অসম

assam

ETV Bharat / entertainment

ধনী হোৱাৰ সপোনে যেতিয়া হাতবাউল দি মাতে, পাহৰি নাযাব প্ৰত্যাহ্বানৰ কথা

ধনী হোৱাৰ স্বপ্ন বুকুত বান্ধি আগবাঢ়ি যোৱা যুৱকৰ কাহিনীৰে শীঘ্ৰেই আহি আছে "Malamal Boyyyz" ৷ পূৰ্ণগতিত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণ ।

Malamal Boyyyz
নতুন অসমীয়া চিনেমা (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : March 14, 2025 at 1:15 PM IST

গুৱাহাটী :চলিত বৰ্ষত নিৰ্মাণ হৈ থকা তথা মুক্তি পাবলগীয়া ছবিসমূহৰ তালিকাত সংযুক্ত হৈছে আন এখন পূৰ্ণদৈৰ্ঘৰ ছবি ৷ অনিমা লহকৰৰ প্ৰযোজনা তথা মাটংগী এণ্টাৰটেইনমেণ্টৰ বেনাৰত চলিত বর্ষত ছবিগৃহলৈ আহি আছে এই নতুন অসমীয়া ছবিখন, নাম "Malamal Boyyyz" ৷

এদল যুৱকে সপোনৰ পম খেদি জীৱনত আহৰণ কৰা তিতা-মিঠা অভিজ্ঞতা সামৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে ৷ আহিবলগীয়া এই ছবিখনৰ কাহিনী আৰু পৰিচালনা মৃণাল ডেকাৰ । ধনী হোৱাৰ স্বপ্ন বুকুত বান্ধি আগবাঢ়ি যোৱা যুৱককেইজনৰ কাহিনীৰে নিৰ্মিত এই ছবিখন সন্দৰ্ভত জানিবলৈ ইটিভি ভাৰতৰ সাংবাদিকে পৰিচালকৰ সৈতে যোগাযোগ কৰিছিল ৷

পূৰ্ণগতিত চলি আছে দৃশ্যগ্ৰহণ (Photo : ETV Bharat Assam)

সাংবাদিক দিপাঞ্জলি শৰ্মাৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত পৰিচালকগৰাকীয়ে জনালে কিছু কথা-

আন এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি (Photo : ETV Bharat Assam)

“৪ জন যুৱক ধনী হোৱাৰ স্বপ্নত বিলীন হয় আৰু সেই স্বপ্নক সাৰ্থক কৰিবলৈ যোৱাৰ সময়ত তেওঁলোকে যিবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সেইখিনিৰ আধাৰতেই নিৰ্মাণ কৰা হৈছে Malamal Boyyyz ।”

ছবিখনৰ ৪০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ (Photo : ETV Bharat Assam)

“ছবিখন এখন হাস্যমধুৰ ছবি । ৪ জন যুৱকৰ কাহিনীক লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে । বেলেগ বেলেগ ক্ষেত্ৰত চাকৰি কৰি থকা চাৰিজন যুৱকে ধনী হোৱাৰ সপোন দেখে । সামাজিক মাধ্যম আদিত দেখি থকা ভিন্ন ভিডিঅ’ আদিৰ পৰা অনুপ্ৰাণিত হৈ তেওঁলোকে ষ্টাৰ্ট আপ এটা আৰম্ভ কৰে । ষ্টাৰ্ট আপ হিচাপে তেওঁলোক চাৰিজনে মিলি চাহৰ দোকান এখন আৰম্ভ কৰে । কিন্তু সেই দোকানখনো কিছুদিনৰ পাছত উচ্ছেদ কৰি দিয়া হয় । যাৰ ফলত তেওঁলোক বহু বিপদত পৰে ৷ উচ্ছেদৰ পাছত কেনেদৰে চলিব বা কেনেদৰে জীৱন নিৰ্বাহ কৰিব এনেধৰণৰ বহু চিন্তা-চৰ্চা কৰাৰ ফলত তেওঁলোকৰ মনলৈ খেতি কৰাৰ কথা আহে । তেওঁলোকৰ এই সমগ্র যাত্ৰাটোকে আধাৰ হিচাপে লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে ৷ ”পৰিচালক ডেকাৰ ভাষ্য ৷

মৃণাল ডেকা (Photo : ETV Bharat Assam)
  • বৰ্তমানলৈ ছবিখনৰ কিমান কাম সম্পূৰ্ণ হৈছে

এই সন্দৰ্ভত পৰিচালকে জনায়, “বৰ্তমানলৈ ছবিখনৰ ৪০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । লগতে ছবিখনৰ তিনিটা গীত সম্পূৰ্ণ হৈছে । গীত তিনিটাৰ এটা গীতট আচুৰ্য বৰপাত্ৰ, এটা গীতত জয় বৰুৱা আৰু আনটো গীতত বহ্ণিমানে কণ্ঠদান কৰিছে । আনহাতে বৰ্তমান ছবিখনৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত চলি আছে । গুৱাহাটীৰ লগতে মিৰ্জাৰ এখন গাঁৱত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব ।”

শীঘ্ৰেই আহি আছে "Malamal Boyyyz" (Photo : ETV Bharat Assam)
  • ছবিখনৰ নিৰ্মাণৰ পৰিকল্পনা কিমান দিনৰ আছিল আৰু কেতিয়া মুক্তি দিয়া হ'ব ?

“ছবিখনৰ পৰিকল্পনা ২০২৪ বৰ্ষৰ শেষৰ ভাগতে কৰা হৈছিল । আনহাতে চলিত বর্ষৰ জুলাই মাহত ছবিখনৰ মুক্তিৰ পৰিকল্পনা কৰা হৈছে । জুলাইৰ পূৰ্বে সকলো কাম সম্পূৰ্ণ কৰি তোলা হ'ব ।”

আহি আছে এখন নতুন অসমীয়া ছবি (Photo : ETV Bharat Assam)

উল্লেখ্য যে, এই অসমীয়া ছবিখনৰ জৰিয়তে উপস্থাপন কৰা হ’ব এদল যুৱপ্ৰজন্মৰ কাহিনী । চাৰি যুৱকৰ চৰিত্ৰত অভিনয় কৰিব বলিন বৰা, জিণ্টু কুমাৰ কাশ্যপ, নৱজ্যোতি নাথ আৰু উজ্জ্বল ৰাজখোৱাই । আনহাতে অন্যান্য চৰিত্ৰসমূহত থাকিব জুনু নাথ, অতুল পাঁচনি, সিদ্ধাৰ্থ মুখাৰ্জী, দীপক ৰয়, নম্ৰতা দাস, প্ৰণামী ভাৰতী, ৰাজু ৰয়, নৱ নাথ, অতনু কোঁৱৰ লগতে আন বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰী ৷

শীঘ্ৰেই আহি আছে "Malamal Boyyyz" (Photo : ETV Bharat Assam)

এই ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছে মৃণাল ডেকা, জিণ্টু কাশ্যপ আৰু নিশিৰঞ্জন কে মল্লিকাই । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰে । শব্দ-সংমিশ্ৰণ কিংশুক মৰণৰ । সম্পাদনাত আছে হাৰ্দিক কাশ্যপ আৰু সংগীত কৰিছে চিৰন মহন্তই ।

Malamal Boyyyz ৰ দৃশ্যগ্ৰহণ (Photo : ETV Bharat Assam)

মৃণাল ডেকাৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবি আৰু ৱেব ছিৰিজসমূহে ইতিমধ্যে ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । তেখেতৰ পৰিচালনাৰে নিৰ্মিত ‘জুনুকা’ ধাৰাবাহিকখনে ইতিমধ্যে যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । আহিবলগীয়া ছবিখনৰ বাবে এতিয়া আশাবাদী পৰিচালক তথা কলা-কুশলীসকল ।

মৃণাল ডেকাৰ নতুন চিনেমা (Photo : ETV Bharat Assam)
লগতে পঢ়ক :জ্যোতি চিত্ৰবনত সংযোজন হৈছে ছবি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বহুকেইটা নতুন প্ৰকল্প