৱাহাটী,২১ এপ্ৰিল:প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ । ভূপেন বৰাই দাবী কৰা মতে যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত । যদি যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হয় তেনেহ'লে মুখ্য়মন্ত্ৰীক পদত্যাগ কৰিবলৈ প্ৰত্যাহ্বান জনায় ভূপেন বৰাই ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়,"যোৰহাটত কংগ্ৰেছ জয়ী হ'লে পদত্যাগ কৰিম বুলি কওঁক মুখ্যমন্ত্ৰীয়ে । যোৰহাটত বিজেপি জিকিব বুলি কওঁক যদি জিকিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিম বুলি কওঁক ।" এয়া মুখ্যমন্ত্ৰীলৈ পোনপটীয়া প্ৰত্যাহ্বান বুলিও ভূপেন বৰাই উল্লেখ কৰে । ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী জয়ী হ'ব বুলিও তেওঁ দাবী কৰে । 'কা'ৰ বাবেই ডিব্ৰুগড়ত বিৰোধী জয়ী হ'ব বুলি তেওঁ উল্লেখ কৰে ।