অসম

assam

ETV Bharat / entertainment

পুনৰ নতুনত্বৰ মাজেৰে হেঙুল হাইতাল বুলাবলৈ আহি আছে হেঙুল থিয়েটাৰ

২০২৫-২৬ নাট্যবৰ্ষৰ বাবে সাজু হৈছে ৰাজ্যৰ আগশাৰীৰ নাট্যগোষ্ঠী হেঙুল । তিনিখন নাটকেৰে ৩৮ সংখ্যক নাট্যবৰ্ষৰ বাবে সাজু হৈছে হেঙুলগোষ্ঠী ।

Hengool Theatre
সাজু হৈছে হেঙুলগোষ্ঠী (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : May 22, 2025 at 1:10 PM IST

গুৱাহাটী: অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ ক্ষেত্ৰখনৰ এক পৰিচিত নাম হৈছে হেঙুল থিয়েটাৰ । প্ৰয়াত প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ যত্নপালিত হেঙুল থিয়েটাৰৰ অব্যাহত আছে জয়যাত্ৰা । অজস্ৰ দৰ্শক⁻শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা হেঙুল থিয়েটাৰে নাট্যমঞ্চত সদায় নতুন চিন্তা, নতুন নাট্যকৰ্ম, নতুন অভিনয় শিল্পীৰ আগমনেৰে অব্যাহত ৰাখিছে চিৰ নতুনত্বৰ আৰাধনা ।

আগন্তুক ২০২৫⁻২৬ নাট্যবৰ্ষৰ বাবে সাজু হৈ উঠিছে হেঙুলগোষ্ঠী । বিগত ৩৭ টা বছৰে অসমৰ ভ্রাম্যমাণ জগতত দপদপাই থকা হেঙুল গোষ্ঠীয়ে ৩৮ সংখ্যক নাট্যবৰ্ষৰ তিনিখন নাটকৰ নাম ইতিমধ্যে প্ৰকাশ কৰিছে সামাজিক মাধ্যমযোগে । তিনিখন নাটকেৰে ৩৮ সংখ্যক নাট্যবৰ্ষৰ বাবে সাজু হৈছে হেঙুলগোষ্ঠী ।

প্ৰয়াত পিতৃ-মাতৃৰ স্মৃতি আজিও সজীৱ কৰি ৰাখিছে 'হেঙুল'ৰ মাজেৰে (ETV Bharat Assam)

আগন্তুক বৰ্ষত হেঙুলৰ মঞ্চত মঞ্চস্থ হ'ব যুৱ নাট্যকাৰ প্ৰণৱ ভৰালীৰ ‘‘ভাইৰেল গান্ধী’’, নাট্যকাৰ প্ৰণৱ বৰুৱাৰ ‘‘পাগল থানা’’ আৰু অভিজিৎ ভট্টাচাৰ্যৰ ‘এচিড’ । ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত হেঙুলৰ প্ৰযোজক সংকল্পজিৎ হাজৰিকাই আগন্তুক বৰ্ষৰ প্ৰস্তুতি সন্দৰ্ভত কিছু কথা প্ৰকাশ কৰে ।

আগন্তুক বর্ষৰ বাবে কেনেদৰে সাজু হৈছে হেঙুলগোষ্ঠী ?

এই সন্দৰ্ভত সংকল্পজিৎ হাজৰিকাই কয়, “এইবাৰো আমি পূৰ্বৰ দৰে তিনিখন নাটকেৰে আগন্তুক নাট্যবর্ষৰ বাবে সাজু হৈছো । ইতিমধ্যে নাটক কেইখনৰ নাম ঘোষণা কৰা হৈছে । সাধাৰণতে আমি জুলাইৰ আৰম্ভণিৰ পৰা আখৰা আৰম্ভ কৰো । এইবাৰো আমি তেনেদৰে জুলাইতে আখৰা কৰিম বুলি ভাবিছো । বৰ্তমান আমাৰ স্ক্ৰীপ্টৰ কাম চলি আছে । লাহেকৈ গান আৰু প্ৰচাৰৰ কামো আৰম্ভ হ'ব ।”

সাজু হৈছে হেঙুলগোষ্ঠী (Photo : ETV Bharat Assam)

বিগত বৰ্ষত নৱ-প্ৰজন্মৰ এদল যুৱক-যুৱতীক লৈ আগবাঢ়িছিল হেঙুল । এইবর্ষতো তেনে কিবা নতুনত্ব থাকিব নেকি ?

এই সন্দৰ্ভত হাজৰিকাই কয়, “প্ৰতিবছৰে আমি কিবা নহয় কিবা নতুন কৰিবলৈ প্ৰয়াস কৰিয়ে থাকো । বিগত বৰ্ষটোত গোটেইবোৰ নৱ-প্ৰজন্মক লৈ আগবাঢ়িছিলো । যিটো দর্শকেও খুব ভাল পালে । এইবাৰো তেনেধৰণে কিছু পৰিকল্পনা কৰি থকা হৈছে ।”

সাজু হৈছে হেঙুলগোষ্ঠী (Photo : ETV Bharat Assam)

উল্লেখনীয় যে এইবাৰৰ নাট্যবৰ্ষত হেঙুল থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব প্ৰসেনজিত বৰা, মহেশ বৰা, অৰুণ বৰা, প্ৰতিশ্ৰুতিসম্পন্ন যুৱ অভিনেতা মঞ্জিল বৰুৱা, অভিনেত্ৰী স্নিগ্ধা গগৈ, ননী দেৱী, দেৱজিত বৰা, ধ্ৰুৱজ্যোতি ঢেকিয়াল ফুকন, জয়ন্ত বৰ্মন, অলকেশ হাজৰিকা, ৰঞ্জিত বৰ্মন আদিকে ধৰি বহু শিল্পীক ৷

সাজু হৈছে হেঙুলগোষ্ঠী (Photo : ETV Bharat Assam)

লগতে নতুনক প্ৰাধান্য দি অহা হেঙুলৰ মঞ্চত আগন্তুক বৰ্ষৰ বাবে অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে নবাগত অভিনেতা ৰোহিত চৌধুৰী আৰু নৱাগতা অংকিতা ৰিয়া কাশ্যপ ।

লগতে পঢ়ক :আৰম্ভ হৈছে নতুন নাট্যবৰ্ষৰ প্ৰস্তুতি, চাওঁ আহক কোন দলৰ তালিকাত কি কি নাটক আছে ?