ETV Bharat / entertainment

আৰম্ভ হৈছে নতুন নাট্যবৰ্ষৰ প্ৰস্তুতি, চাওঁ আহক কোন দলৰ তালিকাত কি কি নাটক আছে ?

২০২৫-২৬ নাট্যবৰ্ষৰ বাবে সাজু হৈছে বহু কেইটা ভ্ৰাম্যমাণ গোষ্ঠী । চুক্তিবদ্ধ হৈছে পূৰ্বে ভ্ৰাম্যমাণৰ মঞ্চত নথকা বহু নতুন অভিনেতা-অভিনেত্ৰী ।

mobile Theater groups in assam gear up for 2025-26 theatrical year
সাজু হৈছে বহু কেইটা ভ্ৰাম্যমাণ গোষ্ঠী (Photo : ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 24, 2024 at 10:50 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যত এতিয়া ভ্ৰাম্যমাণৰ বতৰ । অসমৰ চুকে-কোণে, চহৰে-নগৰে অব্যাহত আছে ভ্ৰাম্যমাণৰ জয়যাত্ৰা । বহু কেইখন হৃদয়স্পৰ্শী নাটকৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে নাট্যদলসমূহ । চলিত বৰ্ষৰ সমান্তৰালকৈ আগন্তুক নাট্যবৰ্ষ অৰ্থাৎ ২০২৫-২৬ নাট্যবৰ্ষৰ বাবে সাজু হৈ উঠিছে প্ৰতিটো ভ্ৰাম্যমাণগোষ্ঠী ।

পূৰ্বৰ ধৰাৰ অক্ষুণ্ণ ৰাখি আগন্তুক বৰ্ষৰ বাবে চুক্তিবদ্ধ হৈছে একো একোগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী । ব্যয়বহুল আয়োজনেৰে থিয়েটাৰ গোষ্ঠীসমূহেও সংযোজিত কৰিছে একোখন নাটক । তিনিখন নাটকেৰে ৩৮ সংখ্যক নাট্যবৰ্ষৰ বাবে সাজু হৈছে হেঙুলগোষ্ঠী । আগন্তুক বৰ্ষত হেঙুলৰ মঞ্চত মঞ্চস্থ হ’ব যুৱ নাট্যকাৰ প্ৰণৱ ভৰালীৰ ‘‘ভাইৰেল গান্ধী’’, নাট্যকাৰ প্ৰণৱ বৰুৱাৰ ‘‘পাগল থানা’’ আৰু অভিজিৎ ভট্টাচাৰ্যৰ ‘এচিড’ ।

Assamese theamobile Theater groups in assam gear up for 2025-26 theatrical yeartre
হেঙুলৰ নাট (Photo : ETV Bharat Assam)

আগন্তুক নাট্যবৰ্ষত হেঙুল থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব প্ৰসেনজিৎ বৰা, মহেশ বৰা, অৰুণ বৰা, প্ৰতিশ্ৰুতিসম্পন্ন যুৱ অভিনেতা মঞ্জিল বৰুৱা, অভিনেত্ৰী স্নিগ্ধা গগৈ, ননী দেৱী, দেৱজিৎ বৰা, ধ্ৰুৱজ্যোতি ঢেকিয়াল ফুকন আৰু জয়ন্ত বৰ্মনক । সমান্তৰালভাৱে সাজু হৈছে থিয়েটাৰ সূৰ্য্য ।

আগন্তুক ২০২৫-২৬ নাট্যবৰ্ষত থিয়েটাৰ সূৰ্যৰ মঞ্চত দেখিবলৈ পাব ট্ৰেজেডি কিং খ্যাত মৃদুল ভূঞা, মোহময়ী অভিনেত্রী সুকন্যা ৰাজগুৰু আৰু সুদৰ্শন অভিনেতা চম্পক মেধিক । সূৰ্যৰ একাদশ নাট্যবৰ্ষত থাকিব অভিজিত ভট্টাচাৰ্যৰ নাট ‘‘মোৰ চকুলোৰে একাপ চাহ’’ ।

mobile Theater groups in assam gear up for 2025-26 theatrical year
হেঙুলৰ নাট (Photo : ETV Bharat Assam)

ইফালে আন আন নাট্যগোষ্ঠীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে ২০২৫-২৬ বৰ্ষত মঞ্চস্থ হ’বলগীয়া একোখনকৈ নাট । আৱাহন থিয়েটাৰৰ আগন্তুক বৰ্ষৰ আন এক বৰ্ণিল আয়োজন অভিজিত ভট্টাচাৰ্যৰ নাটক ‘‘মীনাক্ষিৰ সংগীত সন্ধিয়া’’ । সমান্তৰালভাৱে ইতিহাস থিয়েটাৰত থাকিব অভিজিত ভট্টাচাৰ্যৰ নাটক ‘‘মানুহ নহয়, প্ৰেমিক’’ । ৰাজমুকুট থিয়েটাৰৰ থাকিব অভিজিত ভট্টাচাৰ্যৰ ‘‘মহাভাৰতৰ শেষ অধ্যায়- তেজেৰে লিখা এখন মহাকাব্য’’ ৷

mobile Theater groups in assam gear up for 2025-26 theatrical year
হেঙুলৰ নাট (Photo : ETV Bharat Assam)

বৃন্দাবন থিয়েটাৰত থাকিব ৰাজদ্বীপৰ ‘বিহুৰাণী’ । ২০২৫-২৬ ৰ নাট্যবর্ষৰ বাবে ৰাজধানীৰ থিয়েটাৰ সৈতে চুক্তিবদ্ধ হৈছে অভিনেতা উদয়ন দুৱৰা, অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, নন্দিনী কাশ্যপ, জুনজুন বৰা, ঋষভ শৰ্মা, নয়নজ্যোতি, চম্পক শৰ্মা, পাপৰি বৰা, ভৈৰৱজ্যোতি ভূঞা, মনোজ কাশ্যপ ।

আগন্তুক নাট্যবর্ষত ভ্ৰাম্যমাণৰ মঞ্চত পোন প্ৰথমবাৰৰ বাবে দেখা যাব অভিনেতা উদয়ন দুৱৰাক । লগতে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ ‘‘মণি বৌ’’ খ্যাত অভিনেত্ৰী পাপৰি বৰাও থাকিব । আগন্তুক নাট্যবৰ্ষৰ বাবে এতিয়া এনেদৰেই সাজু হৈছে থিয়েটাৰ গোষ্ঠীসমূহ ।

লগতে পঢ়ক : ৩৮ সংখ্যক নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি আৰম্ভ হেঙুলগোষ্ঠীৰ