গুৱাহাটী, ২৭ এপ্ৰিল:৭ মে'ত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ২৭ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে পোষ্টেল বেলটৰ জৰিয়তে ভোটগ্ৰহণ প্ৰক্ৰিয়া । কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া সুমিত ছাত্তাৱনে উল্লেখ কৰা মতে, ১২(ডি) প্ৰ-পত্ৰৰ জৰিয়তে আবেদন কৰা আবেদনকাৰী সকলৰ মাজৰ পৰা যোগ্যতা ভিত্তিত বাছি উলিওৱা প্ৰতিগৰাকী বিশেষভাৱে সক্ষম আৰু ৮৫ বছৰ উৰ্ধৰ ভোটাৰৰ আবাসহত উপস্থিত হৈ তেওঁলোকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পাদন কৰা হৈছে ।
উল্লেখ্য় যে গুৱাহাটী লোকসভা সমষ্টিত মুঠ ১৫৪৫ গৰাকী ৮৫ বছৰৰ উৰ্ধৰ ভোটাৰৰ বিপৰীতে কামৰূপ মহানগৰ জিলাত এই সংখ্যা ১২২৪ গৰাকী । একেদৰে লোকসভা সমষ্টিটোত মুঠ ৫৯৫ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ আছে আৰু মহানগৰ জিলাখনত এই ভোটাৰৰ সংখ্যা ৮৯ গৰাকী । আনহাতে, অহা ২ মে'ৰ পৰা আৰম্ভ হ'ব নিৰ্বাচন প্ৰক্ৰিয়াত নিয়োজিত বিষয়া-কৰ্মচাৰী তথা অন্যান্য ব্যক্তিসকলৰ পোষ্টেল বেলটৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া ।
উল্লেখযোগ্য যে এইবেলি ভাৰতৰ নিৰ্বাচন আয়োগে ১১টা বিভাগৰ কৰ্মচাৰীৰ বাবে পোষ্টেল বেলটৰ জৰিয়তে ভোট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ পোষ্টেল বেলট কোষৰ ন'ডেল বিষয়া ড৹ জীৱন কৃষ্ণ গোস্বামীয়ে সদৰী কৰা মতে,অহা ২ আৰু ৩ মে'ত প'লিং বিষয়াসকলে গুৱাহাটী কমাৰ্চ কলেজ, দিছপুৰ কলেজ আৰু অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত ভোটদান কৰিব পাৰিব । তেনেদৰে নিৰ্বাচনী কাম-কাজত নিয়োজিত আন বিষয়া-কৰ্মচাৰী সকলে ২ ৰ পৰা ৫ মে'ৰ ভিতৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা পোষ্টেল ভোটিং চেণ্টাৰত পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান কৰিব পাৰিব ।