ETV Bharat / entertainment

ছবি-কবিতাৰ মাজতে জীৱনৰ ছন্দ বিচাৰিব জনা শিল্পীগৰাকী

চিত্ৰকলা জগতৰ এক উজ্জ্বল জ্যোতি, বিশিষ্ট চিত্ৰশিল্পী দিলীপ তামুলী । কেনেদৰে আৰম্ভ হৈছিল তেওঁৰ চিত্ৰকলা যাত্ৰা, জানো আহকচোন ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰত -

ETV Bharat exclusive interview with artist Dilip Tamuly
বিশিষ্ট চিত্ৰশিল্পী দিলীপ তামুলী (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 1, 2025 at 6:22 PM IST

|

Updated : March 1, 2025 at 6:35 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: চিত্ৰশিল্পৰ জগতখনত বিগত ৫ দশক ধৰি অবিৰত যাত্ৰা অব্যাহত ৰখা এগৰাকী বিশিষ্ট চিত্ৰশিল্পী । যেতিয়াৰ পৰাই এই কল্পনাৰ পৃথিৱীখনত বিচৰণ কৰিবলৈ শিকিছে, তেতিয়াৰ পৰাই তেওঁ ৰং-তুলিকাৰে আঁকি গৈছে জীৱনৰ ছবি । অসমীয়া চিত্ৰশিল্প জগতৰ অন্যতম প্ৰভাৱশালী তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এই বিশিষ্ট শিল্পীগৰাকী হৈছে দিলীপ তামুলী ।

কলা জগতত নিজস্ব স্থান দখল কৰিবলৈ সক্ষম হোৱা এইগৰাকী বিশিষ্ট শিল্পীয়ে আজিৰ পৰা কেইবাটাও দশক পূৰ্বেই নৰৱে, ডেনমাৰ্ক আৰু লণ্ডনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ দেশ-দেশান্তৰৰ ভিন্ন প্ৰান্ত ভ্ৰমি সৃষ্টিৰ সঁফুৰা মেলা এইগৰাকী বিশিষ্ট শিল্পীয়ে ৮০ দশকতে অসমত আৰম্ভ কৰিছিল ইনষ্টলেশ্যন আৰ্ট ৷ কেৱল ছবি অঁকাই নহয়, তেওঁ গীতো গায়, কবিতা লিখিও ভাল পায় । পৰম্পৰাগত আৰু আধুনিক শিল্পৰ মিশ্ৰণেৰে এক নতুন দিগন্ত মুকলি কৰা এইগৰাকী শিল্পীয়ে নাটক তথা ছবিতো তেওঁৰ সৃষ্টিৰাজিৰে সৌষ্ঠৱ বৃদ্ধি কৰিছে ।

ছবি-কবিতাৰ মাজতে জীৱনৰ ছন্দ বিচাৰিব জনা শিল্পীগৰাকী (ETV Bharat Assam)

দিলীপ তামুলীৰ চিত্ৰকলা যাত্ৰাৰ আৰম্ভণি

প্রতিটো মুহূৰ্ততে সৃষ্টিৰ পৃথিৱীত মগন হৈ থকা এইগৰাকী শিল্পীৰ জন্ম হৈছিল মাজুলীত । শৈশৱৰ পৰা কলাৰ প্ৰতি তেওঁৰ আছিল গভীৰ আকৰ্ষণ । শিক্ষাৰ আৰম্ভণিৰ লগে লগে চিত্ৰশিল্পৰ প্ৰতিও এক বিৰাট অনুৰাগ গঢ়ি উঠিছিল তেওঁৰ । এই সন্দৰ্ভত তেওঁ কয়, "মাজুলীত মামাহঁতৰ ঘৰত থাকোতেই ছবি অঁকাৰ আৰম্ভণি হৈছিল । পৰৱৰ্তী সময়ত দেউতাৰ চাকৰি বদলিৰ বাবে আমি যোৰহাটলৈ আহো । সেই সময়ত আজিৰ দৰে ইমান ৰং-তুলিকা নাছিল বা ছবি অঁকাৰ ইমান সুবিধা নাছিল । বিজ্ঞানৰ যিসমূহ ছবি আছিল সেইসমূহ আঁকিছিলো আৰু তাকে দেখি সকলোৱে প্ৰশংসা কৰিছিল । সেয়াই আছিল আৰম্ভণি । পৰৱৰ্তী সময়ত জে বি কলেজত পঢ়ি থাকোতে মই প্ৰথম ছবি অঁকাৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰো । তাৰ পাছত মই মৰিয়নী কলেজত নামভৰ্তি কৰো । তাত গৈ মই অন্য এটা সাংস্কৃতিক পৰিৱেশ লাভ কৰো । সেয়াই আছিল মোৰ টাৰ্ণিং পইণ্ট ।"

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সান্নিধ্যত আৰম্ভ হৈছিল চিত্ৰ অংকনৰ যাত্ৰা

দিলীপ তামুলীয়ে কয়, "মৰিয়নী কলেজত পঢ়ি থাকোতে সেই সময়ৰ আমাৰ কলেজৰ অধ্যক্ষ ছাৰে নীলপৱন বৰুৱাৰ কথা হয় । তেওঁৰ উপদেশ মৰ্মে মই জজ ফিল্ডৰ ওচৰত থকা অসম চাৰু-কাৰু কলা পৰিষদলৈ আহো । নীলপৱন বৰুৱাৰ সান্নিধ্যত মই ইয়াতে ছবি অঁকা আৰম্ভ কৰিলো । সেই সময়ত মোৰ মামা এগৰাকী চাকৰি সূত্ৰে উত্তৰ গুৱাহাটীত আছিল । মই মামাৰ লগতে থাকিবলৈ ল’লো । তেতিয়াৰ সময়ত আজিৰ দৰে গুৱাহাটীৰ পৰা উত্তৰ-গুৱাহাটীলৈ ফেৰী ইমান চলা নাছিল । সেই সময়ত চাৰি অনা দি হাতনাৱেৰে নদী পাৰ হৈ ইয়ালৈ আহিছিলো ।"

অসমৰ পৰা বিদেশলৈ যাত্ৰা

চিত্ৰৰ প্ৰতি থকা অপাৰ হেঁপাহৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ বাবে তেওঁ কলিকতাৰ বিশ্ব ভাৰতী শান্তিনিকেতন বিশ্ববিদ্যালয়লৈ যায় । তাৰ পৰাই তেওঁ চিত্ৰকলাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । শান্তিনিকেতনৰ পৰা তেওঁ পাঁচ বছৰৰ ডি ফাইন আৰ্টছ আৰু দুবছৰীয়া স্নাতকোত্তৰ প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয় । এইগৰাকী বিশিষ্ট চিত্ৰশিল্পীয়ে ভাৰততে নহয় আন্তঃৰাষ্ট্ৰীয় স্তৰতো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

তামুলীয়ে ৰয়েল ডেনিছ বৃত্তি লাভ কৰি ডেনমাৰ্কৰ কোপেনহেগেনৰ ৰয়েল ডেনিছ একাডেমীত অধ্যয়ন কৰিবলৈ সুবিধা লাভ কৰিছিল । লগতে তেওঁ ব্ৰিটিছ মিউজিয়াম, ট্ৰেড গেলাৰী আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়তো অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে । উল্লেখ্য যে দিলীপ তামুলীয়ে কেৱল চিত্ৰশিল্পী হিচাপেই নিজক সীমাবদ্ধ কৰি ৰখা নাই, তেওঁ শিক্ষক হিচাপেও উল্লেখনীয় অৱদান আগবঢ়াইছে । সুদীৰ্ঘ ২৫ বছৰৰ অধিক সময় ধৰি তেওঁ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়, অসমত শিক্ষকতা কৰি বহু উদীয়মান শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰিছে । বৰ্তমান তেওঁ ড৹ ভূপেন হাজৰিকা ৰিজ'নেল ফিল্ম ইনষ্টিটিউটত চিনেগ্ৰাফী (দৃশ্য পৰিকল্পনা) বিষয়ত জ্যেষ্ঠ প্ৰবক্তা হিচাপে কৰ্মৰত ৷

দিলীপ তামুলীৰ চিত্ৰশিল্পত আধুনিক চিন্তাধাৰাৰ সৈতে অসমৰ পৰম্পৰাগত ক্ষুদ্ৰ চিত্ৰকলাৰ এক অপূৰ্ব মিশ্ৰণ দেখা যায় । বিশেষকৈ, অসমৰ ঐতিহ্যবাহী শিল্পধাৰা তথা বিভিন্ন জনগোষ্ঠীৰ শিল্পধাৰাক আধুনিক দৃষ্টিভংগীৰে উপস্থাপন কৰিবলৈ তেওঁ সদায় যত্ন কৰি আহিছে । বৰ্তমানলৈ প্ৰায় এশৰো অধিক একক প্ৰদৰ্শনী অনুষ্ঠিত কৰা এইগৰাকী শিল্পীয়ে তেওঁৰ শিল্পী জীৱনৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

২০২৩ চনত "ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ সন্মান" লাভ কৰি তেওঁ অসমীয়া চিত্ৰকলাক আন্তঃৰাষ্ট্ৰীয় মঞ্চত গৌৰৱান্বিত কৰে ৷ এইগৰাকী শিল্পীয়ে ২০২৪ চনৰ "প্ৰণৱ বৰুৱা শিল্পী বঁটা"ও লাভ কৰে, যি অসমৰ চিত্ৰশিল্প ক্ষেত্ৰৰ অন্যতম সৰ্বোচ্চ সন্মান । দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশীৰো বহু আৰ্ট গেলেৰীত আছে শিল্পীগৰাকীৰ সৃষ্টিৰাজি ।

লগতে পঢ়ক : জেংবিহু কোনে প্ৰথমবাৰৰ বাবে মঞ্চত পৰিৱেশন কৰিছিল ?

Last Updated : March 1, 2025 at 6:35 PM IST