অসম

assam

নাৰিকল-বাদামেৰে কেনেদৰে ল'ব ছালৰ যতন ?

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:26 PM IST

Skin Care Tips: শীতৰ এই সময়ছোৱাত আমাৰ ছালৰ ভিন্ন ধৰণৰ সমস্যা হোৱা দেখা যায় ৷ জলবায়ুৰ বাবে ছালখন শুকান হৈ থাকে ৷ প্ৰায়ে ছালখন টানি টানি ধৰা অনুভৱ হয় ৷ এই সময়ছোৱাত ছালৰ এই শুকান ভাব কেনেদৰে নোহোৱা কৰিব ? এই সম্পৰ্কে জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ৷

Beauty Tips by Mala Mahanta
নাৰিকল-বাদামেৰে কেনেদৰে ল'ব ছালৰ যতন ?

সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত

গুৱাহাটী, 23 জানুৱাৰী: বেছিভাগ লোকেই ভাবে যে ছালৰ যত্নৰ অৰ্থ হ’ল কেৱল মুখমণ্ডলৰ যত্ন লোৱাটোৱেই বুজায় কিন্তু বাস্তৱত এনেকুৱা নহয় ৷ ছালৰ যত্ন বুলি ক’লে আমাৰ সমগ্ৰ শৰীৰটোৱেই জড়িত হৈ থাকে ৷

শীতকালত আমাৰ ছালৰ আদ্ৰতা ভাৱটো কমি আহে ৷ জলবায়ুৰ বাবে ছালখন শুকান হৈ থাকে ৷ পুৱা শুই উঠাৰ পাছত বা মুখখন ধোঁৱাৰ পাছত ছালখন প্ৰায়ে টানি ধৰা যেন লাগে ৷ এই সমস্যা কম-বেছি পৰিমাণে সকলোৰে হোৱা দেখা যায় ৷ যাৰ বাবে মহিলাসকলৰ সৌন্দৰ্যতাত বিৰূপ প্ৰভাৱ পৰা দেখা যায় ৷ বহু সময়ত যিমানেই বডি লোচন নলগাওক কিয় ইয়াৰ পিছতো ছালত শুকানতা দেখা যায় ৷

শীতকালত আমাৰ ছালৰ বিশেষ যত্নৰ প্ৰয়োজন হয় ৷ কাৰণ এই সময়ছোৱাতেই আমাৰ ছালখন শুকাই যাবলৈ আৰম্ভ কৰে আৰু ইয়াৰ পৰা হাত সাৰিবলৈ আমি বজাৰত উপলব্ধ বিভিন্ন স্কিন কেয়াৰ ক্ৰীম আদি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰো যিয়ে কেতিয়াবা আমাৰ ছালৰ ক্ষতিও কৰে ৷ কিন্তু আমাৰ ঘৰতে উপলব্ধ কিছুমান সামগ্ৰীৰ দ্বাৰা এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰো ৷ সেয়ে এই সম্পৰ্কত ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জনপ্ৰিয় সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই আপোনালোকৰ বাবে কি ঘৰুৱা টিপছ আগবঢ়ালে জানো আহক-

যাৰ বাবে আপোনাক লাগিব এবাটি মান ৰুকি লোৱা নাৰিকল, অকমান মৌ আৰু ৰঙা বা কাঠ বাদামৰ গুৰি ৷ ৰুকি থোৱা সতেজ নাৰিকল, চাৰি চামুচ মান বাদামৰ গুৰি আৰু মৌ এই গোটেইখিনি সামগ্ৰী ভালদৰে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ব ৷ তাৰ পিছত এই মিশ্ৰণটো ভালদৰে মুখৰ লগতেই হাত-ভৰিটো লগাব পাৰে ৷ এনেদৰে ১৫ মিনিট সময় ৰাখি অকমান কেঁচা গাখীৰৰে আঙুলিৰ মূৰেৰে লাহে লাহে ছালখন স্ক্ৰাব কৰি ল'ব ৷ তাৰ পাছত কুহুমীয়া পানীৰে ভালদৰে ধুই দিব ৷ এনেদৰে কৰিলে আপোনাৰ ছালখন উজ্জ্বল হোৱাৰ লগতেই বগা হ'ব আৰু ছালৰ শুকান শুকান ভাৱটোও নোহোৱা হ'ব ৷ এই মিশ্ৰণটো ব্যৱহাৰ কৰাৰ ফলত ছালৰ ভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হ'ব ৷

লগতে পঢ়ক:শীতকালত হাৰ্ট এটাকৰ পৰা হাত সাৰিব বিচাৰে নেকি ? তেন্তে মনত ৰাখিব চিকিৎসকৰ এইবোৰ কথা

ABOUT THE AUTHOR

...view details