অসম

assam

ETV Bharat / entertainment

চিত্ৰশিল্পী শিৱ প্ৰসাদ মাৰাৰ : জীৱন, সৃষ্টি আৰু সংস্কৃতিৰ প্ৰতিফলন

শিৱ প্ৰসাদ মাৰাৰ শিল্প কলাত প্ৰায়ে প্ৰতিফলিত হয় চাহ-জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতিচ্ছবি । শিল্প সাধনাক পেচা হিচাপে লৈ আগবাঢ়ি যোৱা শিৱ প্ৰসাদ মাৰাৰ আছুতীয়া সাক্ষাৎকাৰ-

exclusive interview with artist Siva Prasad Marar
শিৱ প্ৰসাদ মাৰাৰ (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : April 3, 2025 at 1:59 PM IST

গুৱাহাটী :ৰং-তুলিকাৰে নিজ জনগোষ্ঠীৰ সংস্কৃতি, জীৱনধাৰা আৰু ঐতিহ্যক প্ৰতিফলিত কৰা এগৰাকী বিশিষ্ট চিত্ৰ তথা ভাস্কৰ্য শিল্পী শিৱ প্ৰসাদ মাৰাৰ । তেওঁৰ শিল্পত প্ৰকাশ পাই চাহ-জনগোষ্ঠীৰ সংস্কৃতি ৷ দৰাচলতে সকলো শিল্পীৰে শিল্পকলা প্ৰকাশৰ ধৰণ কিছু বেলেগ বেলেগ হয় ।

শিল্পী এগৰাকীয়ে নিজৰ অনুভূতি, তেওঁ কি ভাল পাই সেয়া প্ৰতিফলিত কৰে তেওঁৰ শিল্পত । শিল্পী শিৱ প্ৰসাদ মাৰাৰ শিল্প কলাত প্ৰতিফলিত হোৱা দেখা যায় বাগিচাৰ দৈনন্দিন জীৱন, শ্রমিকসকলৰ কঠিন পৰিশ্ৰম আৰু তেওঁলোকৰ আনন্দ-বেদনাৰ কাহিনী ।

শিৱ প্ৰসাদ মাৰাৰ আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

উল্লেখনীয় কথাটো হ’ল যে ভাস্কৰ্যৰ ক্ষেত্ৰতো আছে তেওঁৰ বিশেষ সু-নাম । ইয়াৰ সমান্তৰালকৈ তেওঁ কবিতা চৰ্চাও কৰে । ছবিৰে প্ৰকাশ কৰিব নোৱাৰা কিছু অনুভূতি কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শিল্পীগৰাকীয়ে জনাই তেওঁৰ শিল্পী যাত্ৰাৰ সন্দৰ্ভত কিছু কথা -

  • শিৱ প্ৰসাদ মাৰাৰ চিত্ৰ যাত্ৰাৰ আৰম্ভণি

১৯৭২ চনৰ ৬ ডিচেম্বৰত বিশ্বনাথ চাৰিআলিৰ খৰাশিমলু গাঁৱত জন্ম হৈছিল শিৱ প্ৰসাদ মাৰাৰৰ । শৈশৱৰ পৰাই তেওঁ চিত্ৰাংকনৰ প্ৰতি গভীৰ আগ্ৰহী আছিল । বিদ্যালয়ত পঢ়ি থকা সময়ৰে পৰা তেওঁ ছবিৰ মাজৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি আহিছে ।

শিৱ প্ৰসাদ মাৰাৰ শিল্প কলা (ETV Bharat Assam)

এই যাত্ৰা সন্দৰ্ভত তেওঁ কয়, “বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰাই ছবি আঁকি আহিছো । ঘৰত দাদায়ো ছবি আঁকিছিল আৰু আমাৰ সংস্কৃতিত ফাকুৱা আৰু দীপাৱলীৰ আগে আগে ঘৰৰ বেৰ-চোতাল আদি মচা হয় আৰু তাত ধুনীয়াকৈ ৰঙেৰে ছবি অংকন কৰা হয় । সেইটো আমাৰ এক পৰম্পৰা আছিল । সেয়াই আৰম্ভণি ৷’’

চিত্ৰশিল্পী শিৱ প্ৰসাদ মাৰাৰ সৃষ্টি (ETV Bharat Assam)

‘‘আনহাতে বিদ্যালয়তো ছবি আঁকিছিলো আৰু তেতিয়াই লগৰ বন্ধু-বান্ধৱীৰ পৰা ছবি অঁকা আৰ্টিষ্ট নামটো পালো । উচ্চতৰ মাধ্যমিকত মই বিজ্ঞান শাখাৰ ছাত্র আছিলো । বিজ্ঞানৰ যিসমূহ ছবি থাকে সেইসমূহো কেতিয়াবা বন্ধু-বান্ধৱীক আঁকি দিছিলো ।’’ শিৱ প্ৰসাদ মাৰাৰে কয় ৷

চিত্ৰশিল্পী শিৱ প্ৰসাদ মাৰাৰ সৃষ্টি (ETV Bharat Assam)

ইয়াৰ লগতে যাত্ৰা আৰম্ভণি সন্দৰ্ভত তেওঁ কয়, “উচ্চতৰ মাধ্যমিকত পঢ়ি থাকোতে তাত খগেন বৰদলৈ বুলি শিল্পী এগৰাকীক লগ পালো । তেখেতে গুৱাহাটী আৰ্ট কলেজৰ পৰা পাছ কৰি গৈ তাত এখন আৰ্ট স্কুল খুলিছিল । তাত চিত্ৰাংকণ প্ৰতিযোগিতা এখনো অনুষ্ঠিত কৰিছিল আৰু তাত মই অংশগ্ৰহণ কৰি দ্বিতীয় স্থান লাভ কৰো ।”

চিত্ৰশিল্পী শিৱ প্ৰসাদ মাৰাৰ সৃষ্টি (ETV Bharat Assam)

সেই প্ৰতিযোগিতাৰ পাছত এদিন তেখেতে মোক মাতি কয়, "তুমি বহুত ধুনীয়া ছবি আঁকা, কিন্তু মই তোমাক দ্বিতীয় স্থানহে দিব লগা হ'ল । কাৰণ তাত কিছুমান ভুল আছে । তুমি আহিবা মোৰ ওচৰত মই তোমাক বিনামূলীয়াকৈ ছবি অঁকাৰ প্ৰশিক্ষণ দিম ৷"

  • শিল্প সাধনাকে পেচা হিচাপে লৈ আগবঢ়াৰ কথা কেনেদৰে মনলৈ আহিল ?

এই সন্দৰ্ভত চিত্ৰশিল্পীগৰাকীয়ে কয়, “ডিগ্ৰী পঢ়ি থাকোতে মোৰ জীৱনলৈ টাৰ্ণিং পইণ্ট এটা আহিল ৷ মই সিদ্ধান্ত ল’লো যে মই প্ৰফেশ্যনেলী আৰ্ট পঢ়িম । সকলো এৰি মই গুৱাহাটী আৰ্ট কলেজত নামভৰ্তি কৰো । তেনেদৰে মই ইয়াকে পেচা হিচাপে লৈ আগবঢ়িলো ।”

চিত্ৰশিল্পী শিৱ প্ৰসাদ মাৰাৰ শিল্প কলা (ETV Bharat Assam)
  • প্ৰতিফলিত হয় চাহ-জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতিচ্ছবি

চাহ জনগোষ্ঠীৰ সংস্কৃতিক বিশ্বদৰবাৰত উপস্থাপন কৰাৰ লক্ষ্যৰে আগবঢ়া শিৱ প্ৰসাদ মাৰাৰ চিত্ৰত প্ৰধানকৈ চাহ-বাগিচাৰ দৈনন্দিন জীৱন, পৰম্পৰাগত নৃত্য-গীত, উৎসৱ আৰু প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য দৃশ্যমান হয় । লগতে, চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা আৰু জীৱন সংগ্ৰামৰ প্ৰতিচ্ছবিও তেওঁৰ কলাত ফুটি উঠা পৰিলক্ষিত হয় ।

চিত্ৰশিল্পী শিৱ প্ৰসাদ মাৰাৰ সৃষ্টি (ETV Bharat Assam)

এই সন্দৰ্ভত তেওঁ কয়, “চাহ-বাগিচাৰ পৰা অহা হেতুকে হয়তো ই মোক বেছিকৈ আকৰ্ষিত কৰে আৰু মই এই বিষয়টোক লৈ খুবেই সংবেদনশীল । চাহ জনগোষ্ঠীৰ যি সংস্কৃতি তাত এটা বেলেগ ৰস পোৱা যায় ৷ আনহাতে তেওঁলোকৰ যিটো জীৱনশৈলী তাতো এটা বেলেগ ৰস পোৱা যায়, যিটো দুখৰো হ'ব পাৰে সুখৰো হ'ব পাৰে । চাহ-বাগিচাৰ নৈসৰ্গিক দৃশ্যসমূহত এটা বেলেগ ধৰণৰ আমেজ আছে । ইয়ে মোক আকৰ্ষণ কৰে ।”

উল্লেখ্য যে, বহু কেইখন একক তথা গ্ৰুপ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি দৰ্শকৰ সমাদৰ লাভ কৰা এইগৰাকী শিল্পীক বিভিন্ন প্ৰতিষ্ঠানে সন্মানিত কৰিছে । ২০১৭ চনত অসম চৰকাৰৰ মুখ্যমন্ত্রীৰ পৰা ‘শ্ৰমিক কল্যাণ দিৱস’ উপলক্ষে সন্মান লাভ কৰিছিল তেওঁ । সেই বছৰতে যোৰহাট জিলা সাহিত্য সভাৰ ‘‘দেওৰাম তাসা স্মৃতি বঁটা’’ লাভ কৰে শিৱ প্ৰসাদ মাৰাৰে ।

শিৱ প্ৰসাদ মাৰাৰ শিল্প কলা (ETV Bharat Assam)

তদুপৰি, প্ৰফুল্ল দাহানুকাৰ আৰ্ট ফাউণ্ডেশ্যনৰ ‘‘নর্থ ইষ্ট গ'ল্ড’’ বঁটাও লাভ কৰে তেওঁ । ২০১৩ চনত কমল কুমাৰী ফাউণ্ডেশ্যনৰ ‘‘অমিত বৰুৱা বঁটা’’ লাভ কৰিছিল তেওঁ ।

২০১২ চনৰ ‘‘২য় সৰ্বভাৰতীয় ডিজিটেল আৰ্ট প্ৰতিযোগিতা’’ আৰু ২০১১ চনৰ ‘‘৮৪তম সৰ্বভাৰতীয় শিল্প প্ৰতিযোগিতা’’টো স্থান লাভ কৰিছিল শিৱ প্ৰসাদ মাৰাৰে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিল্প-সংস্কৃতিৰ বিকাশত তেওঁৰ অৱদান অপৰিসীম । নিজৰ অপূৰ্ব সৃষ্টিৰাজীৰে শিল্পীগৰাকীয়ে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি থাকক, তাকেই কামনা ৷

লগতে পঢ়ক :ছবি-কবিতাৰ মাজতে জীৱনৰ ছন্দ বিচাৰিব জনা শিল্পীগৰাকী