আলুৱে বিৰিঙাইছে কৃষকৰ মুখত হাঁহি, পেপছিকোলৈ আলু ভৰ্তি ট্ৰাক
বুঢ়ীদিহিং আৰু দিচাং নদীৰ দাঁতি-কাষৰীয়া অঞ্চলত কুইন্টলে কুইন্টলে উৎপাদন কৰা হৈছে চিপচ্ বনাবলৈ আলু । ছয় লাখ কিলোগ্ৰাম আলু উৎপাদনৰ লক্ষ্য বান্ধি লৈছে কৃষকসকলে ।
Published : February 28, 2025 at 1:40 PM IST
ডিব্ৰুগড় : দেশ-বিদেশৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হৈছে ‘‘এডভাণ্টেজ আছাম ২.০’’ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন । তেনে সময়ত অসমৰ ডিব্ৰুগড় জিলাৰ টিংখাঙত কৃষিৰ ক্ষেত্ৰত নৱজাগৰণৰ সূচনা ।
আলু খেতিৰে স্বাৱলম্বিতাৰ মুখ দেখিবলৈ সক্ষম হৈছে টিংখাঙৰ চাৰি শতাধিক কৃষক । বিহাৰ, বাংগালোৰৰ পৰা আমদানী হোৱা আলুক প্ৰত্যাহ্বান জনাই অসমৰ কৃষকে উৎপাদন কৰিবলৈ সক্ষম হৈছে কুইন্টলে কুইন্টলে আলু ।
টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত বিগত বৰ্ষত পেপছিকো ইণ্ডিয়া হল্ডিং প্ৰাইভেট লিমিটেডৰ সহযোগত টিংখাং সমষ্টিত পৰীক্ষামূলকভাৱে আলু খেতিৰ কাম আৰম্ভ হৈছিল । বিগত বৰ্ষত কৃষকে প্ৰায় ৮৭০০০ কিলোগ্ৰাম আলু উৎপাদন কৰিবলৈ সক্ষম হৈছিল ।
- বুঢ়ীদিহিং আৰু দিচাং নদীৰ দাঁতি-কাষৰীয়া ২৫০ বিঘা পলসুৱা মাটিত কৰা হৈছে আলু খেতি:
প্ৰথমবৰ্ষত পৰীক্ষামূলকভাৱে আলু খেতি কৰি সফলতা লাভ কৰা পাছতে আলু খেতিৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষতো দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত বুঢ়ীদিহিং আৰু দিচাং নদীৰ দাঁতি-কাষৰীয়া প্ৰায় ২৫০ বিঘা পলসুৱা মাটিত আলু খেতি কৰা হৈছিল । এইবাৰ প্ৰায় ৬ লাখ কিলোগ্ৰাম আলু উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে ।
ইতিমধ্যে কৃষকসকলে অতি উৎসাহেৰে আলু খননৰ কাম আৰম্ভ কৰিছে আৰু বহু কেইখন আলু ভৰ্তি ট্ৰাক PepsiCo India Holding Pvt Limited ক বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হৈছে । এই বাণিজ্যিক ভিত্তিক আলু খেতিয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৪ শতাধিক কৃষক জড়িত হৈ কৰ্ম-সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ।
- চাৰি শতাধিক কৃষক স্বাৱলম্বী হৈছে আলু খেতি কৰি:
আলু খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হোৱা দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ বিষয়ববীয়াই কয়, "টিংখাঙৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বড়াৰ পৃষ্ঠপোষকতাত দিহিংচাং বহুমুখী সমবায় সমিতি গঠন কৰি অৰ্থনৈতিক নৱজাগৰণৰ কৰিবলৈ চেষ্টা কৰা হৈছে ।’’
‘‘সম্প্ৰতি ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা আৰু কৰ্মসংস্থাপনহীনতাই ভাৰাক্ৰান্ত কৰা কৰ্মক্ষম যুৱক-যুৱতী, পুৰুষ-মহিলা, খেতিয়কসকলক সংগঠিত কৰি উৎপাদনমুখী চিন্তা, চেতনা আৰু বিভিন্নধৰণৰ কৰ্মমুখী আঁচনিৰে আগবঢ়াই নি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ।’’ সমবায় সমিতি লিমিটেডৰ বিষয়ববীয়াই কয় ৷
লগতে তেওঁলোকে কয়, "বিধায়ক বিমল বড়াৰ তৎপৰতাত আলু খেতিৰ উপৰিও পশুপালন, মীনপালন, বাণিজ্যিক ফুলৰ নাৰ্চাৰী আদি বিভিন্ন উৎপাদনমুখী আঁচনিৰ জৰিয়তে টিংখাং সমষ্টিত এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । অসমত যিহেতু আলু খেতি নহয়, কিন্তু বিগত বৰ্ষৰ পৰা বুঢ়ীদিহিং আৰু দিচাং নদীৰ দাঁতি-কাষৰীয়া উৰ্বৰ মাটিত বিজ্ঞানসন্মতভাৱে আলু খেতি কৰিছো । এইবাৰ ২৫০ বিঘা মাটিত খেতি কৰা হৈছে । চাৰিশ কৃষক ইয়াত জড়িত হৈ স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ।"
- টিংখঙৰ কৃষক সমাজৰ উৎসাহী কৰ্মত শলাগ মুখ্যমন্ত্ৰীৰ:
আলু খেতিৰে টিংখাঙৰ কৃষকসকলে কৃষি বিপ্লৱৰে নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে, "অসমত ঔদ্যোগিক বাতাৱৰণ সৃষ্টিৰে যোগান শৃংখল সু-ব্যৱস্থাপনাপূৰ্ণ কৰি থলুৱা উদ্যোগত উৎসাহ যোগোৱা তথা ৰাজ্যৰ কৃষক সমাজক উচিত মূল্য লাভেৰে সহায়ক ভূমিকা পালন কৰা আমাৰ লক্ষ্য । ইয়াৰ জৰিয়তে উপকৃতসকলৰ অন্যতম টিংখাংবাসী ।’’
‘‘৭৭৪ কোটি টকাৰে স্থাপন হোৱা পেপছিকো'ৰ কেঁচা সামগ্ৰী উৎপাদন হৈছে টিংখাঙত । যোৱা দুটা বছৰ ধৰি টিংখাঙৰ খেতিয়কসকল আলু খেতি কৰি ইয়াৰ যোগান অব্যাহত ৰাখিছে । আজি পুনৰ ৫০ হাজাৰ কিল'গ্ৰাম আলু প্ৰেৰণ কৰা হৈছে পেপছিকো'লৈ । টিংখাঙৰ কৃষকৰ উৎসাহী কৰ্মৰ শলাগ ল'লো ।" মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত কয় ৷