দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত মন পছন্দৰ কামটোলৈ উভতিছে যতীন বৰা
দীৰ্ঘদিন বিৰতিৰ মূৰত এইবর্ষত ভ্ৰাম্যমাণৰ মঞ্চত অভিনেতা যতীন বৰা । আগন্তুক নাট্যবর্ষতো পুনৰ ভ্ৰাম্যমাণৰ মঞ্চত দেখিবলৈ পোৱা যাব অভিনেতাগৰাকীক ।
By ETV Bharat Entertainment Team
Published : October 30, 2024 at 3:24 PM IST
গুৱাহাটী :অসমীয়া ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা যতীন বৰা । ১৯৮৯ চনত বিশিষ্ট পৰিচালক আব্দুল মজিদ পৰিচালিত ছবি ‘উত্তৰকাল’ৰ যোগেদি অসমীয়া ছবিজগত খোজ পেলোৱা অভিনেতাগৰাকীয়ে বৰ্তমান সময়লৈ প্ৰায় ৪৫ খনতকৈয়ো অধিক অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।
অভিনেতাগৰাকীয়ে অভিনয় কৰা কেইখনমান জনপ্ৰিয় ছবি হৈছে হিয়া দিয়া নিয়া, কন্যাদান, দাগ, নায়ক, কইনা মোৰ ধুনীয়া, মিঠা মিঠা লগণত, জুমন-সুমন, কাদম্বৰী, সুৰেন চোৰৰ পুতেক ইত্যাদি ।
যতীন বৰা সুদক্ষ অভিনেতাৰ লগতে এগৰাকী সু-পৰিচালকো । শেহতীয়াকৈ তেওঁ পৰিচালনা কৰা দুখন ছবি ৰত্নাকৰ আৰু ৰাঘৱে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰোপৰি বৰাই ৰূপালী পৰ্দাৰ সমান্তৰালকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো আকৰ্ষণীয় অভিনয়েৰে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছে ।
চলিতবর্ষৰ নাট্যযাত্ৰা সন্দৰ্ভত যতীন বৰাৰ মন্তব্য
সুদীৰ্ঘ ৬ টা বছৰৰ অপেক্ষাৰ অন্তত চলিত নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা গৈছে অভিনেতা যতীন বৰাক । ইতিহাস থিয়েটাৰৰ এইবর্ষৰ তিনিখন নাটকত অভিনয় কৰি চৰ্চা লাভ কৰিছে যতীন বৰাই ৷ অভিজিৎ ভট্টাচাৰ্যৰ তিনিখনকৈ নাট ক্ৰমে ‘জুয়ে পোৰা মানুহ’, ‘মহাৰাজ’ আৰু ‘মহাবীৰ লাচিত’ত যতীন বৰাৰ অভিনয়ে দৰ্শকৰ মন মুহিছে ।
দীৰ্ঘদিনৰ বিৰতিৰ পাছত প্রিয় অভিনেতাগৰাকীক ওচৰৰ পৰা চাবলৈ প্ৰতিটো দৰ্শনীতে ভিৰ কৰিছে দৰ্শকে । এই সন্দৰ্ভত অভিনেতা গৰাকীয়ে কয়, “দৰ্শকৰ সঁহাৰি যথেষ্ট ভাল । বিশেষকৈ ‘মহাৰাজ’ আৰু ‘মহাবীৰ লাচিত’ এই দুয়োখন নাট দৰ্শকে যথেষ্ট ভাল পাইছে ।”
আগন্তুক নাট্যবর্ষত কি পৰিকল্পনা অভিনেতাগৰাকীৰ ?
এই সন্দৰ্ভত অভিনেতা গৰাকীয়ে জনাই, “ভ্ৰাম্যমাণত থাকিম কিন্তু তাৰ আগতে মোৰ কেইখনমান ছবিৰ কাম আছে ।”
লগতে পঢ়ক :২৪ ডিচেম্বৰত আহি আছে নতুন ৱেব ছিৰিজ ‘স্কেম ২০১৯’
চাৰ্কাছ বেলেগ, ভ্ৰাম্যমাণ বেলেগ : যতীন বৰা - bhramyaman theatre controversy