মোদী চৰকাৰৰ বিৰুদ্ধে ভোট দিবলৈ ৰাইজলৈ আহ্বান আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ
Sankor jyoti Baruah on CAA 2019 : আৰক্ষীৰ বাধা থাকিলেও কা-ৰ বিৰুদ্ধে ৰাজপথৰ আন্দোলন আৰু আইনী যুঁজ কৰিব সদৌ অসম ছাত্ৰ সন্থাই ৷ এই মন্তব্য আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ।
Published : March 12, 2024 at 9:45 AM IST
মৰাণ, 12 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে মঙবাৰে দেশজুৰি নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে । কিছুদিন পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে এখন ৰাজহুৱা সভাত লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে কা বলৱৎ কৰা হ’ব বুলি ঘোষণা কৰিছিল আৰু তাৰ পিচতে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে ৷
সমান্তৰালভাৱে প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল আছুকে ধৰি 30 জনগোষ্ঠীয় সংগঠনে ৷ এই সকলো ধৰ্ণা-প্ৰতিবাদক গুৰুত্বহীন কৰি সোমবাৰৰ পৰা দেশজুৰি কা বলৱৎ হোৱা বুলি ঘোষণা হোৱাৰ পাচতেই নিশাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷
দুলীয়াজানত সংবাদ মাধ্যমৰ আগত বৰুৱাই কয়, "আজিৰে পৰা প্ৰতিখন জিলা ছাত্ৰ সন্থাই 30 জনগোষ্ঠীৰ সংগঠনৰ সহযোগত জোঁৰ সমদল বাহিৰ কৰা হ’ব । লগতে কা-ৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ 30 জনগোষ্ঠীৰ সংগঠনৰ সৈতে আলোচনাত মিলিত হ'ব আছুৰ নেতৃত্বই । আৰক্ষীৰ বাধা থাকিলেও কা-ৰ বিৰুদ্ধে ৰাজপথৰ আন্দোলন আৰু আইনী যুঁজ চলাই যাব সদৌ অসম ছাত্ৰ সন্থাই ।"
কা জাপি দি অসমীয়া জাতিক নিঃশেষ কৰিবলৈ চেষ্টা কৰা মোদী চৰকাৰৰ বিৰুদ্ধে নিবাৰ্চনত ভোট দিবলৈ ৰাইজলৈ আহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷
উল্লেখ কৰা প্ৰয়োজন যে, সোমবাৰৰ সন্ধিয়া কা বলৱবৎৰ ঘোষণা কৰাৰ পাচতে আছুয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে ৷
লগতে পঢ়ক :বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে বলৱৎ কৰিছে কা আইন : চি পি আই এম