ETV Bharat / health

এইবাৰ দীপাৱলীত হেপাঁহ পলুৱাই খাওক মিঠাই

ওজন বৃদ্ধি হোৱাৰ ভয়ত বহুলোকে মিঠাই বেছিকৈ খাবলৈ খুবেই চিন্তা কৰে, কিন্তু মিঠাই খাইও আপুনি এই উৎসৱক কেনেদৰে বিশেষ কৰি তুলিব পাৰে, আজি জানো আহক-

Weight-Loss and Maintenance Strategies
এইবাৰ দীপাৱলীত হেপাঁহ পলুৱাই খাওক মিঠাই (ETV Bharat)
author img

By ETV Bharat Health Team

Published : October 30, 2024 at 4:58 PM IST

2 Min Read
Choose ETV Bharat

কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী পালন কৰিব সমগ্ৰ দেশবাসীয়ে ৷ দীপাৱলী মানেই যেন মিঠাই! পোহৰৰে চৌদিশ উজ্জ্বল হোৱাৰ লগতে এই আনন্দৰ উৎসৱত ইজনে-সিজনক মিঠাই উপহাৰ দিয়া তথা মিঠাই খোৱাটো এক পৰম্পৰা বুলিয়েই ক’ব পাৰি ৷ এই সময়তো আকৌ স্বাস্থ্য সচেতন একাংশই ওজন বৃদ্ধিৰ ভয়ত মিঠাই খোৱাৰ পৰা বিৰত থাকে ৷কিন্তু এনে লোকসকলৰ এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই ৷ হয়, কেইটামান দিশৰ প্ৰতি মন দি আপুনি মিঠা খাইও ওজন নিয়ন্ত্ৰণ কৰিব পাৰে ৷ মিঠাই খাই আপুনি এই উৎসৱটো কেনেদৰে বিশেষ কৰিব পাৰে, আজি জানো আহক-

যথেষ্ট পৰিমাণে পানী খাব

Weight-Loss and Maintenance Strategies
এইবাৰ দীপাৱলীত হেপাঁহ পলুৱাই খাওক মিঠাই (ETV Bharat)

আপোনাৰ শৰীৰ হাইড্ৰেটেড ৰাখিবলৈ দিনে কমেও ৭ -৮ গিলাচ পানী খাব ৷ ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে আৰু আপোনাৰ বিপাক বৃদ্ধি কৰে ৷ পৰ্যাপ্ত পানী খালে আপোনাক সতেজ অনুভৱ কৰোৱাৰ লগতে ভোকও নিয়ন্ত্ৰণ কৰিব ৷

দৈনিক আধা ঘণ্টা খোজ কাঢ়ক

Weight-Loss and Maintenance Strategies
এইবাৰ দীপাৱলীত হেপাঁহ পলুৱাই খাওক মিঠাই (ETV Bharat)

যদি আপুনি মিঠাই খাই আছে, তেন্তে দৈনিক কমেও আধা ঘণ্টা খুব খৰকৈ খোজ কাঢ়িব ৷ ই কেলৰি দহন কৰাত সহায়ক হোৱাৰ লগতে আপোনাৰ মানসিক স্বাস্থ্যকো শক্তিশালী কৰিব ৷ নিয়মীয়াকৈ খোজ কঢ়াটো আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী ৷

আঁহেৰে সমৃদ্ধ খাদ্য খাব

উৎসৱৰ বতৰত মিঠাই খোৱাৰ লগতে আহাৰত আঁহ আৰু প্ৰ'টিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব ৷ ফল, পাচলি আৰু সম্পূৰ্ণ শস্য আপোনাৰ বাবে ভাল বিকল্প হ'ব পাৰে ৷ আঁহ সমৃদ্ধ খাদ্যই পেটটো ভৰ্তি কৰি ৰাখে, যাতে আপুনি সোনকালে ভোক অনুভৱ নকৰে ৷

জিমলৈ যাব

Weight-Loss and Maintenance Strategies
এইবাৰ দীপাৱলীত হেপাঁহ পলুৱাই খাওক মিঠাই (ETV Bharat)

যদি আপুনি বাহিৰত খোজ কাঢ়িব নোৱাৰে, জিমলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ নিয়মীয়া ব্যায়ামে ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে আপোনাক সুস্থ কৰি ৰাখিব ৷ শৰীৰৰ পৰা ঘাম বাহিৰ ওলোৱাটোৱে শৰীৰৰ বিপাকৰ হাৰ বৃদ্ধি কৰে, যিয়ে কেলৰি দহন কৰাত সহায় কৰে ৷

Ref:- https://www.ncbi.nlm.nih.gov/books/NBK221839/

লগতে পঢ়ক: ব্যায়াম কৰিও ওজন কমাব পৰা নাই ? তেন্তে শৰীৰত হ’ব পাৰে এইবিধ বস্তুৰ অভাৱ