অসম

assam

স্বাস্থ্যকৰ যেন লগা এই খাদ্যবোৰ আপোনাৰ শিশুটিৰ বাবে হ’ব পাৰে বিপদজনক !

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 8:42 PM IST

Health Tips: শিশুক দিয়া বহুতো খাদ্য সামগ্ৰী যিবোৰ দেখাত স্বাস্থ্যকৰ যদিও আমাৰ স্বাস্থ্যৰ বাবে একেবাৰেই উপকাৰী নহয় । সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক শিশুৱে কেনেধৰণৰ খাদ্যৰ পৰা আঁতৰি থকাটো উচিত-

Do not feed these things to children, they look healthy but are harmful for health
স্বাস্থ্যকৰ যেন লগা এই খাদ্যবোৰ আপোনাৰ শিশুটিৰ বাবে হ’ব পাৰে বিপদজনক!

শিশুৰ বাবে স্বাস্থ্যকৰ বুলি কোৱা খাদ্য সামগ্ৰী বজাৰত উপলব্ধ যদিও সত্যটো হ’ল ই আপোনাৰ শিশুক স্বাস্থ্যৰ পক্ষে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ বাবেই আপোনাৰ শিশুটিৰ ভৱিষ্যতে মেদবহুলতা, ডায়েবেটিছৰ দৰে বহুতো সমস্যাৰ সৃষ্টি কৰি৷ তলত উল্লেখিত খাদ্য সামগ্ৰীসমূহ আজি আপোনাৰ শিশুটিৰ খাদ্য তালিকাৰ পৰা বাহিৰ কৰক ৷

শিশুক ভুলতেও নুখুৱাব এই খাদ্য

  • পেকেটৰ খাদ্য –

বহু মাতৃয়ে বজাৰত পেকেটত উপলব্ধ খাদ্য সন্তানক খাবলৈ দিয়ে ৷ গাখীৰৰ লগত পৰিবেশন কৰা এই খাদ্যবোৰ সকলোৱে স্বাস্থ্যকৰ বুলি বিবেচনা কৰে ৷ কিন্তু বাস্তৱত এই পেকেটৰ খাদ্যবোৰত চেনিৰ পৰিমাণ যথেষ্ট পৰিমাণে বেছি থাকে আৰু ই স্বাস্থ্যকৰ হোৱাতকৈ অস্বাস্থ্যকৰ বেছি হয় ৷

  • পেকেজিং কৰা জুচ –

ৰস আৰু লাচি বা বাটাৰমিল্ক পেকেটত ভৰোৱাৰ পৰিৱৰ্তে সতেজভাৱে উলিওৱা বা ঘৰতে প্ৰস্তুত কৰিলেহে উপকাৰী ৷ বজাৰত উপলব্ধ পেকেজড জুচ, যিমানেই প্ৰচাৰ নহওক কিয়, আপোনাৰ শিশুৰ স্বাস্থ্যৰ বাবে একেবাৰেই উপকাৰী নহয় ৷ এইবোৰত প্ৰচুৰ পৰিমাণে ৰাসায়নিক পদাৰ্থ আৰু চেনি থাকে, যিবোৰে শিশুৰ বাবে কোনো একেবাৰেই উপকাৰী নহয় ৷

  • প্ৰ’বায়’টিক –

আজিকালি বজাৰত সকলো ধৰণৰ প্ৰ’বায়’টিক বিক্ৰী কৰা হৈছে ৷ এইবোৰ পেটৰ স্বাস্থ্যৰ বাবে ভাল বুলি বিক্ৰী কৰা হয় ৷ একে নামৰ বহু সোৱাদৰ আৰ্টিফিচিয়েল দৈ বা Yougurt শিশুৰ মাজত অতিকৈ পচন্দ কৰা এবিধ খাদ্য কিন্তু সত্যটো হ’ল প্ৰ’বায়’টিক সেৱনৰ আটাইতকৈ উত্তম উপায় হ’ল ঘৰতে বনোৱা ফ্ৰ’জেন দৈ বা আচাৰ ৷ বজাৰত উপলব্ধ প্ৰ’বায়’টিক উপকাৰী নহয়, ইয়াৰ পৰা আপোনাৰ শিশুটিক যিমান পাৰি আঁতৰাই ৰাখক ৷

  • সকলো ধৰণৰ চচ আৰু মেয়নেজ –

বহু ধৰণৰ চচ আৰু মেয়নেজ শিশুৰ বাবে স্বাস্থ্যকৰ বুলি বজাৰত বিক্ৰী কৰা হয় ৷ বহু বিজ্ঞাপনত আনকি কোৱা হয় যে তাৰ এটা সৰু অংশ তেওঁলোকৰ ৰুটি বা ব্ৰেডত যোগ কৰি শিশুক স্বাস্থ্যকৰ খাদ্য হিচাপে খুওৱাব পাৰে৷ কিন্তু এনে কৰাটো আপোনাৰ শিশুটিৰ স্বাস্থ্যৰ পক্ষে একেবাৰেই উপকাৰী নহয় ৷ সেয়ে ইয়াৰ আপোনাৰ শিশুটিক আঁতৰাই ৰাখক ৷

লগতে পঢ়ক:এইসকল লোকে শীতকালত ভুলতো নাখাব দৈ

ABOUT THE AUTHOR

...view details