অসম

assam

ETV Bharat / sports

ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁত-প্ৰত্য়াহ্বান নেওচি কেনেকৈ আগুৱাই গৈছিল কবিতা

মই নিজকে কৈছিলো- মুখ নেমেলিবা নহ'লে মৃত্য়ুমুখত পৰিবা । ব্ৰহ্মপুত্ৰত ৯১৬ কিলোমিটাৰ দুঃসাহসিক নৌকা যাত্ৰা কৰা মেজৰ কবিতাৰ শিহৰণকাৰী বৰ্ণনা ।

NIMAS HISTORIC BRAHMAPUTRA RAFTING
ভাৰতীয় সেনাৰ ১২ গৰাকী সদস্যৰ একমাত্ৰ মহিলা অভিযানকাৰী (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 29, 2025 at 2:30 PM IST

অমৰাৱতী: বিশ্বৰ আটাইতকৈ দীঘল আৰু বিপজ্জনক নদীৰ ভিতৰত অন্য়তম হৈছে ব্ৰহ্মপুত্ৰ । প্ৰচণ্ড সোঁত আৰু অপ্ৰত্যাশিত অৱস্থাৰ বাবেই জনাজাত ব্ৰহ্মপুত্ৰ । এনে প্ৰতিকূলতা অৱস্থাৰ মাজতো মেজৰ কবিতা বাছুপল্লীয়ে অব্য়াহত ৰাখিছে অভিযান । ভাৰতীয় সেনাৰ ১২ গৰাকী সদস্যৰ ভিতৰত একমাত্ৰ মহিলা অভিযানকাৰী হৈছে কবিতা । এই দুঃসাহসিক আভিযান ২৮ দিনত সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা কবিতাক লৈ এতিয়া চলিছে চৰ্চা ।

অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলমৰ মেট্তুৰ গাঁৱৰ পৰা অহা সেনাৰ মেজৰ কবিতাৰ পিতৃ ভাসুপল্লী ৰাম ৰাও এগৰাকী ৰে'লৱে কৰ্মচাৰী আছিল । তেওঁৰ মাতৃ ৰম্যা এগৰাকী গৃহিণী । কবিতাই শিক্ষা বিশাখাপত্তনমত সমাপ্ত কৰি শ্ৰীকাকুলম চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছৰ শিক্ষা গ্ৰহণ কৰে । আৰ্থিক সংকটৰ বাবে তেওঁ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিব নোৱাৰিলে । ইয়াৰ পিছতেই তেওঁ চাকৰিৰ সন্ধান কৰে । তেতিয়াই তেওঁ ভাৰতীয় সেনাত যোগদানৰ বাবে ইচ্ছা প্ৰকাশ কৰে । আগ্ৰহী আৰু দৃঢ় সংকল্পৰে তেওঁ আবেদন কৰিলে । ৫৫০ গৰাকী আবেদনকাৰীৰ মাজৰ পৰা মহিলাৰ বাবে সংৰক্ষিত ৫০ আসনৰ কঠিন প্ৰতিযোগিতা অতিক্ৰম কৰিবলৈ সক্ষম হয় ।

ভাৰতীয় সেনাৰ ১২ গৰাকী সদস্যৰ একমাত্ৰ মহিলা অভিযানকাৰী (ETV Bharat)

মেডিকেল অধ্যয়নৰ সময়তেই কবিতাৰ পাহাৰ বগোৱাৰ হেঁপাহ আছিল । সেনাত যোগদান কৰাৰ পিছতে তেওঁ পৰ্বতাৰোহী কোৰ্ছ সম্পূৰ্ণ কৰিবলৈ আগ্ৰহী হৈ ছুটী লৈছিল । তেওঁৰ নেশ্যনেল ইনষ্টিটিউট অৱ মাউণ্টেইনিং এণ্ড এডভেঞ্চাৰ স্প'ৰ্টছ (NIMAS)ত চিকিৎসকৰূপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় । NIMASত থাকোতেই তেওঁ এবছৰতেই পিঠিত ১৫ কিলোগ্ৰাম ওজন লৈ পাঁচবাৰ ১৮,০০০ ফুট উচ্চতা বগাইছিল । তেওঁৰ এই অভিযানত কোনো ম'বাইল নেটৱৰ্ক অথবা বাহ্যিক সহায় নাছিল । তেওঁৰ দৃঢ়তাৰ বাবে NIMASৰ নিৰ্দেশকে তেওঁক ৰাফটিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগায় । সেই সিদ্ধান্তই ঐতিহাসিক অভিযানৰ পথ মুকলি কৰিলে কবিতাৰ বাবে ।

কবিতাই ভাৰত-তিব্বত সীমান্তৰ পৰা ভাৰত-বাংলাদেশ সীমান্তলৈ ব্ৰহ্মপুত্ৰৰে যাত্ৰা কৰিছিল । এই দলটোৱে ১,০৪০ কিলোমিটাৰ যাত্ৰা ২৮ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিছিল । মেজৰ কবিতা আছিল দলেটোৰ একমাত্ৰ মহিলা । এই সন্দৰ্ভত তেওঁ কয়, "আমাৰ সূৰ্যোদয়ৰ পৰা আৰম্ভ হৈছিল আৰু সূৰ্যাস্তলৈকে ৰাফটিং কৰিলো । পানীৰ মাজতেই আহাৰ খোৱা হৈছিল । ঢৌ ১১ ফুটলৈ উঠিছিল । এবাৰ ভুল হ'লেই আপোনাৰ জীৱন হেৰুৱাব পাৰে । প্ৰথম দিনটোত মই ৰাফ্টৰ পৰা উফৰি পৰিছিলো । এই সময়ত মই কি হৈছে বুজিব পৰা নাছিলো । তেতিয়া মই নিজকে ক'লে: মুখ নেমেলিবা নহ'লে মৃত্য়ুমুখত পৰিবা । শান্ত হওক । অপেক্ষা কৰক ।" এই যাত্ৰাত চাৰিবাৰ তললৈ পৰিলেও তেওঁ হাৰ মানিব খোজা নাছিল । কেতিয়াবা কেতিয়াবা এদিনতেই তেওঁ ৭০ কিলোমিটাৰ পৰ্যন্ত ৰাফ্ট কৰিছিল । ১২ ঘণ্টা অবিৰতভাৱে যাত্ৰা কৰিছিল ।

এই অভিযানৰ উদ্দেশ্য কেৱল উত্তেজনাৰ বিষয়ে নহয়, সেয়া ব্ৰহ্মপুত্ৰত নতুন পৰ্যটনৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বিচৰাটো । এই অভিযানে স্থানীয় কৰ্মসংস্থানৰ প্ৰচাৰ আৰু অঞ্চলটোৰ সাংস্কৃতিক সম্পদ ৰক্ষা কৰিবলৈ বৃহৎ প্রচাৰমূলক প্ৰচেষ্টাৰ অংশ বুলি ক'ব পাৰি । এই সফল অভিযানৰ বাবে কবিতাক পদকেৰে সন্মানিত কৰা হৈছে ।

মেজৰ কবিতাই কয়,"মই ব্ৰহ্মপুত্ৰত দুঃসাহসিক অভিযান সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা বাবে গৌৰৱবোধ কৰিছো । মই মোৰ পৰিয়ালৰ পৰা প্ৰথম গ্ৰ্যাজুৱেট, প্ৰথম সেনা কাৰ্যকর্তা আৰু প্ৰথম অভিযাত্রী । কিন্তু মই কেতিয়াও হাৰ মানা নাই ।" সেয়ে তেওঁ এতিয়া পিজিত অধ্যয়নৰ পৰিকল্পনা কৰিছে আৰু অধিক উচ্চতাৰ শিখৰলৈ বগাবলৈ আগ্ৰহী ।

লগতে পঢ়ক:বুঢ়া লুইতৰ উৎপত্তিস্থলৰ পৰা ভটিয়াই নিমাতীমুখ পালেহি ২২ জনীয়া দল - NIMAS HISTORIC BRAHMAPUTRA RAFTING

ব্ৰহ্মপুত্ৰত ৯১৬ কিলোমিটাৰ দুঃসাহসিক নৌকা যাত্ৰা - NIMAS HISTORIC BRAHMAPUTRA RAFTING